অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহানিমৰ উপকাৰিতা, মহানিমৰ ঔষধি গুণ

মহানিমৰ উপকাৰিতা, মহানিমৰ ঔষধি গুণ

  • মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়।
  • নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।
  • বহুতো চিকিত্সকৰ মতে, নিমৰ কোমল পাতৰ গুড়ি ৫ গ্ৰাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্ৰতিৰোধ হয় বুলি কয়।
  • জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়।
  • মহানিমৰ পাত সিজাই চেঁচা হলে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়। চুলিবোৰ ভাল হয়।
  • মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
  • সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।
  • তদুপৰি নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলে গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।
  • মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।
  • সকলো প্ৰকাৰৰ জ্বৰ, কাহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত।
  • তেজ বমি হ’লে বা এনেয়ে বদহজম হৈ বমি হ’লে মহানিমৰ পাতৰ ৰস খালে বন্ধ হয়।
  • যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায় বুলি কোৱা হয়।
  • চকুৰ চানি পৰা ৰোগ হ’লে মহানিমৰ পাতৰ ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়।
  • বাতৰক্ত কুষ্ঠ ৰোগত নিমপাত কেঁচা হালধি বটি প্ৰলেপ দিলেও সুফল পোৱা যায়।
  • নিমৰ গুটি বা পাত চূৰ্ণ কৰি খালে কৃমি, বাত, অৰ্শ, কুষ্ঠ বাতৰক্ত আৰু প্ৰমেহ ৰোগ নিৰাময় কৰিব পাৰে।
  • নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়ৰিয়া আদি নহয়।
  • দাঁত উজ্জল আৰু ভাল হয়। দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।
  • মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।

লেখক :-ধনেশ্বৰ হুজুৰী

উৎস ;- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate