অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহৌষধি ব্ৰাহ্মী :

মহৌষধি ব্ৰাহ্মীৰ বিষয়ে লিখা হৈছে ।

 

ব্ৰাহ্মী শাকৰ বৈজ্ঞানিক প্নাম বেক’পা ম’নিয়েৰি (Bacopa Monnieri)। সংস্কৃত ভাষাত ইয়াক ‘সৌম্যলতা’ বোলা হয়। দৰাচলতে প্ৰাচীন কালৰে পৰা মানুহৰ মাজত এই গছজোপা প্ৰসিদ্ধ বনৌষদফহি উদ্ভিদৰূপে প্ৰয়োগ হৈ আহিছে।

পৰিষ্কাৰ সাৰুৱা মাটিত এই গছজোপা উৎপন্ন হয়। অসম আৰু ভাৰতৰ প্ৰায় সকলো ঠাইতে উৎপন্ন হোৱা এই গছজোপা আচলতে এবিধ লতাসদৃশ কোমল মাটিত বাগৰি যোৱা উদ্ভিদ। ই মানুহৰ বিভিন্ন ৰোগ নিৰাময়ৰ অতি উপকাৰী। ব্ৰহ্মচাৰিণী, শাৰদা, মেধা, সৰস্বতী আদি প্ৰাচীন শাস্ত্ৰীয় নামেৰে ইয়াক জনা যায়। ইয়াৰ সোৱাদ তিতা।

এই গছজোপাৰ পাত-শিৰা, ঠাৰি আদি সকলো অংশ মানুহৰ বিভিন্ন ৰোগ নিৰাময়ৰ উৎকৃষ্ট দৰবৰূপে ব্যৱহাৰ কৰি অহা হৈছে। কোষ্ঠকাঠিন্যত ভোগা মানুহে ইয়াৰ পাতৰ ৰসৰ সৈতে এচামুচ মৌ মিশ্ৰণ কৰি মাজে-সময়ে ব্যৱহাৰ কৰিলে সুফল পায়। স্নায়ু দুৰ্বলতা আৰু ধাতু দুৰ্বল ৰোগত আক্ৰান্ত লোকে ব্ৰাহ্মী শাক নিয়মীয়াকৈ ভাতৰ লগত খালে শক্তি লাভ কৰিব।

চৰ্দি-জ্বৰত ভোগা মানুহৰ ই অতি উপকাৰী। স্মৃতিশক্তি বৰ্ধনত ই এবিধ উত্তম মহৌষধ। তদুপৰি মানসিক চিন্তাশক্তি আৰু শাৰীৰিক শক্তি বৃদ্ধিতো ই অন্যতম মহৌষধ। মৌৰস, গাখীৰ আদিৰ সৈতে ইয়াৰ পাত, ঠাৰি আৰু শিপাৰ ৰস সেৱনে সুস্বাস্থ্য অটুট ৰখাৰ উপৰি স্বাস্থ্যবৰ্ধক টনিকৰূপে সুফল প্ৰদান কৰে। বহুমূত্ৰ ৰোগৰ উপশম আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ই পৰম উপকাৰী।

ই এবিধ তেজ বিশুদ্ধকাৰক আৰু তেজৰ অতিৰিক্ত শৰ্কৰা নাশ কৰে।

বুকুত কফ জমা হ’লে ইয়াৰ কেঁচা শিপা আৰু ঠাৰিৰ ৰসৰ লগত দুই-তিনি টোপালমান মাখি মৌ মিশ্ৰণ কৰি সেৱন কৰিলে উপকাৰ পোৱা যায়।

বসন্ত ৰোগত ইয়াৰ ৰস অতি উপকাৰী। ডিমেনচিয়া, এলঝাইমাৰ, মানসিক চাপ আদি ৰোগ নিয়ন্ত্ৰণতো ব্ৰাহ্মী শাক উপকাৰী।

ব্ৰংকাইটিছ, আৰ্থ্ৰাইটিছ, হাপানী আদি ৰোগ উপশমত ই যথেষ্ঠ সহায় কৰে। প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু বন্ধ হ’লে ইয়াৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়। তদুপৰি প্ৰস্ৰাৱ বৃদ্ধিকাৰকত ই উত্তম ঔষধ।

লেখক: ঘনশ্যাম দাস(সাদিন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top