মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন বুলি চৰক সংহিতাত উল্লেখ আছে। সদায় মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় । শৰীৰ সুস্থ সবল কৰি যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। মানিমুনিৰ বোটানিকেল নাম চেন্টেলা এচিয়াটিকা (Centella Asciatika), আয়ুৰ্বেদিক নাম ব্ৰাহ্মী আৰু মণ্ডুকপৰ্ণী । বৈদিক যুগৰ পৰা মানিমুনি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। মেলিক এচিড, এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড, ব্ৰাহ্মীনোচাইড, ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ মানিমুনিত পোৱা যায়।
হৃদপিণ্ডৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে, টোপনি স্বাভাৱিক কৰি মানসিক উত্তেজনা নোহোৱা কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, সকলো প্ৰকাৰৰ আঘাত আৰু ঘা উপশম কৰে, চৰ্মৰোগ
প্ৰতিৰোধ কৰে, মস্তিষ্ক আৰু স্নায়ুমণ্ডলৰ মৰা কোষবোৰ আতৰাই নতুন কোষ পুনৰাই গঠন কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰাখিব পাৰে।
(১) মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন, সদায় মানিমুনি খালে ৰোগমুক্ত হৈ দীৰ্ঘায়ু প্ৰাপ্ত হয় ।
(২) বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে একলাখ স্নায়ুকোষ ধ্বংস হয় অথবা মৰে। সেয়েহে স্নায়বিক দূৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে। মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই, বুদ্ধিৰ বিকাশ কৰে, ভাল টোপনি আহে, মনৰ অস্থিৰতা আতৰ কৰে, মানসিক উৎকন্ঠাৰ (anxiety) নাইকিয়া কৰে, অৱসাদ বিলুপ্ত কৰে । মৃগীৰোগ, আক্ষেপ, কম্পবাত (Parkinson) তথা বাৰ্ধক্যজনিত সকলোপ্ৰকাৰ ৰোগ হোৱাত বাধা আৰোপ কৰে আৰু ৰোগত আক্ৰান্ত হলেও আৰোগ্য কৰে ।
(৩) অন্নদ্ৰৱ শূল (গেষ্ট্ৰিক আলছাৰ), পৰিণাম শূল (ডিওডেনেল আলছাৰ), অম্লপিত্তৰ (গেষ্ট্ৰাইটিচ), মুখৰ ঘা, সংগ্ৰহণী (আলছাৰেটিভ কলাইটিচ), নাড়ীব্ৰণ (ফিস্তুলা) আৰু অৰ্শ ৰোগ মানিমুনিয়ে ভাল কৰে।
(৪)চ’ৰিয়েচিচ, ডাৰমাটাইটিচ, ছিফিলিচৰ কাৰণে হোৱা চৰ্মৰোগত মানিমুনি উপকাৰী। ইয়াৰ ৰস খোৱাৰ উপৰিও চৰ্মৰোগ হোৱা স্থানত সানিব পাৰি।
(৫)মানিমুনি খালে হৃদৰোগ ভাল হয় আৰু হৃদপিণ্ড সুস্থ সবল কৰি ৰাখিব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, শিৰা সঙ্কোচন (ভেৰিক’জ ভেইন) নিৰ্মূল কৰে।
(৬) সকলোপ্ৰকাৰ লিভাৰ ৰোগ ভাল কৰে। বিশেষকৈ লিভাৰ চিৰচিচ নামৰ কোষ ধ্বংস হোৱা ৰোগত মানিমুনি খালে ধ্বংস বা মৃত কোষবোৰ আতৰাই নতুন কোষ গঠন কৰে।
(৭) পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাহ ৰোগীৰ বাবে মানিমুনি মহৌষধ।
(১) ৰাতিপুৱা খালি পেটত মানিমুনি পাত ৮-১০ পৰ্যন্ত চোবাই খাব পাৰে।
(২) ৩-৪ চামুচ মানিমুনিৰ ৰস ২-৩ বাৰ খাব পাৰে।
(৩) Brahmi vati- দূটাকৈ দিনে তিনিবাৰ খাব।
(৪) Brahmi syrup- তিনি চামুচকৈ দিনে তিনিবাৰ খাব।
(৫) Brahmi Rasayan- এচামুচকৈ দিনে দুই-তিনিবাৰ খাব।
ইয়াত উল্লেখ কৰা ৫ বিধৰ যিকোনো এবিধ খালেই হ’ব
বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কাৰ্যকৰী।
আধা লিটাৰ গাখীৰত ২৫০ গ্ৰাম মিছিৰি আৰু ১৭৫ গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্ৰতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্ট্ৰিক ভাল হয়।সদায় পুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সতে কিছুদিন খুৱালে সমস্যা দূৰ হয়।মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।
লিখক: অঞ্জন শৰ্মা (দৈনিক অগ্ৰদূতৰ ‘স্বাস্থ্য বাৰ্তা’ৰ পৰা সংগৃহিত)।
মানিমুনি শাক সকলোৱে চিনি পায়। ই চেচুক ঠাইত হয়। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এইবিধ শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।
সাধাৰণতে মানিমুনি শাকৰ পাতহে ব্যৱহাৰ কৰা হয়। মানিমুনি শাক গছৰ সকলো অংশই দৰৱ হিচাবে ব্যৱহাৰ কৰিব পাৰি। দৰৱত লগালে পাতবোৰ শুকুৱাই লোৱা হয়। ৰ’দত নুশুকোৱাকৈ পাতবোৰ শুকাব পাৰিলে অধিক গুণ পোৱা যায়।
পাতৰ ৰস বা শিপাৰ ৰস ব্যৱহাৰ কৰিলে এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ চূৰ্ণ কৰি ব্যৱহাৰ কৰিলে দুই অনা ওজনৰ পৰা আধা তোলালৈকে ব্যৱহাৰ কৰিব পাৰি।
নক’লেও হ’ব যে মানিমুনি শাক যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। ই শৰীৰৰ পৰিবৰ্ধক, বলকাৰক আৰু স্বেদজনক। বায়ু আৰু ৰক্তৰ হিতকাৰক। ইয়াৰ ৰসত অধিক পৰিমাণৰ মিঠা ৰস থাকে বাবে পৰিপাকতো মিঠা হয়। মানিমুনি শীতল, লঘু, সাৰক, কাহনাশক, মেঘাবৰ্ধক, আয়ুস বৃদ্ধিকাৰক, ৰসায়ন, সৰ পৰিষ্কাৰক, পাশু, মেহ, ৰক্তপিত্ত, কুষ্ঠ আৰু বিষ দোষ নায়ক। ই স্মৃতিশক্তি বৰ্ধক। উদৰাময় আৰু অন্যান্য অন্তৰ পীড়াত ই বিশেষ উপকাৰী। মানিমুনি শাকৰ পাতৰ ৰস আমৰসৰ পৰিপাক কাৰক। আমাশয়, পেট কামোৰণি, তেজ হাগনি তাৰ লগত জ্বৰ আদি থাকিলে মানিমুনি শাকৰ পাতৰ ৰস আগত কোৱা মাত্ৰাই ২/৩ বাৰকৈ ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত থেতেলিয়াই তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি গুচে। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী। যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।
চৰ্ম ৰোগত মানিমুনি শাকৰ পাতৰ ৰস উপকাৰী। ইয়াৰ পাতৰ ৰসেৰে বা ক্কথেৰে গা ধুলেও ফল পোৱা যায়। মানিমুনিৰ পাত বিষ বেদনাত লেপ লগালেও বেদনা নাশ হয়। আনকি অসাৰ কুষ্ঠতো ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। উপদংশ ৰোগৰ দ্বিতীয় অৱস্থাত শৰীৰত ব্ৰণ উঠিলে উক্ত ধৰণে ব্যৱহাৰ কৰিলেও ভাল ফল পোৱা যায়।
লেখিকা: সুমিত্ৰা গোস্বামী।
শেহতীয়া উন্নীতকৰণ: : 5/20/2020