অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহৌষধি গিলয়

মহৌষধি গিলয়ৰ বিষয়ে লিখা হৈছে ।

গিলয় । এবিধ প্ৰাকৃতিক ঔষধি লতাজাতীয় গছ । ইয়াৰ বৈজ্ঞানিক নাম টিনোছপ’ৰা কৰ্ডিফ’লিয়া । স্বাস্থ্যৰ বাবে উপকাৰী, পুষ্টিকৰ আৰু স্বাস্থ্য অটুট ৰাখিব পৰা ই এবিধ অতি উত্তম প্ৰাকৃতিক ঔষধি উদ্ভিদ । এই গিলয় স্বাস্থ্যজনিত বিভিন্ন সমস্যা প্ৰতিকাৰ কৰিব পৰা ক্ষমতাযুক্ত উদ্ভিদ । আমাৰ শৰীৰৰ বিভিন্ন অংগ নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাত গিলয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে । বিভিন্ন ঔষধিজাত তেলৰ লগত গিলয়ৰ মিশ্ৰণ তৈয়াৰ কৰি লগালে বিষৰ ফলত শৰীৰত সৃষ্টি হোৱা গাউট এই গিলয়ে উপশম কৰে । অকল গাউটে নহয়, গিলয়ৰ লগত ঘি আৰু আদাৰ মিশ্ৰণ আৰ্থ্ৰাইটিছ ৰোগীয়ে শৰীৰত ভালদৰে লেপন হিচাপে ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা যথেষ্ট আৰোগ্য লাভ কৰিব পাৰি । তেনেদৰে লিভাৰ আৰু চৰ্মৰোগত গিলয় ব্যৱহাৰ কৰিও এই ৰোগৰ পৰা উপশম পাব পাৰি । নিয়মিত গিলয় সেৱন কৰিলে মানুহৰ হজম শক্তি বৃদ্ধি পোৱাৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় । ইয়াৰ ফলত কোষ্ঠকাঠিন্য ৰোগ দূৰ হয় । ডায়েবেটিছ ৰোগীৰ বাবেও গিলয় এবিধ অতি উপকাৰী দ্ৰব্য । তদুপৰি হাপানী আৰু চকুৰ দৃষ্টিশক্তি অটুট ৰখাৰ ক্ষেত্ৰতো গিলয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । গিলয়ৰ ৰস সেৱন কৰিলে চকুৰ বিসংগতি ভালেখিনি দূৰ হয় ।

প্ৰাকৃতিকভাৱে গুণগত মানৰ দিশৰ পৰা আয়ুৰ্বিজ্ঞানত গিলয়ৰ ভূমিকা অপৰিসীম । সেইবাবে ইয়াক প্ৰাকৃতিক ঔষধি গুণৰ ভঁৰাল বুলি ক’ব পাৰি । বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে বহু শতিকা পূৰ্বৰ পৰা গিলয়ৰ ৰস তথা অন্যান্য দ্ৰব্যসমূহ আয়ুৰ্বিজ্ঞানত ব্যৱহৃত হৈ আহিছে । প্ৰায়বোৰ বেমাৰত ঔষধ হিচাপে গিলয় ব্যৱহাৰ কৰাৰ বহু তথ্য আয়ুৰ্বিজ্ঞানত পোৱা গৈছে । অতি কমসংখ্যক ৰোগহে ইয়াৰ দ্বাৰা আৰোগ্য লাভ কৰিব পৰা নাযায় বুলি বহু আয়ুৰ্বেদ বিশেষজ্ঞই ক’ব খোজে ।

স্বাস্থ্যৰ বাবে গিলয়ৰ কেইটামান উপকাৰিতা -

পুষ্টিকৰ খাদ্য হিচাপে গিলয় :- ঔষধি আৰু খাদ্যদ্ৰব্যৰ গুণাগুণৰ ফালৰ পৰা গিলয় এক অনন্য প্ৰাকৃতিক সম্পদ । খাদ্যদ্ৰব্য হিচাপে ইয়াৰ গুণাগুণ অতি উচ্চ । গিলয়ত কাৰ্বোহাইড্ৰেট , ষ্টেৰইড, ফ্লেভোনইডছ, লিগনাণ্ট আদি বহু ৰাসায়নিক উপাদান থাকে । উচ্চ গুণগত মানৰ উপাদানবিশিষ্ট হোৱা বাবে বহু প্ৰাকৃতিক, আয়ুৰ্বেদিক আৰু আধুনিক ঔষধ প্ৰস্তুত প্ৰণালীত গিলয়ক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ।

ৰোগ প্ৰতিৰোধী হিচাপে :-

গিলয়ৰ প্ৰথম আৰু প্ৰধান উপকাৰিতা হ’ল ই মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । গিলয় সেৱনৰ দ্বাৰা পুনৰ যৌৱনপ্ৰাপ্ত হ’ব পাৰি বুলি কোৱা হয় । ইয়াত নিহিত থকা এণ্টিঅক্সিডেণ্ট আৰু ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা উপাদানবোৰে আমাক সুস্থ কৰি ৰখাৰ লগতে আমাৰ শাৰীৰিক বিকাশত অৰিহণা যোগায় । গিলয়ে আমাৰ শৰীৰৰ টক্সিনজাতীয় বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে । শৰীৰৰ দূষিত পদাৰ্থভাগ কিডনী আৰু লিভাৰৰ জৰিয়তে বাহিৰ কৰি আমাৰ শৰীৰক সুস্থ কৰি ৰাখে । গিলয়ৰ ৰস তথা ইয়াৰ পৰা প্ৰস্তুত কৰা ঔষধি দ্ৰব্যই আমাৰ শৰীৰত প্ৰৱেশ কৰা বিভিন্ন বেক্টেৰিয়া নাশ কৰি আমাৰ শৰীৰৰ লিভাৰ, কিডনী, মূত্ৰতন্ত্ৰ আদি অংগবোৰ ৰোগমুক্ত কৰি ৰাখে ।

ক্ৰ’নিক জ্বৰ উপশম কৰে :-

শৰীৰৰ ক্ৰ’নিক জ্বৰ নাইকিয়া কৰাৰ ক্ষেত্ৰত গিলয়ৰ গুৰুত্বপূৰ্ণ অৱদান আছে । মেলেৰিয়া, ডেংগু জ্বৰৰ বিৰুদ্ধেও ই কাম কৰে । ডেংগু জ্বৰত আক্ৰান্ত ৰোগীক গিলয়ৰ ৰস পান কৰালে ই তেজত প্ৰৱেশ কৰা ডেংগু জ্বৰৰ বীজাণু নাশ কৰি তেজত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰে ।

হজম শক্তি বঢ়ায় :-

আমাৰ পাচন প্ৰক্ৰিয়া সক্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত গিলয়ে এক মুখ্য ভূমিকা পালন কৰে । আজিকালি বজাৰত পোৱা বিভিন্ন ভেজাল খাদ্য  সেৱনৰ ফলত আমি সততে অজীৰ্ণ, বদহজমী আদি সমস্যাত ভোগো, যাৰ ফলত আমি সততে বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰো । গিলয় সেৱন কৰিলে এনে বহু সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰো । অৰ্শৰোগীৰ বাবেও ই অতি উপকাৰী দ্ৰব্য ।

ডায়েবেটিছ প্ৰতিষেধক হিচাপে :-

ডায়েবেটিছ ৰোগ, বিশেষকৈ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে গিলয় এক মহৌষধ । ডায়েবেটিছ ৰোগীৰ ছুগাৰৰ লেভেল নিম্ন পৰ্যায়ত ৰখাত গিলয়ে ক্ষিপ্ৰ গতিত কাম কৰে । সেইবাবে টাইপ-২ ডায়েবেটিছ ৰোগীয়ে নিয়মিত গিলয়ৰ ৰস খালে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । যিহেতু বিশ্বৰ ভিতৰত ভাৰততে ডায়েবেটিছ ৰোগীৰ সংখ্যা সৰ্বাধিক, এনে অৱস্থাত নিয়মিত গিলয়ৰ ৰস সেৱন কৰি এই জীৱনশৈলী ৰোগবিধ নিয়ন্ত্ৰণত ৰাখি আমি এই সংখ্যা বৃদ্ধিত বাধা দিব পাৰো ।

হাপানী ৰোগত :-

ডায়েবেটিছৰ দৰে হাপানীও মানৱ জাতিৰ বাবে এক বিপজ্জনক ৰোগ । বহু চিকিৎসাৰ বিনিময়তহে এই ৰোগৰ পৰা উপশম পাব পাৰি । এই ৰোগত আক্ৰান্তসকলে শ্বাস-প্ৰশ্বাস ভালদৰে ল’ব নোৱাৰাৰ ফলত নানা কষ্ট ভুগিবলগীয়া হয় । গিলয় সেৱনৰ দ্বাৰা এই হাপানী ৰোগ বহুখিনি নিৰাময় কৰিব পৰা যায় বুলি বিশেষজ্ঞসকলে কয় ।

মানসিক শক্তিবৰ্ধক হিচাপে :-

মানুহৰ হতাশা, মানসিক অৱসাদ, ষ্ট্ৰেছ আদি ৰোধ কৰাৰ ক্ষেত্ৰত গিলয় এক উৎকৃষ্ট প্ৰাকৃতিক ঔষধ । গিলয় সেৱনৰ ফলত মগজু সক্ৰিয় হোৱাৰ উপৰি ই আমাৰ স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে । যাৰ ফলত আমাৰ মনোযোগ আৰু কৰ্মশক্তি বৃদ্ধিত ই ইন্ধন হিচাপে কাম কৰে । সেইবাবে ইয়াক স্বাস্থ্যৰ বাবে সৰ্বোৎকৃষ্ট টনিক বুলি কোৱা হয় ।

চকুৰ বাবে উপকাৰী :-

চকুৰ দৃষ্টিশক্তিৰ বাবে গিলয় এক অত্যাৱশ্যকীয় পথ্য । ই আমাৰ চকুৰ নানা সমস্যা সমাধান কৰে । গিলয় ব্যৱহাৰ কৰিলে আমাৰ দৃষ্টিশক্তি বৃদ্ধি পায় । চকুৰে আমি দেখা বস্তুবিলাক অধিক পৰিষ্কাৰকৈ দেখা পাওঁ । ই চকুৰ দৃষ্টিশক্তি বঢ়াই চকুৰ সক্ষমতা বৃদ্ধি কৰে । ভাৰতবৰ্ষৰ কোনো কোনো প্ৰান্তৰ মানুহে নিয়মীয়াকৈ চকুত গিলয় ব্যৱহাৰ কৰে । কোনো কোনোৱে গৰম পানীত গিলয় উতলাই তাৰ পিছত সেই গিলয় পানী চকুত ব্যৱহাৰ কৰে । এনে কাৰ্য চকুৰ বাবে প্ৰচুৰ লাভদায়ক বুলি বিশেষজ্ঞসকলে দাবী কৰে ।

যৌনশক্তিবৰ্ধক হিচাপে :-

গিলয় সেৱনৰ ফলত আমাৰ যৌনস্পৃহা বৃদ্ধি পায় । যৌনজীৱন অটুট ৰখাৰ ক্ষেত্ৰত গিলয়ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । দুৰ্বল যৌনশক্তিৰ লোকে যদি নিয়মিত গিলয় সেৱন কৰে, তেনেহ’লে তেনে লোকৰ যৌনস্পৃহা ক্ষিপ্ৰ গতিত বৃদ্ধি পায় । ফলস্বৰুপে গিলয়ে আমাৰ যৌনজীৱন মধুৰ কৰি ৰখাৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ।

ছাল নিমজ কৰি ৰাখে :-

ছাল নিমজ কৰি ৰাখিবলৈ গিলয় ব্যৱহাৰ কৰিব লাগে । গিলয় ব্যৱহাৰ কৰিলে ছালত দেখা দিয়া শালমইনা, ছালৰ বিভিন্ন দাগ আদি আঁতৰ হয় । গিলয় ব্যৱহাৰ কৰিলে ছালৰ সমস্যা আঁতৰাই ছালখনৰ মসৃণতা বৃদ্ধি কৰি আমাক সতেজ আৰু সুন্দৰ কৰি ৰাখে ।

গিলয়ৰ স্বাস্থ্য উপকাৰিতা :-

ৰোগ প্ৰতিৰোধী

ক্ৰ’নিক জ্বৰনাশক

হজম শক্তি বঢ়ায়

ডায়েবেটিছত ফলদায়ক

হাপানী প্ৰতিৰোধী

গাউট প্ৰতিৰোধী

দৃষ্টিশক্তি বৰ্ধক

হতাশা, ষ্ট্ৰেছ দূৰ কৰে

যৌনস্পৃহা বৰ্ধক

বৰ্জিত দ্ৰব্য বাহিৰ কৰে

 

লেখক :- জীৱন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

শীতকালত কফৰ প্ৰভাৱ আৰু শিশুৰ স্বাস্থ্যৰ যতন -

শিশু এটাক লালন-পালন কৰাটো অত্যন্ত কঠিন কাম। এয়া কৰোতাজনেহে বুজি পায়।শীতকালত সকলোৰে পিত্ত কম হৈ থাকে, বাত অলপ বৃদ্ধি হৈ থাকে আৰু  কফ  আটাইতকৈ বেছি হৈ থাকে।আনহাতে শিশুসকল কফৰ প্ৰভাৱত থাকে, তাতে আকৌ শীতকালত কফৰ প্ৰভাৱ এনেয়ে অধিক। গতিকে,অন্য দিনৰ তুলনাত শীতকালত শিশুৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো জৰুৰী।

কফৰ প্ৰভাৱত থকা বাবে শিশুসকলৰ কল্পনাশীলতা বহু উচ্চ হয়। সেইকাৰণে, শিশুৰ ওপৰত সাধুকথাৰ প্ৰভাৱ বেছি। এই কল্পনাশীলতাৰ বাবেই শিশুৱে প্ৰশ্ন বেছিকৈ সোধে। এইটো মানে কি, এইটো কিয় হয়, এইটো কিয় এনেকুৱা ইত্যাদি ইত্যাদি। আমি শিশুৱে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সদায় সঠিকভাৱে আৰু শুদ্ধকৈ দিব চেষ্টা কৰিব লাগে।

কফ অত্যধিক অসন্তুলিত হলে বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত শিশুসকলৰ সঘনাই চৰ্দি-কাহ হয়, খং বেছি হয়,কথা নমনা হয়, মন অস্থিৰ হৈ থাকে,পঢ়াত অমনোযোগী হয় । আয়ুৰ্বেদ মতে, অত্যধিক কফ অসন্তুলিত হোৱাৰ বাবে মন নিয়ন্ত্ৰিত নহয়,যাৰ ফলত শিশুৰ অপৰাধপ্ৰৱণতা বৃদ্ধি হব পাৰে।

শিশুসকলৰ কফ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নিয়ম -

  • শিশুক নিতৌ বিশুদ্ধ সৰিয়হ তেলেৰে মালিচ কৰিব লাগে। মালিচ সদায় স্নানৰ কিছুসময় আগতে কৰিব লাগে। শীতকালত কপালত বা কাষলতিৰ তলত ঘামৰ টোপাল ওলোৱালৈকে মালিচ কৰিব লাগে।ঘাম দেখাৰ লগে লগে মালিচ শেষ কৰিব লাগে।শিশুক অত্যন্ত লাহে লাহে তেলেৰে মূৰ মালিচ কৰাও জৰুৰী।ইয়াৰ ফলত নোমছিদ্ৰৰ মাজেৰে তেল শৰীৰত প্ৰৱেশ কৰি কফ নিয়ন্ত্ৰণ কৰিব,কাৰণ তেল কফনাশক। শিশুৰ কাণত ও তেল লগাব লাগে।
  • শিশুক অধিক টোপনিৰ দৰকাৰ।অধিক টোপনিৰ ফলত কফ নিয়ন্ত্ৰণত থাকে। টোপনিৰ পৰা উঠাৰ পিছত কফ সুস্থিৰ অৱস্থাত থাকে আৰু এইখিনি সময়েই শিশুৰ পঢ়া-শুনাৰ বাবে উত্তম।
  • শিশুক যিমান পাৰে সাধুকথা কওক। সাধুকথা শুনিলে শিশুৰ কল্পনাশীলতা বৃদ্ধি হয়। বহুতে শিশুসকলক নিয়ন্ত্ৰণ কৰিবলৈ গৈ নিজৰে নিয়ন্ত্ৰণ হেৰুৱাই শিশুক মাৰধৰ বা গালি-শপনি কৰা দেখা যায়। শিশুৰ মন নিয়ন্ত্ৰণ আৰু শান্ত কৰিবলৈ দীঘলীয়া সাধুকথা কোৱাৰ অভ্যাস কৰক।
  • খোৱা খাদ্যৰ লগত গাখীৰ, গুড়, তিল , ঘিউ আৰু তেল থকাটো অতি প্ৰয়োজনীয়। কফ অনিয়ন্ত্ৰিত হলে শৰীৰত ফচফৰাছ কমি যায়। গুড়ত ফচফৰাছ থাকে বাবে শিশুক নিয়মিতভাৱে গুড় খুৱাব লাগে।
  • কফৰ প্ৰভাৱত থকা শিশুসকলক চাবোনৰ সলনি গাখীৰ আৰু বেচনেৰে গা-ধোৱা অভ্যাস কৰাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

নিচাযুক্ত দ্ৰব্যসেৱনৰ বদঅভ্যাস এৰাৰ সহজ উপায়-

আমি জীয়াই থাকিবলৈ বিভিন্ন আহাৰ খোৱাৰ লগতে এনে কিছুমান দ্ৰব্য ব্যৱহাৰ কৰো যিবোৰ সঘন অভ্যাস বশতঃ এৰাব নোৱাৰা নিচাত পৰিনত হয়গৈ । যেনে: তামোল, গুদখা,জৰ্দা বা মিঠা পান,চিগাৰেত,চাধা,বিড়ি,তম্বাকু,ভাং , মদ ,দ্ৰাগ্ চ ইত্যাদি ইত্যাদি । এইবোৰৰ পৰা শৰীৰৰ কি লাভ হয় নাজানো , কিন্তু ইয়াৰ পৰা হব পৰা ক্ষতি অলেখ বুলি জানিও মনত দৃঢ়ভাবে হৈ উঠা অভ্যাস এৰাব নোৱাৰা হয়গৈ । এনে উত্তেজক নিচাদ্ৰব্যৰ কুপ্ৰভাৱত বহুতো অঘতন হোৱাৰ লগতে একোখন ঘৰ ,সমাজ ধংস হোৱাও দেখা যায় । নানা ধৰনৰ কাজিয়া ,দুৰ্ঘটনা ,পতি পত্নীৰ অমিল, বিচ্ছেদ, ভাই ভাগী চুবুৰীয়াৰ লগত মাৰামাৰি কটাকতি ইত্যাদি বেচিভাগ ঘটনা নিচা দ্ৰব্য সেবনৰ ফলতেই হোৱা দেখা যায়।
যি নিচাই নহওক , ইয়াৰ সঘন সেৱনেৰে মনতো এনে  অভ্যাসৰ হৈ পৰিলে পিছলৈ এৰাটো জটিল হৈ পৰে  
কুঅভ্যাসক মনৰ দাস কৰি লওক:-
১নং সৰল উপায়:- আপুনি যদি যিকোনো নিচাদ্ৰব্য --চাধা, বিড়ি, পান ,ভাং ,মদ আদি সেৱনৰ পৰা নিজৰ বা দহৰ ক্ষতি হোৱাতো উপলব্ধি কৰিছে বা সচাকৈ স্বইচ্ছাই এৰিব খুজিছে কিন্ত এৰিব পৰা নাই : তেন্তে জানিব আপুনি অভ্যাসৰ দাস হৈ পৰিছে '। দিনটোৰ কোনো এক নিৰ্জন পৰিৱেশত ভালদৰে বহি লব ।( সুখাসন ,পদ্মাসন বা যিকোনো আসনত বহিব) এইবাৰ চকু মুদি আধ্যাত্মিক আৰু সংকল্পভাৱত সো-নাক বন্ধ কৰি অকল বাওঁনাকেৰে গহীন গম্ভীৰকৈ উশাহ নিশাহ লওক।এইদৰে কিছুসময়কৈ দিনত দুবাৰ কৰিব । এই প্ৰাণায়ামটো কৰাৰ ফলত চন্দ্ৰনাড়ী সক্ৰীয় হৈ কুঅভ্যাস মনৰ অধীন হব । কিছুদিনৰ পিচত দেখিব কুঅভ্যাস নিজে নিজেই আতৰি যাব ।
২নং সৰল উপায়:----কিছু আদা সৰু সৰুকৈ টুকুৰা কৰক । আন্দাজমতে ক'লা নিমখ মিহলাব।তাৰ পিচত কিছু নেমুৰস মিহলাই ভালকৈ ৰ'দত শুকাই লব । এনেকৈ শুকোৱা আদা নিজৰ লগত ৰাখিব আৰু সময়ে সময়ে বা যেতিয়াই তামোল চাধা গোদখা ভাং মদ খাবলৈ মন যায় ১/২টুকুৰা আদা মুখত লব আৰু নোচোবোৱাকৈ অধিক সময়ৰ বাবে ৰাখিব । এনেকৈ কিছুদিন কৰিলে কুঅভ্যাসৰ আসক্তি নিজে নিজেই কমি যাব ।

কুঅভ্যাস এৰিব নোৱাৰাৰ কাৰন -

আমাৰ শৰীৰ সুচাৰুকৈ চলিবলৈ বিভিন্ন পৌস্তিক খনিজ পদাৰ্থৰ লগতে চালফাৰ নামৰ পদাৰ্থৰো আৱশ্যক । ইয়াক আমি আহাৰৰ পৰাই পাও । কিন্তু কোনো নিচাজাতীয় দ্ৰব্য সঘনাই খোৱাৰ ফলত দেহত চালফাৰ আহৰন ক্ষমতা কমি যায় -যাৰ ফলত তেজত হৰমোনৰ ক্ৰীয়া কমি যায় আৰু বাৰে বাৰে নিচাদ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িবলৈ ধৰে । এনে হয় যেন সেইবিধ দ্ৰব্য খাবলৈ নাপালে সকলো অসাৰ । কোনো কামত মন নবহে । ওপৰত উল্লেখিত ধৰনে আদা মুখত লৈ থাকিলে দেহত কমি যোৱা চালফাৰৰ অভাৱ দুৰ হয় ,হজম শক্তি বাঢ়ে, আৰু তেজত হৰমোনৰ ক্ৰীয়া সথিক হৈ নিচা আসক্তি কমিবলৈ ধৰে ।
৩নং সৰল উপায়:--- কিছুমান লোকে কোনোপধ্যে নিচা এৰিব নোখোজে । তেওলোকে হয়তো ওপৰৰ কোনোটো দিহা নলব ,আনহাতে পৰিয়াল বা সমাজে এৰুৱাব বিচাৰে ; তেনে ক্ষেত্ৰত হোমিওপেথিক দোকানত " চালফাৰ ২০০ " নামৰ এবিধ পনীয়া দৰৱ পাব । তাৰে এক টোপ দৰৱ ৰাতিপুৱা খালিপেটত পানীৰ লগত তিনি বা চাৰিদিন খুৱাব । স্বইচ্ছাই এৰাব বিছাৰিলে ৰতিপুৱা খালিপেটত এটোপ ঔষধ জিভাত দি ৩/৪ দিন খাব । অত্যধিক নিচাসক্ত লোক বা যেতিয়াই তেতিয়াই নিচা সেৱন কৰা লোকৰ বাবে চালফাৰ1000 দৰৱ প্ৰতিসপ্তাহত এটোপকৈ ৰাতিপুৱা খালিপেটত পানীত মিহলাই কিচুসপ্তাহ খুৱাব । (হোমিও দৰৱ খোৱাত পাৰ্শক্ৰীয়াৰ আশংকা নাই, কেৱল অধিক মাত্ৰাত নাখাব )

লেখক :- যতীন দাস

নিদ্ৰাদেৱীৰ বিষয়ে কিছু কথা-

"Each night, when I go to sleep, I die. And the next morning, when I wake up, I am reborn." - Mahatma Gandhi

অন্যতম আয়ুৰ্বেদ শাস্ত্ৰ চৰক সংহিতাৰ মতে নিদ্ৰা বা টোপনিৰ সংজ্ঞা এনেধৰণৰ -
যেতিয়া মানুহৰ দেহ- মন ক্লান্ত হৈ পৰে তেতিয়া সকলো ইন্দ্ৰিয়ই ইয়াৰ কৰ্ম্মসমূহৰ পৰা নিজকে আঁতৰাই আনে আৰু তেতিয়াই মানুহ টোপনিত পৰে | তমঃ গুণৰ আধিক্যৰ বাবে টোপনিৰ উদ্ভৱ হয় বুলি মহৰ্ষি চৰকে উল্লেখ কৰিছে |
টোপনিৰ প্ৰভাৱসমূহ - সুখ, দুখ, পুষ্টি, অপুষ্টি, বল, দুৰ্বলতা, যৌনশক্তি, নপুংসকতা, জ্ঞান, অজ্ঞানতা, জীৱন আৰু মৃত্যু এই সকলোবোৰ সঠিক মাত্ৰা আৰু কম মাত্ৰাত নিদ্ৰা গ্ৰহণৰ প্ৰভাৱ বুলি আচাৰ্য চৰকে কৈছে |অৰ্থাৎ সঠিক মাত্ৰাত নিদ্ৰা গ্ৰহণে মানুহক সুখ, পুষ্টি, বল, যৌনশক্তি, জ্ঞান, জীৱন প্ৰদান কৰে আৰু কম মাত্ৰাৰ নিদ্ৰাই মানুহক দুখ, অপুষ্টি, দুৰ্বলতা, নপুসংকতা, অজ্ঞানতা, মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে |
দিনত শোৱাৰ নিৰ্দেশ -
আচাৰ্য চৰকে কিছুমান মানুহৰ বাবে দিবানিদ্ৰা সদায়েই গ্ৰহণ কৰাৰ অনুমতি দিছে | যিয়ে অত্যাধিক গানৰ ৰেৱাজ কৰে, অধ্যয়ন কৰে, মদ্যপান কৰে, শোধন কৰ্ম্ম কৰে, অত্যাধিক বোজা কঢ়িয়ায়, বহুদূৰ খোজকাঢ়ে, যিয়ে অজীৰ্ণ বা বদহজমত ভুগি আছে, তৃষ্ণাতুৰ, ডায়েৰিয়া, বিষ, শ্বাস প্ৰশ্বাসৰ ৰোগ, হিকটি হৈ থকা, অতিক্ষীণ, দুৰ্বল, বৃদ্ধ, শিশু, মানসিক ৰোগী, দূৰ ভ্ৰমণৰ দ্বাৰা ক্লান্ত, আৰু যি দিবানিদ্ৰাৰ দ্বাৰা অভ্যস্ত | দিবানিদ্ৰা গ্ৰহণৰ দ্বাৰা আমাৰ শৰীৰৰ ধাতু সমূহ অৰ্থাৎ শাৰীৰিক উপাদানসমূহ সাম্য আৰু স্বাভাৱিক অৱস্থাত থাকে আৰু শাৰীৰিক শক্তি বৃদ্ধি হয় | ইয়াৰ লগতে কফ বৃদ্ধি হয় যিয়ে সকলো অংগ প্ৰত্যংগ আৰু ইন্দ্ৰিয় সমূহক পুষ্টিৰ যোগান ধৰে | গ্ৰীষ্ম ঋতুত ৰাতি চুটি হয় আৰু শৰীৰৰ জুলীয়া অংশৰ শোষণ হোৱাৰ বাবে বাত প্ৰকোপিত হয় | সেইবাবে বাত কমাবলৈ আৰু কফ বঢ়াবলৈ দিবানিদ্ৰা সকলোৰে বাবে গ্ৰীষ্ম ঋতুত উপকাৰী বুলি মহৰ্ষি চৰকে কৈছে |
দিবানিদ্ৰা নিষেধ -
নিম্নোক্ত অৱস্থাসমূহত মহৰ্ষি চৰকে দিবানিদ্ৰা বৰ্জনীয় বুলি উল্লেখ কৰিছে -
যিবোৰ মানুহ অত্যাধিক শকত আৰু মেদবহুল, যিয়ে যথেষ্ট পৰিমাণে চৰ্বিজাতীয় খাদ্য সেৱন কৰে, যিয়ে খাদ্য বিষক্ৰিয়াত আক্ৰান্ত, যিয়ে দিবানিদ্ৰাৰ দ্বাৰা অভ্যস্ত নহয় | উপৰোক্ত অৱস্থাসমূহত দিবানিদ্ৰা গ্ৰহণ কৰিলে - মূৰৰ বিষ, জণ্ডিচ, শৰীৰৰ গধুৰতা, আলস্য, বদহজম, গাৰ বিষ, অৰুচি, চৰ্দি কাহ আদি বেমাৰে আক্ৰমণ কৰিব পাৰে বুলি চৰকে সকীয়াই দিছে ।
সুখনিদ্ৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ-
যদি যিকোনো কাৰণৰ বাবে কোনো ব্যক্তিৰ সঠিক মাত্ৰাত নিদ্ৰাৰ অভাৱ ঘটিছে অথবা অনিদ্ৰাত ভুগিছে, তেন্তে নিম্নোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ চৰকে উপদেশ দিছে - তেল অথবা শুকান মালিচ, স্নান , মাংসৰ চুপ গ্ৰহণ, দৈ গাখীৰেৰে ভাত গ্ৰহণ, স্নিগ্ধ খাদ্য আৰু ঔষধি সুৰা গ্ৰহণ, মানসিক শান্তি, সুগন্ধি দ্ৰব্যৰ ব্যৱহাৰ, চকু, মূৰ আৰু মুখত শীতল লেপন অথবা দ্ৰব্যৰ প্ৰয়োগ, আৰামদায়ক বিচনাৰ ব্যৱহাৰ সঠিক সময়ত নিদ্ৰা গ্ৰহণ ।
অনিদ্ৰাৰ কাৰণসমূহ-
বমন আৰু বিৰেচন পদ্ধতিৰে দেহৰ দোষসমূহৰ নিষ্কাশন, ভয়, চিন্তা, খং, ধূমপান, কঠিন অথবা অস্বস্তিকৰ বিচনা, অত্যাধিক শাৰীৰিক ব্যায়াম, ৰক্তমোক্ষণ কৰ্ম্ম, উপবাস, অত্যাধিক পৰিশ্ৰম, বৃদ্ধাৱস্থা, যিকোনো ৰোগ, যিকোনো বিষ আদি | আকৌ মহৰ্ষি চৰকৰ মতে কিছুমান মানুহৰ জন্মগত বা প্ৰকৃতিগতভাৱেই টোপনি কম হয় |

 

লেখিকা :- প্ৰিয়ংকা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top