অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিথি

মিথি

 

 

মিথি বা মেথি এবিধ সৰ্বজনপ্ৰিয় শাক। ই ঔষধি গুণৰ বাবেও বিখ্যাত। আজিকালি প্ৰাকৃতিক চিকিৎসাৰ গুৰুত্ব বঢ়াৰ লগে লগে মিথিৰো আদৰ বাঢ়িছে। ইয়াৰ খেতি প্ৰধানকৈ পূব ভাৰত আৰু উত্তৰ ভাৰতত কৰা হয়। ইয়াৰ পাত আৰু কুমলীয়া চিৰাবোৰ খোৱা হয়। ইয়াৰ পাতবোৰত যথেষ্ট পৰিমাণে প্ৰ’টিন, খনিজ লোণ আৰু ভিটামিন-চি থাকে। মিথিক পূব ইউৰোপ আৰু ইথিঅ’পিয়াৰ দেশোৎপন্ন বুলি ভবা হয় আৰু উত্তৰ-পশ্চিম ভাৰতত বনৰীয়া অৱস্থাত পোৱা যায়। মিথিৰ বৈজ্ঞানিক নাম Trigonella foenum-graccum. ইয়াৰ আন এটা প্ৰজাতিৰ নাম Trigonella comiculata। প্ৰথমবিধৰ বৃদ্ধি দ্ৰুত আৰু থিয়ই বাঢ়ে। আনবিধক কছুৰি বা চেন্না মিথি বোলে। এইজাত মিথি চাপৰ হৈ থাকে আৰু গছৰ গুৰিৰ পৰা ডাল-পাত ওলাই জোপোহা হয়। প্ৰথম জাতৰ ফুল বগা আৰু দ্বিতীয়বিধৰ ফুল উজ্জ্বল কমলা হালধীয়া।

দুয়োজাত মিথিয়েই সুগন্ধি। ভাৰতৰ কৃষি গৱেষণা প্ৰতিষ্ঠানে খেতিৰ বাবে দুটা জাতৰ অনুমোদন জনাইছে-

  • পুছা আৰ্লী বাঞ্চিং আৰু
  • কছুৰি।

মহাৰাষ্টৰ কৃষি বিভাগে মেথি নাম্বাৰ ৪৭ নামৰ জাত এটা মোকলাই দিছে।

মিথিৰ পাত আৰু ভোজ্য অংশৰ এশ গ্ৰামত থকা উপাদানঃ

 

 

খাদ্যমান, খনিজ দ্ৰব্য আৰু ভিটামিনসমূহ

পানী

৮৬.১ গ্ৰাম

স্নেহ পদাৰ্থ

০.৯ গ্ৰাম

ভোজ্য আঁহ

১.১ গ্ৰাম

মেগনেছিয়াম

৬৭ মিঃ গ্ৰাঃ

ফছফৰাছ

৫১ মিঃ গ্ৰাঃ

ছডিয়াম

৭৬.১ মিঃ গ্ৰাঃ

তাম

০.২৬ মিঃ গ্ৰাঃ

ক্ল’ৰিন

১৬৫ মিঃ গ্ৰাঃ

থায়ামিন

০.০৫ মিঃ গ্ৰাঃ

নিক’টনিক এচিড

০.৭ মিঃ গ্ৰাঃ

প্ৰ’টিন

৪.৪ গ্ৰাম

কেল’ৰি মান

৪৯

মুঠ খনিজ দ্ৰব্য

১.৫ গ্ৰাম

কাৰ্বহাইড্ৰেট

৬.০ গ্ৰাম

কেলচিয়াম

৩৬০ মিঃ গ্ৰাঃ

অক্‌জেলিক এচিড

১৩ মিঃ গ্ৰাঃ

লো

১৭.২ মিঃ গ্ৰাঃ

পটাছিয়াম

৩১.০ মিঃ গ্ৰাঃ

ছালফাৰ

১৬৭ মিঃ গ্ৰাঃ

ভিটামিন এ

৬,৪৫০ আন্তৰ্জাতিক ইউনিট

ৰিব’ফ্লেভিন

০.১৫ মিঃ গ্ৰাঃ

ভিটামিন চি

৫৪ মিঃ গ্ৰাঃ

 

 

মিথিৰ ব্যৱহাৰ বহু পুৰণি। প্ৰাচীন ইজিপ্তৰ কবৰৰ পৰা উদ্ধাৰ হোৱা চিকিৎসা বিষয়ক পেপিৰাছৰ পৰা জনা গৈছে যে মিথি খাদ্য হিচাপে আৰু জ্বৰ কমাবৰ বাবে ব্যৱহৃত হৈছিল। ইজিপ্তৰ যৌথ ধূপকাঠীৰ দৰে ব্যৱহৃত সুগন্ধি কুফিত মিথি ব্যৱহাৰ কৰা হৈছিল।

ভাৰতীয় আৰু ইথিঅ’পিয়ান পুৰণি চিকিৎসা-পদ্ধতিত মিথি পেটৰ ৰোগত গেছ্নাশী দৰব হিচাপে ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। বীজবোৰ পানীত তিয়ালে এবিধ বিজলুৱা উৎপন্ন হয়। ই হজমী শক্তি বঢ়ায়।

খাদ্য মানঃ

কুমলীয়া গছ আৰু ভাপত দি সিজাই খোৱা হয়। এনেদৰে খালে ভিটামিনবোৰ নষ্ট নহয় আৰু খাবলৈ সোৱাদ হয়। মছুৰি জাতৰ শুকান পাতবোৰ তৰকাৰীত মচলা হিচাপে দি খোৱা হয়। শুকান পাতত প্ৰ’টিন ঠিকেই থাকে আৰু ভাত, আটা আদিৰ লাইছিনৰ অভাৱ পূৰণ কৰে। মুগা বৰণীয়া শুকান বীজত তিতা ফেটি এচিড ৰেজিন, মিউছিলেজ আৰু এলবুনিক থাকে। খনিজ দ্ৰব্য আৰু ভিটামিনো যথেষ্ট বেছি। বীজবোৰ সাধাৰণতে মচলা হিচাপে আৰু সুগন্ধি ওলাবৰ বাবে খাদ্যত ব্যৱহৃত হয়।

মিথিৰ ঔষধি গুণঃ

মিথিৰ পাত সুগন্ধি আৰু শীতকাৰক। পাতৰ পেষ্ট বনাই নিতৌ গা ধোৱাৰ আগত মূৰত সানিলে চুলি দীঘল হয়, প্ৰাকৃতিক ৰং নষ্ট নহয় আৰু চুলি কোমল ৰেচমী হয়। শোৱাৰ আগতে সদায় কুমলীয়া পাতৰ পেষ্ট মুখত সানি পিছত কুহুমীয়া গৰম পানীৰে ধুই দিলে মুখত শালমইনা, ব্ৰন আদি নুঠে, মুখ শুকান হয় আৰু গাল শোটোৰা নপৰে। নিয়মিত ব্যৱহাৰ কৰিলে মুখমণ্ডলত বয়সৰ চাপ নপৰে। মিথিৰ বীজ তিয়াই বা গুড়ি কৰি খালে গেছ নাইকিয়া কৰে। ই মহিলাৰ গাখীৰৰ সোঁত নিয়মীয়া কৰে। সোৱাদ কেঁহা। ই সংকোচক আৰু কামোদ্দীপক। জাভা দ্বীপৰ মহিলাসকলে ইয়াক চুলিৰ টনিক আৰু প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰে।

পেটৰ ৰোগতঃ

মিথি পাত অজীৰ্ণ, পেটফুলা আৰু অকামিলা যকৃতৰ বাবে বেছ ফলদায়ক। মুখৰ ঘা নিৰাময় কৰে। পিত্তজনিত ৰোগত পাত সিজাই বা মাখনৰ লগত ভাজি খাবলৈ দিয়া হয়। অতিসাৰ, অগ্নিমান্দ্য, গ্ৰহণী, পেটৰ বিষ, পেটফুলা আদি ৰোগত বীজবোৰ বেছ উপকাৰী। পাতৰ চাহ বনাই খালে পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ আনকি বৃক্ক পৰিষ্কাৰ কৰি ৰাখে।

ৰক্তহীনতাতঃ

মিথি পাতে তেজ গঠনতো সহায় কৰে। কিশোৰী ৰজঃস্বলা হোৱাৰ সময়ত ৰক্তহীনতাত নুভুগিবৰ বাবে মিথি পাত সিজাই খোৱাৰ পৰামৰ্শ দিয়া আছে। বীজত থকা লোৰ বাবে ৰক্তহীনতা নিৰাময় কৰিবৰ বাবে বীজো ব্যৱহাৰ কৰিব লাগে।

গৰ্ভাৱস্থা আৰু স্তন্যদাতা মাতৃঃ

বীজ ঘিউত ভাজি মিহিকৈ গুড়ি কৰি ময়দা আৰু চেনি মিহলাই হালৱা প্ৰস্তুত কৰি প্ৰতিদিনে অলপ অলপ খালে গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱত কষ্ট নাপায়। প্ৰসৱৰ পিছতো সোনকালে স্বাস্থ্য ঘূৰাই পায়। স্তন্যদাতা মাতৃক বীজৰ পায়স বনাই খুৱালে গাখীৰ বাঢ়ে আৰু গাখীৰৰ সোঁত স্বাভাৱিক হয়। আনকি গৰু-ম’হৰ গাখীৰ বৃদ্ধি আৰু গাখীৰৰ সোঁত নিয়মীয়া হ’বৰ বাবে মিথি খুওৱা হয়।

স্বাদ আৰু ঘ্ৰাণশক্তি হ্ৰাসতঃ

কেতিয়াবা লালটি গ্ৰন্থিৰ ওপৰত শ্লেষ্মা আৰু আন ৰস জমা হোৱাৰ ফলত তাৰ কৰ্মশক্তি হ্ৰাস পায় আৰু তেতিয়া জিভাই বস্তুৰ সোৱাদ নাপায়। গ্ৰন্থিও ফুলি উঠে। সেইদৰে নাকৰ য’ত ঘ্ৰাণগ্ৰন্থিৰ স্নায়ু লগ লাগিছে তাতো শ্লেষ্মা বা আন বৰ্জ্য পদাৰ্থই এটা আৱৰণৰ সৃষ্টি কৰিলে ঘ্ৰাণগ্ৰন্থি কমি যায়। মিথি বীজ নিয়মিতভাৱে খালে এই দুই অৱস্থাৰ পৰা ৰক্ষা পোৱা যায়।

উফি আৰু উন্মাদ অৱস্থাতঃ

মিথি বীজ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা তাৰে পেষ্ট বনাই গোটেই মূৰতে সানিব লাগে। আধা ঘণ্টাৰ পৰা এঘণ্টাৰ ভিতৰত মূৰটো ৰিঠাৰে ভালকৈ ধুই দিব লাগে। গা ধোৱাৰ আগেয়ে সতেজ পাতৰ পেষ্ট ব্যৱহাৰ কৰিলেও উফি নাশ হোৱাৰ উপৰি মগজু ঠাণ্ডা ৰাখে।

জ্বৰতঃ

মিথি বীজৰ চাহ বনাই খালে কুইজাইনৰ দৰে ফল পোৱা যায় বুলি আয়ুৰ্বেদত কোৱা আছে। ইয়াৰ বিজলুৱা দ্ৰব্যই শৰীৰৰ পৰা ওলোৱা বিজলুৱা বৰ্জ্য পদাৰ্থ নাইকিয়া কৰি শৰীৰ জুৰ কৰি ৰাখে।

ডিঙি আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগতঃ

বীজৰ চাহ বনাই কুলকুলি কৰিলে ডিঙিৰ প্ৰদাহ নাইকিয়া হয়। শ্বাসনলীৰ প্ৰদাহ, ব্ৰ্ংকাইটিছ, ইনফ্লুৱেঞ্জা, ছাইনাছাইটিছ, কফ, সন্দেহজনক নিউম’নিয়া আদিত বীজৰ চাহ বনাই খালে শৰীৰ ঘামে আৰু এই ঘামৰ জৰিয়তে শৰীৰে বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। এই চিকিৎসা চলি থকাৰ সময়ত আন পুষ্টিকাৰক খাদ্য খাব নালাগে। বীজৰ চাহে মুখৰ দুৰ্গন্ধও নোহোৱা কৰে।

মধুমেহ ৰোগঃ

ভাৰতৰ স্বাস্থ্য গৱেষণা পৰিষদৰ (আইচিএমআৰ) এটা প্ৰতিবেদনত প্ৰকাশ যে মিথি বীজ দৈনিক ২৫-১০০ গ্ৰামকৈ খালে মধুমেহ ৰোগ নিয়ন্ত্ৰিত হয়। তেজত গ্লুক’জৰ পৰিমণ কমাৰ উপৰি কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো উল্লেখযোগ্যভাৱে কমে। দৈনিক ১২০০-১৪০০ কেলৰিৰ খাদ্য খোৱাৰ লগতে মিথি বীজ খালে তাৰ ফল অতি উৎসাহজনক বুলি হায়দৰাবাদৰ ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠানৰ গৱেষকসকলেও মত প্ৰকাশ কৰিছে।

লেখকঃ ড০ চন্দ্ৰমোহন শৰ্মা, জিএনআৰচি স্বাস্থ্য আলোচনী

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top