অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেথি :

মেথি :

 

ৰন্ধনশালত মেথি ব্যাপক ৰুপত ব্যৱহাৰ কৰি থকা আমি দেখি আহিছো । ইয়াৰ পাতবোৰ শাক হিচাপে খোৱা হয় আৰু ইয়াৰ গুটিবোৰ মছলা হিচাপে প্ৰয়োগ কৰা হয় । কিন্তু আপোনালোকে জানেনে স্বাস্থ্যৰ দিশৰ পৰাও মেথিগুটিৰ বহু উপযোগীতা আছে । মেথিৰ বীজত প্ৰটিন, ভিটামিন চি, নিয়াচিন, লাইচিন, পটেচিয়াম, ট্ৰাইফপ্টপান আৰু চেপ'নিন্স আদি পোষক তত্ব পোৱা যায় । জানো আহক মেথিগুটিৰ কেইটামান স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আৰু প্ৰয়োগ সম্পৰ্কে……

(১) এক সমীক্ষা অনুসৰি মেথিগুটি মধুমেহ ৰোগীসকলৰ বাবে লাভজনক । কিয়নো ইয়াক গ্ৰহণ কৰিলে শৰীৰৰ তেজত থকা শৰ্কৰাৰ স্তৰ হ্ৰাস পাবলৈ ধৰে । মধুমেহ ৰোগীসকলে দিনটোত ৬-৭ টা মেথিগুটি চোবাই খাব পাৰে অথবা মেথিগুটি তিয়াই থৈ তাৰ পানীখিনিও সেৱন কৰিবও পাৰে।

(২) ভোজনৰ কিছু সময়ৰ পিছত মেথিগুটি খালে শৰীৰৰ কলেষ্টৰেল লেভেল সামান্য হৈ পৰে আৰু হাৰ্ট ষ্ট্ৰকৰ ৰিস্ক কমি যায় । যদি আপোনালোকৰ মেথি খাবলৈ তিতা লাগে, তেন্তে ইয়াৰ কেপচুল লব পাৰে । এইবোৰ বজাৰত উপলব্ধ ।

(৩) ছালৰ ৰোগ, যেনে - একজিমা, জ্বলা ঘাঁ, খহু-ফোহা আৰু গাঠিৰ বিষ অাদি মেথিশাক বা গুটি পিহি প্ৰলেপ লগালে ঠিক হৈ যায় ।

(৪) ৰাতিপুৱা তিয়াই থোৱা মেথিদানা খালে পেটটো দেৰিলৈকে ভৰি থকা যেন অনুভৱ হয় । শৰীৰৰ ওজন কম কৰিব বিচৰা লোকসকলে খালীপেটত ইয়াক সেৱন কৰিব পাৰে ।

(৫) মেথিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ উলিয়াই অনাত সহায় কৰি হজমশক্তি বৃদ্ধি কৰে ।ইয়াক গ্ৰহণ কৰিলে কোষ্ঠকাঠিন্য নোহোৱা হয় । তদুপৰি কিছুপৰিমাণৰ মেথিদানা ৰাতিপুৱা খালে পেটৰ কৃমিসমূহ নাশ হয় ।

(৬) মেথিদানাৰ লগত সৰুকৈ এচামুচ নেমুৰ ৰস আৰু মৌজোল সেৱন কৰিলে জ্বৰ কম হয় আৰু লগতে ডিঙিৰ বিষ নোহোৱা হয় ।

(৭) চুলিৰ সমস্যাসমূহ প্ৰতিৰোধ কৰিবলৈ নিজৰ দৈনন্দিন আহাৰ প্ৰণালীত মেথিদানাক অন্তৰ্ভূক্ত কৰক । মেথিদানা বা শাকৰ প্ৰলেপ চুলিত লগালে চুলি ঘন  আৰু কলা বৰণৰ হয় । যদি চুলি সৰা সমস্যাত ভূগিছে বা চুলি পাতল হৈছে, তেন্তে মেথিদানা নাৰিকল তেলত উতলাই ঠাণ্ডা হোৱাৰ পাছত গোটেই ৰাতি তিয়াই ৰাখক । চুলি সৰা কম হব ।

(৮) পেটৰ বায়ুদোষ নোহোৱা কৰিবলৈ মেথিগুটিৰ ব্যৱহাৰিক প্ৰয়োগ প্ৰভাৱশালী । ব্যৱহাৰৰ বাবে মেথিগুটি পানীত তিয়াই ৰাখিলে সেই পানীত এক প্ৰতিৰোধক স্তৰ সৃষ্টি হয় যি পেটৰ জ্বলা-পোৰা অৱস্থাৰ উপশম ঘটোৱাত সহায় কৰে ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate