অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰলীয়া শাকৰ ঔষধি গুণ

মৰলীয়া শাকৰ ঔষধি গুণ

সাধাৰণতে আমাৰ বাৰী-বস্তিত পোৱা এবিধ অধিক ঔষধি গুণসম্পন্ন শাক হৈছে মৰলীয়া বা ঠঠেলি শাক। বাৰিষা মৰি যায়, খৰালি বতৰ আৰম্ভ হোৱাৰ লগে লগে লহপহকৈ প্ৰত্যেক ঘৰ মানুহৰ বাৰী-বস্তিত এই মৰলীয়া শাকবোৰ গজি উঠে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Startwart বা Chick Wed। আমাৰ ভাৰতবৰ্ষত প্ৰায় সকলো ৰাজ্যতে কম-বেছি পৰিমাণে এই শাকবিধ পোৱা যায়। অতি কোমল এই জোপোহা শাকবিধ ১০- চে:মি:ৰ পৰা ২০-২৫ চে:মি: ওখ হয়। গা অতি কোমল। কেতিয়াবা ই বগাইও যায়। গছজোপা পূৰঠ হ’লে সেই সময়ত গছজোপাৰ মূৰত বগা ফুল ফুলে। ইয়াক কোমল অৱস্থাত খাবলৈ বৰ সোৱাদ লগা হয়।

এই মৰলীয়া শাকৰ ঔষধি গুণ এনেধৰণৰ-

  • গাৰ বিষ, ভৰি-হাতৰ গাঁঠিৰ বিষ হ’লে মৰলীয়া শাকৰ আঞ্জা বৰ উপকাৰী বুলি কোৱা হয়।
  • কিডনীৰ বিষ বা কিডনীৰ বিভিন্ন অসুবিধা হ’লে এই মৰলীয়া শাক ভাজি খালে উপকাৰ পায় বুলি কয়।
  • মুৰৰ বিষ বা মূৰ-কামোৰণি হ’লে মৰলীয়া শাক ভাজি খালে সুফল পোৱা যায়।
  • যকৃতৰ ৰোগত মৰলীয়া শাক খালে উপকাৰ পোৱা যায়।
  • বিশেষকৈ কেঁচুমূৰীয়া হ’লে দৈনিক পাঁচ দিনমান মৰলীয়া শাকৰ আঞ্জা খালে সুফল পোৱা যায় বুলি কয়। কেঁচুমূৰীয়া বা অৰ্শ ৰোগৰ পৰা উপশম পোৱা যায়।
  • ইয়াৰ উপৰি ভৰি-হাতত আঘাত পালে মৰলীয়া শাক থেতেলা কৰি বা খুন্দি আঘাত পোৱা ঠাইত বান্ধি দিলে বিষ উপশম হয়।

কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ মেটেৰীয়া মেডিকা আৰু থেৰা পিউটিকমৰ প্ৰথম অধ্যাপক ডা: উইলিয়াম বৰিক এম ডিয়ে প্ৰকাশ কৰা ‘মেডিকা’ কিতাপত মৰলীয়া শাকৰ দ্বাৰা তৈয়াৰ কৰা বিষৰ প্ৰথম ঔষধ বুলি উল্লেখ কৰিছে।

মৰলীয়া শাকৰ পৰা হোমিঅ’পেথিক ঔষধো তৈয়াৰ কৰাৰ কথা জনা যায়। ইয়াক আকৌ Stellaria Media Q বুলিও কয়।

মৰলীয়া শাকবিধ দেখাত সৰু হ’লেও ইয়াৰ কিন্তু ভিতৰুৱা বহুতো গুণ আছে। মৰলীয়াৰ লগত টেঙা দি বটি তাত নিমখ-জলকীয়া দি চাটনি কৰিও খায়। মৰলীয়া শাক সৰু মাছৰ লগত জোল কৰি খালে বৰ সোৱাদ পোৱা যায়। মৰলীয়া শাক সৰু সৰুকৈ কুটি লৈ ভালদৰে পিয়াজ দি ভাজি খালেও বৰ জুতি লগা হয়। ইয়াৰ উপৰি মৰলীয়া শাকৰ কোমল আগবোৰ ছিঙি আনি ভালদৰে ধুই তাত নিমখ-জলকীয়া আৰু থেকেৰা টেঙাৰ দুপাট সুথি দি বা পাত দি সানি খালেও বৰ জুতি লগা হয়। মৰলীয়া শাকত কলাখাৰ দিও খাব পাৰি। মৰলীয়া শাকবোৰ তুলি ভালদৰে ধুই ৰ’দত শুকাই গুৰি কৰি শুকান মাছ বা সৰু সৰূ পুঠি মাছৰ লগত খাৰ দি ৰান্ধি খালে বৰ সোৱাদ লগা হয়।

সি যি কি নহওক, বাৰী-বস্তিত পোৱা মৰলীয়া শাক যথেষ্ট জুতি লগা শাক। ইয়াৰ আছে বহুতো ঔষধি গুণ। ইয়াৰ উপৰি এই মৰলীয়া শাকৰ পৰা তৈয়াৰী Stellaria Media 2x3x আদি অতি উল্লেখযোগ্য ঔষধ। ইয়াৰ শক্তিৰ ঔষধ অতি তাৎৰ্যপূৰ্ণ বুলি কোৱা হয়।

ধনেশ্বৰ হুজুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate