অংশিদাৰী

মেথি

ভাৰতত মেথি শাকৰ প্ৰচলন খূওব বেচি। ইয়াৰ গুটি ভাৰতীয় মচলাৰ এটা অংগ....এই গুটি বা শাকৰ সূগন্ধই মানসিক ভাৱে আপোনাৰ আহাৰৰ সোৱাদ বঢ়োৱাতো সহায় কৰে। মেথিগুটি বহুতো আয়ূৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হ’য়।

(১) ডায়েবেটিছ ৰোগৰ উপশম আৰু কলেষ্টৰেল স্তৰ কমোৱাত সহায়ক:
মেথিগুটিয়ে তেজৰ অপকাৰী কলেষ্টৰেল কমোৱাত বিশেষভাবে সহায় কৰে। ই ডায়েবেটিছ ৰোগীৰ তেজ আৰু মূত্ৰৰ পৰা চেনিৰ মাত্ৰাক কমাই এক সূস্থিৰ অৱস্থালৈ অনাত সহায় কৰে।এনে সমস্যাৰ বাবে শাক হিচাবে বা ইয়াৰ গুটি পানীত ৰাতিটো তিয়াই থৈ পূৱা খালী পেটত খাব লাগে। 
(২) ওজন কমোৱাত সহায়ক:
ইয়াৰ শাক ওজন কমোৱাৰ বাবে বৰ উত্তম ঔষধ। স্বাস্থ্য সন্মত খাদ্যাভাষ আৰু ব্যায়ামৰ লগতে মেথিশাক বা গুটি খালে ই আপোনাৰ শৰীৰত সুন্দৰ কাম কৰে। মেথি বৰ আহঁযূক্ত শাক....সেয়ে ইয়াক অলপকৈ খালেও পেটতো ভৰাই দিয়ে..যাৰ বাবে আপোনাক অন্য অতিৰিক্ত খাদ্যগ্ৰহণৰ পৰা বিৰত থকাত সহায় কৰে। শকতৰ পৰা পৰিত্ৰাণ পাবলৈ মেথিগুটি নিশাটো তিয়াই থৈ পূৱা খালি পেটত খাব লাগে।
(৩) হজমৰ সহায়ক:
মেথিয়ে আপোনাৰ metabolism (দেহৰ সকলো ৰাসায়নিক বিক্ৰিয়া, সাধাৰণতে আহাৰ গ্ৰহণৰ পিচত যি খাদ্য পচনৰ বাবে ক্ৰিয়া কৰে)উন্নত কৰাৰ লগতে কৌষ্ঠকাঠ্যিন্যৰ সমস্যাকো নিৰ্মূল কৰে। ই তেজক পৰিস্কাৰ কৰাৰ লগতে শৰীৰত উৎপন্ন হোৱা সকলো দূষিত পদাৰ্থক(Toxins) আতঁৰাই পঠায়। ই শৰীৰৰ অতিৰিক্ত Mucus (শৰীৰৰ নাক বা অন্য অংশত উৎপন্ন হোৱা ডাঠ বিজঁলূৱা এক পদাৰ্থ, নাড়ীতো উৎপন্ন হ’য়) ক আতঁৰ কৰি হজমৰ অংগবিলাকক সতেজ আৰু পৰিস্কাৰ কৰে। মেথিগুটিয়ে স্মৃতি শক্তি বঢ়োৱাতো সহায় কৰে।
(৪) মেথি সুন্দৰতা আৰু স্বাস্হ্যৰ বাবেও উত্তম:
মেথিয়ে মাইকী মানুহৰ হ’ৰমুনেল বেলেঞ্চ (Hormonal Balance) সঠিক ভাবে ৰখাতো সহায় কৰে। ই স্তনযুগলৰ অতিৰিক্ত প্ৰসাৰতাক ৰোধ কৰে। সেয়ে ব্যৱসায়িক ভাৱে উপলব্ধ, স্তনক সঠিক আকাৰত ৰখা বা অনাৰ বহুতো দৰৱত ইয়াক এটা ingredient হিচাবে বহুল ভাৱে ব্যৱহাৰ কৰা হয়। ই পোৱতী মহিলাৰ গাখীৰ বৃদ্ধি কৰাৰ লগতে ইয়াৰ গুণাগুণো বৃদ্ধি কৰে। ই তেওঁলোকৰ প্ৰসৱ বেদনাকো হ্ৰাস কৰাত সহায় কৰে। মেথিয়ে গৰ্ভধাৰণ কালৰ দেহৰ জথৰতা বা উগুল-থুগুল লগা ভাববোৰ দূৰ কৰাতো সহায় কৰে।
(৫)মেথিয়ে চুলি সৰা বন্ধ কৰে:
মেথিগুটি চুলিসৰা সমস্যাৰ এক উত্তম ঔষধ। এই সমস্যাৰ সমাধানৰ বাবে প্ৰথমে মেথিগুটি অলপ লৈ বইল কৰক। তাৰপিচত গুটিখিনি নাৰিকল তেলত নিশাটো তিয়াই থওঁক। পূৱা এইখিনি তেলেৰে বিশেষভাবে ত’পা হোৱা অংশবিলাকত মাত্ৰ ৫ মিনিটমান খূওব মালিচ কৰক। এনেদৰে কেইবামাহো প্ৰতিদিনে কৰক। তাৰ পিচত আপুনি আগতকৈ বহু ব্যৱধান দেখিবলৈ পাব। মেথি উফিৰ সমস্যাৰ বাবেও উত্তম ঔষধ। মেথিগুটি পানীৰ সৈতে পতাত পিঁহি চুলিত লগাওঁক.....ই আপোনাৰ উফিৰ সমস্যা আতঁৰোৱাৰ লগতে চুলিখিনি নিমজ আৰু ওকনিমুক্ত কৰিব।
(৬) মেথি ছালৰ সমস্যাৰ এক উত্তম Antidote(Antidote: শৰীৰৰ যি কাৰ্যই আপোনাক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে):

মেথি এক উত্তম প্ৰসাধন সামগ্ৰী। ই মূখমণ্ডলত আচঁ পৰা,ক’লাদাগ,শালমন,শুষ্কতা ইত্যাদি সমস্যা দূৰ কৰে। মেথিশাক অলপ পানীৰ সৈতে (পতাতহে পিহিঁব) পিহিঁ ২০ মিনিট মূখমণ্ডলত ভালকৈ সানি গৰম পানীৰে মূখখন ধূই পেলাওঁক। শাক নোপোৱাৰ দিনত মেথিগুটি পানীত কিছুসময় সিজাঁই সেই পানী মূখত লগাওঁক। ই আপোনাক অতি কাম দিব।

থোৰতে মেথিৰ উপকাৰিতা:

মেথি ভাৰতীয় আয়ূৰ্বেদিক চিকিৎসা আৰু চীনা পৰম্পৰাপত চিকিৎসাৰ এক অংগ।
• চীনা চিকিৎসাত ইয়াক এজমা আৰু বাতবিষৰ জ্বলনি-পূৰণিৰ শান্তিৰ বাবে ব্যৱহাৰ কৰা হ’য়।
• ই শৰীৰৰ মেটাবলিজম ঠিক ৰখাৰ লগতে হজমী শক্তি বৃদ্ধি কৰে।
• ই phlegm (ঠাণ্ডা লাগিলে যি ডাঠ তৰল পদাৰ্থ হাওঁফাওঁ,গ’ল আৰু নাকত সৃষ্টি হ’য়) ৰ ওপৰত যোগাত্মক ক্ৰিয়া কৰি ব্ৰঙ্কাইটিছ, ফোহাঁক নিয়ন্ত্ৰণ কৰে ।
• ই মানুহৰ কলেষ্টৰেলৰ মাত্ৰাক স্বাস্থ্যসন্মত ভাবে ৰখাত সহায় কৰে।
• ই হৃদয়-ষ্ট্ৰোকৰ সম্ভাৱনা ক’মায়।
• ইয়াক জ্বৰ নিয়ন্ত্ৰণত এক ঘৰুৱা ঔষধ হিচাবে ব্যৱহাৰ কৰা হ’য়।

মেথিৰ পাৰ্শ্বক্ৰিয়া:

• Dysgenic (জৈৱিকভাৱে অপকাৰী) ৰ উপস্থিতিৰ বাবে,মাইকী মানুহৰ estrogen(মাইকী মানুহৰ দেহত উপস্থিত এক ৰাসায়নিক পদাৰ্থ) receptor যদি স্তন-কেঞ্চাৰৰ যোগাত্মক দিশত থাকে তেন্তে তেওঁ মেথি ব্যৱহাৰ নকৰাই মঙ্গল।
• কিছুমান গৰ্ভৱতী মহিলাই মেথি নোখোৱাই মঙ্গল। ই তেনে অৱস্থাত কিছুমানৰ আকৌ জৰায়ূৰ মাংসপেশীক উত্তেজিত কৰি প্ৰসৱ বেদনাক বঢ়াই তুলিব পাৰে।
• মেথিয়ে কেতিয়াবা ওকালি আনিব পাৰে।
• মেথিয়ে কাৰোবাৰ ক্ষেত্ৰত ডায়েৰিয়া,গেছ আৰু উগাৰৰ সৃষ্টি কৰিব পাৰে।
• মেথিয়ে কেতিয়াবা ছালত খজূঁৱতিৰ সৃষ্টি কৰিব পাৰে।
• মেথিত বহুতো আহঁ থাকে…যি খূওব সেমেকা আৰু লিকটীয়া।সেয়ে ইয়াক কোনো দৰৱ খোৱাৰ ২ঘন্টাৰ ভিতৰত খাব নালাগে। নহলে ই আপোনাৰ দেহে দৰৱ হজম কৰাত প্ৰভাৱ পেলাব।
• WebMD ৰ মতে ই নাকৰ ফূটাঁত বাধাৰ সৃষ্টি,কাহৰ সমস্যা,মূখমণ্ডল উখহা আৰু বহু ধৰণৰ ভয়ানক এলাৰ্জিক সমস্যাৰো সৃষ্টি কৰিব পাৰে। MedicineNet.com ৰ মতে ই বহুধৰণৰ ভয়ানক এলাৰ্জিক সমস্যা,খজূঁৱতি,গ’লা বা জিভা ফূঁলা,মূৰ-ঘূৰণি বা উশাহ-নিশাহ লোৱাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
• WebMD ৰ মতে মেথিয়ে পোৱতী মহিলাৰ গাখীৰ বৃদ্ধি কৰে। সেয়ে তেনেকালত মেথি খালে ই স্তনত অধিক গাখীৰৰ ভৰ কৰি সমস্যাত পেলাব পাৰে।
• মেথিয়ে মধুমেহ ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰাক ক’ম কৰে। সেয়ে মেথি ব্যৱহাৰ কৰি থকাৰ পিচত শৰীৰত চেনি ক’মি যোৱাৰ লক্ষণবোৰে দেখা দিলে ইয়াক ব্যৱহাৰ কৰোতে সাৱধান হ’ব লাগে। লক্ষণবোৰ হ’ল:অধিক মাত্ৰাত ঘাম নিৰ্গত হোৱা, গাৰ কপঁনি, মূৰ্চ্ছা যোৱা যেন লগা, ঘনকৈ হৃদয়-স্পন্দন ইত্যাদি। যি মানুহৰ দেহত চেনিৰ মাত্ৰা ক’ম থাকে তেওঁ মেথি নোখোৱাই মঙ্গল।
• Drugs.com ৰ মতে মেথিয়ে তেজৰ খমলা বন্ধাত সহায় কৰিব পাৰে।

মুঠতে মোৰ কথাটো হ’ল…. যিহকে খাওঁক……ভাল হ’ল বুলিয়েই সদায় বা সৰহকৈ নাখাব।

উত্স: https://www.facebook.com/groups/shoikshik/permalink/1584787701755454/

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top