অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেম্ং নাৰাং :

মেম্ং নাৰাং :

 

এই বিনন্দীয়া পৃথিৱীখনত কি কি যে ফল নাই? ষ্ট্ৰবেৰীৰ দৰে সুন্দৰ ফলৰ পৰা বেলিপকা, জেটুলিপকা, টোলোথাপকা, গৰু-খচি আদিকে ধৰি, অত্যন্ত টেঙা নগা টেঙা, চকলা টেঙা আদি নানাবিধ থলুৱা ফলৰ উপৰি আছে নানাবিধ মিঠা, সুগন্ধিযুক্ত ফল। মানুহে কি নাখায়? পৃথিৱীত সম্ভৱত: মানুহেই হ’ল সৰ্বভক্ষ-হুতাশন। এই প্ৰাণীটোৱে মাছ-মাংস, পোক-পতংগ, শাক-পাচলি, ফল-মুল, মা- মচলা , গছৰ শুকান পাত-ছালকে ধৰি আমিষ-নিৰামিষ, লঘুপাকী-গুৰুপাকী কোনো বস্তুকে বাদ নিদিয়ে। ইয়াৰ বাদেও খায় বিভিন্ন প্ৰকাৰৰ পানীয়। অৱশ্যে ইয়াত এই বিষয়ৰ ওপৰত আলোচনা কৰিব খোজা নাই। আজিৰ বিষয় হ’ল মেম্ং নাৰাং নামৰ এবিধ বিপন্ন প্ৰজাতিৰ ফলহে।

মেম্ং নাৰাং এবিধ বনৰীয়া উদ্ভিদ আৰু ইয়াৰ ফল। ফলটো দেখিবলৈ ডাঙৰ আমলখি এটাৰ সমান। ই হ’ল বনৰীয়া সুমথিৰা বা কমলা। গছজোপা প্ৰায় ৩-৬ ফুট পৰ্যন্ত ওখ হয়। ডালবোৰ ৯০° কোণীয়াকৈ ওলায়। ডালত ২-৪ চেণ্টিমিটাৰ দীঘল কাঁইট থাকে। পাতবোৰ ২-৩ চেণ্টিমিটাৰ দীঘল আৰু ২-৪ চেণ্টিমিটাৰ বহল হয়। পাতৰ আগ আৰু গুৰি জোঙা। পাতৰ ওপৰফাল তলফালতকৈ বেছি সেউজীয়া। ফুলবোৰ বগা আৰু প্ৰতিপাহ ফুলত পাঁচটাকৈ পাহি থাকে। ফলটো ২৫-৩৪ চেণ্টিমিটাৰমানহে ডাঙৰ হয়। ফলটো কেঁচা অৱস্থাত ঈষৎ সেউজীয়া আৰু পকিলে কমলাৰ দৰে একে ৰঙৰ হয়। বাকলিখিনিত তৈলগ্ৰন্থি আছে। বাকলিটো টিপি দিলে এবিধ উদ্বায়ী তৈল পদাৰ্থ বাহিৰ হয়। ফুটবোৰ ৰসাল আৰু ইয়াৰ স্বাদো কমলৰ সৈতে একে। ফুটবোৰত ভিটামিন-চি আৰু কেলচিয়াম আছে। ইয়াৰ বাদেও বিভিন্ন খনিজ পদাৰ্থ, শৰ্কৰা, আঁহ, চৰ্বি, পানী আদি উপাদানো আছে। এই ঔষধি গুণসম্পন্ন ফলটো অতি পুষ্টিদায়ক।

টানকা নামৰ এজন স্পেনিছ উদ্ভিদবিজ্ঞানীৰ লিখনি মতে তেওঁ ১৯২৪ চনতে মেম্ং নাৰাং ফলবিধ নগাওঁ, খাছি পাহাৰ আৰু মণিপুৰত দেখাৰ কথা উল্লেখ আছে। ইয়াৰ বাদেও ভগ সিং নামৰ অন্য এজন শিক্ষকে তেওঁৰ দ্বাৰা ৰচিত এখন কিতাপত ১৯৮১ চনতে মেম্ং নাৰাং গাৰো পাহাৰৰ অৰণ্যত পোৱাৰ কথা লিখি গৈছে। গাৰোসকলে এই বনৰীয়া কমলাক মেম্ং নাৰাং বোলে। তেওঁলোকৰ ভাষাত ‘মেম্ং’ মানে ভূত আৰু ‘নাৰাং’ মানে সুমথিৰা। দুয়োটা শব্দ লগ লগাই হৈছে মেম্ং নাৰাং। মেম্ং নাৰাং সকলো ফলৰ উৎপত্তিৰ উৎস বুলি ভাৰত চৰকাৰে উক্ত বনাঞ্চলখন ১৯৮৪ চনতে ‘টেঙা ফলৰ জিম অভয়াৰণ্য’ (First Gene Sanctury for citrus) নামেৰে ফলবিধ সংৰক্ষণ কৰে। মেম্ং নাৰাং হয়তো সকলো ফলৰ উৎপত্তিৰ উৎস হ’বও পাৰে।

মেম্ং নাৰাঙৰ ঔষধি গুণো আছে। গাৰোসকলে এই ফলবিধ পেটৰ বিভিন্ন অসুখত ব্যৱহাৰ কৰে। আনকি তেওঁলোকে ঘৰচীয়া জন্তুৰ পেটৰ বেমাৰতো খুৱায়। এই ফল জণ্ডিচ ৰোগৰ মহৌষধ। বহুতে আকৌ পকা ফলটো শুকাই বা গুড়ি কৰি সংৰক্ষণো কৰে। ফলটোৰ গুড়ি বসন্ত ৰোগৰ প্ৰতিষেধক। কোনো কোনো অঞ্চলত মৃত ব্যক্তিৰ শৰীৰত মেম্ং নাৰাং ফলবিধ দিয়াৰ পৰম্পৰা আছে। তেওঁলোকে বিশ্বাস কৰে- মৃতকক এই ফল দিলে আত্মাটো ভূত হৈ জন্ম নলয়। উত্তৰ-পুৰ্বাঞ্চলত ফলবিধ প্ৰায় নোহোৱাৰ দৰে। কোনো ব্যক্তিয়ে টাবত ৰুই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাতহে ব্যৱহাৰ কৰা দেখা যায়। খুৰাহঁতৰ ঘৰত টাবত লগা এই ফলবিধ খোৱাৰ সৌভাগ্য হৈছিল। অৱশ্যে আজি ৩০-৩৫ বছৰে এই ফলবিধ ক’তো দেখিবলৈ পোৱা নাই। অৱশ্যে কৃষি বিভাগে এইবিধ ফলৰ খেতি কৰাৰ আঁচনি ল’ব পাৰে।

লেখিকা: ৰুণু তামুলী বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate