পৰিচয়
মানিমুনি এবিধ গাৱঁলীয়া শাক। সৰু সৰু পাতেৰে এইবিধ শাক মাটিত বগাই বিয়পি থাকে। মানিমুনি দুবিধ আছে- সৰু মানিমুনি আৰু বৰ মানিমুনি। সৰু বিধ দৰবৰ কাৰণে বেছি উপকাৰী। মানিমুনি পাত শাক হিচাবে মানুহে বান্ধি খায়। মানিমুনিৰ শাস্ত্ৰীয় নাম-ভেকী, মণ্ডুকী আৰু মূলপানী। গাঁৱৰ জেকালগা ঠাইত মানিমুনি শাক বেছিকৈ হয়। ওখ বা পাহাৰীয়া ঠাইত এই শাক নজন্মে।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020