মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / লোক খাদ্য আৰু লোক চিকিৎসাৰ উন্নতি হৈছেনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক খাদ্য আৰু লোক চিকিৎসাৰ উন্নতি হৈছেনে?

লোক খাদ্য আৰু লোক চিকিৎসাৰ উন্নতি হৈছেনে? সেই বিষয়ে লিখা হৈছে ।

লোক সংস্কৃতিৰ এক উল্লেখযোগ্য দিশ হৈছে লোক খাদ্য আৰু বনৌষধ। অতীজৰে পৰা আমাৰ সমাজ জীৱনত লোক খাদ্য আৰু ইয়াৰ ৰোগ চিকিৎসা পদ্ধতি প্ৰচলিত হৈ আহিছে। উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা বৈচিত্ৰ্যময় জাতি জনগোষ্ঠীসমূহৰ, বিশেষকৈ বড়ো, ৰাভা, টাই-আহোম, সোণোৱাল কছাৰী, গাৰো, মৰাণ, কাৰ্বি, শৰণীয়া কছাৰী আদি ভিন্ন জনগোষ্ঠী আছে, ভিন্ন লোক খাদ্য আৰু বিভিন্ন গুণ বিশিষ্ট ভেষজ দ্ৰব্যও আছে। প্ৰাকৃতিক পৰিৱেশেৰে ভৰা আমাৰ ৰাজ্যখন তাহানি কালৰ পৰাই বিভিন্ন খাদ্য- গছৰ শিপা, গছপাত, গুটি আদি উদ্ভিদজাত সামগ্ৰীসমূহ খাদ্য হিচাপে পৰিগণিত হৈ আহিছে। এইবোৰৰ প্ৰত্যেকৰে আৰু ঔষধি গুণ আৰু স্বাস্থ্যসন্মত বিভিন্ন ৰোগৰ চিকিৎসা পদ্ধতি।

বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ লগতে ঐতিহাসিক ফলপ্ৰসূ চিকিৎসা পদ্ধতিও আছে। এনেবোৰ খাদ্য আৰু চিকিৎসাৰ বিৱৰণ যুক্ত পুথিবোৰ আছিল হস্তী বিদ্যাৰ্ণৱ, ঘোঁৰা নিদান, শেন পুথি ইত্যাদি। এই পুথিবোৰত খাদ্য আৰু এইবিলাকৰ দ্বাৰা বিভিন্ন ৰোগ চিকিৎসাৰ কথাও জানিব পৰা যায়।

আদিম কালৰ পৰা বৰ্তমনা একবিংশ শতিকালৈ মানুহৰ সৃজনশীলতাৰ ফলশ্ৰুতিতে কৃষি কৰ্মৰ আৰম্ভণি হয়। এনেদৰে এই কৃষিজাত সামগ্ৰীসমূহৰ পৰা বিশেষকৈ গছ-বনৰ পৰা খাদ্য আৰু বনৌষধৰ সৃষ্টি কৰিছিল। কৃষিৰ পৰা পোৱা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰি শিশু অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈকে বছৰৰ ভিন ভিন ঋতুত কি কি শাক-পাচলি আৰু ফলমূলবোৰ খোৱা হয় তাৰ বিৱৰণো পোৱা যায়। ভিন ভিন ঋতুত আহাৰৰ ব্যৱস্থা কৰি বিভিন্ন ৰোগত এইবিলাক ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

এই ঔষধি গুণসম্পন্ন বাহ মাহে হোৱা বনৌষধি হৈছে নৰসিংহ, মানিমুনি, ভেদাইলতা, মচন্দৰি, মধু সালেং, পদিনা, নেফাফু, শুকলতি, লাইজাবৰি, ঢেকীয়া, কচু, দোৰোণ, চিৰতা, তুলসী, বিশল্যকৰণী, নয়নতৰা, পচেতীয়া ইত্যাদি। এই খাদ্য আৰু চিকিৎসা পদ্ধতিবোৰ এনেদৰে ভাগ কৰা হৈছিল-

১)বনৌষধিৰ চিকিৎসা

২)লোকাচাৰ মন্ত্ৰ আৰু লোক বিশ্বাস

৩)আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি।

বৈদিক যুগৰ পৰাই এই বিলাকৰ প্ৰচলন হৈ আহিছে। ইয়াৰ পিছত চুকাফা স্বৰ্গদেৱে সৌমাৰত ১২২৮ খৃষ্টাব্দত প্ৰৱেশ কৰি পৰম্পৰাগতভাৱে বনৌষধিৰো চিকিৎসা পদ্ধতি আৰম্ভ কৰিলে। অক্ল এয়াই নহয়, ৰামায়ণৰ যুগতো লক্ষ্মণ যেতিয়া শক্তিশেলত অৰ্ধমৃত অৱস্থাত পৰি আছিল, তেতিয়া ফনুমানে বিশাল্যকৰণী চিনি নাপাই গোটেই গোন্ধমাদন পৰ্বতখনকে দাঙি আনিছিল। এই বিশল্যকৰণী বনৌষধিৰ দ্বাৰা লক্ষ্মণৰ জীৱন দান দিয়াটো সকলোৱে জানে।

এনেদৰে বনৌষধিৰ চিকিৎসা পৰম্পৰাগতভাৱে প্ৰচলন হৈ আহিছে। ইয়াৰ উপৰি ডাঃ লীলা গগৈ দেৱৰ ‘টাই সংস্কৃতিৰ ৰূপৰেখা’ পুথিত উল্লেখ কৰা মতে আহোম যুগত লোক খাদ্য সম্ভাৰ আৰু বনৌষধিৰ প্ৰাচুৰ্য অত্যধিক আছিল।

নৰসিংহ পেটৰ ৰোগ নাইকিয়া কৰাৰ মহৌষধ। ই খোৱাৰ ৰুচি বঢ়ায়। গ্ৰহণী আৰু ডায়েবেটিচ ৰোগৰ উত্তম ঔষধ। ভেদাইলতা শুক্ৰ বৃদ্ধি কাৰক, বলকাৰক, পেটৰ অসুখ, শাৰীৰিক দুৰ্বলতা দূৰ কৰে। ই বাত বিষ নাইকিয়া কৰে। মচন্দৰি গ্ৰহণী, পেটচলা আদি ৰোগত মহৌষধ বুলি কয়।

মধু সালেং হাপানি, ব্ৰংকাইটিচ ৰোগৰ মহৌষধ। দোৰোণে হজমশক্তি বঢ়ায় লগতে মেধা শক্তি বৰ্ধক।

পদিনাই হজম শক্তি বঢ়ায়। ৰক্তহীনতা হৃদৰোগ, পিত্তৰোগ আৰু স্নায়ৱিক দুৰ্বলতা দূৰ কৰে। পদিনা শক্তিদায়ক। মহানিম হৈছে বীজাণু নাশক আৰু কীট-পতঙ্গ নাশক। ছালৰ ৰোগৰ কাৰণে বৰ উপকাৰী। নিমপাত ভাজি খালে সমস্ত ৰোগ নাইকিয়া হয় বুলি স্বাস্থ্য বিজ্ঞানীয়ে কয়। চজিনা হৈছে কুষথ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ব্ৰংকাইটিছৰ ঔষধ। হাপানি, কুকুৰী কণা বেমাৰৰ বাবে মহৌষধ। চজিনাৰ পাত, ফুল আৰু ফল সকলো ঔষধ গুণ সম্পন্ন।

ব্ৰাহ্মী হৈছে স্মৃতিশক্তি বৃদ্ধি কাৰক। ই কৃমি নাশক, ডায়েবেটিচ, হৃদৰোগ, গাৰ বিষ, বসন্ত ৰোগ, কাহ, জ্বৰৰ বাবে বৰ উপকাৰী বুলি কোৱা হয়। বনৌঅষধিবোৰে ঘাইকৈ কোষ্ঠকাঠিন্য, জণ্ডিছ, কটা ঘা, হাপানি, পেটচলা, গ্ৰহণীৰ মহৌষধ বুলি কোৱা হয়।

লাই, লফা, খুতুতা শাক চকুৰ কাৰণে বৰ উপকাৰী। চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়। চকুৰ ৰোগ প্ৰতিৰোধ হয়। ইয়াৰ উপৰি তেজমুই, সৰ্গগন্ধা, ছালমুগৰা, মন্তুক, কুঁজি থেকেৰা, মিৰিক টেঙা, অনন্ত মূল আদিৰো আছে ঔষধি গুণ।

আমাৰ লোক খাদ্যৰ ভিতৰত টেঙা, তিতা খাৰ অতি জৰুৰী। সেইবাবে লোক খাদ্য সম্ভাৰ সম্পৰ্কে ডাকৰ বচনত পোৱা যায়-

তিতা টেঙা খাৰ

এই তিনি ভোজনৰ সাৰ।

ইয়াৰ উপৰি তুলসী এবিধ ঔষধি গুণ সম্পন্ন পবিত্ৰ উদ্ভিদ। ই মানুহৰ অসুস্থতা দূৰ কৰে। সেয়েহে ডাকৰ বচনত পোৱা যায়-

কলীয়া তুলসী বেলৰ পাত

মুঠাই সহিতে বটি পটাত

তপত কৰিয়া জননী খাইবো

তেবেসে নাৰীৰ সুস্বাস্থ্য পাইবো।

অকল এয়াই নহয়, আমাৰ লোক খাদ্য সম্ভাৰ আৰু লোক চিকিৎসা পদ্ধতিত বহুতো বনৌষধি সম্পন্ন খাদ্য সম্ভাৰ আছে। প্ৰাকৃতিক বনৌষধিৰ গুণাগুণবোৰ জনাটো অতি আৱশ্যক। ডাকৰ বচনত পোৱা যায় এইদৰে-

বতৰৰ শাক-পাচলি, ফলমূল খোৱা

শৰীৰ দুৰ্বল হ’লে জিৰণি লোৱা।

বতৰৰ শাক পাত নিয়মিত খাবা

তেনে সুস্বাস্থ্যৰ অধিকাৰী হ’বা।

লোক খাদ্য চিকিৎসাৰ বনৌষধি প্ৰয়োগ নীতিশিক্ষাৰ প্ৰসাৰৰ বাবে আহোম যুগতে জস্বৰ্গদেউ সকলে সচেতন হৈ আছিল। সেই কাৰণে হয়তো আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাই জনপ্ৰিয়তা লাভ কৰিছিল।

বিশেষকৈ মৰাপাটৰ কোমল আগ খালে হেনো পেলু নহয়, গাত চৰ্ম ৰোগ নহয় বুলি কয়।

অকল এয়াই নহয় আমাৰ বাৰী বস্তিত পোৱা বনৌষধিবোৰ হৈছে- গণচানা আকন, শিলিখা, ভোমোৰা, আমলখি, কোমোৰা, মানকচু, ওল কবি, ক’লা কচু, টুপুৰী লতা, শ্যামলতা, সিন্ধেলতা, অনন্ত মূল, হাড়জোৰা, অপৰাজিতা, আলোক জয়ন্তী, লাজুকীলতা, ভুই কোমোৰা, চাল্কুঁৱৰী, পাতেগজা, ব্ৰাহ্মী, পানী কোমোৰা, শিল কোমোৰা, পূৰ্ণনৱা, বচ, বৰিয়াল, তিতা ভেকুৰি, আকুচকাথ, ৰাস্না, আকলবিহ, তেজপাত কালমেঘ, চিৰতা, শতমূল, ভৃংগৰাজ, কেহৰাজ, পচেতীয়া, ৰঙাজবা, আমৰি লতা, অমৰা, পাচাউনী, ভেনিলা, নেফাফু, সৰ্পগন্ধা, মচন্দৰি, নিমগছ আদি উল্লেখযোগ্য বনৌষধি। এইবিলাকৰ পৰা প্ৰস্তুত কৰা বনৌষধি তাহানি কালৰ পৰাই ব্যৱহাৰ কৰি আহিছে।

এইবোৰ বনৌষধিৰ খেতি কৰিবলৈ চৰকাৰে খেতিয়কক উৎসাহ জনাব লাগিব। আমাৰ কথা হ’ল তলত দিয়া কথাবোৰৰ প্ৰতি চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে। বিশেষকৈ-

১)প্ৰতি জিলাত একোখন বনৌষধি বাগিচা স্থাপন কৰাৰ আঁচনি ল’ব লাগে।

২)নিবনুৱা যুৱক-যুৱতী সকলে আত্মসহায়ক গোত গঠন কৰি এইবোৰ খেতিৰ সম্প্ৰসাৰণ কৰাৰ সুসংহত আঁচনি গ্ৰহণ কৰিব লাগে।

৩)অকল কাগজে-পত্ৰে আঁচনিৰ ফুলজাৰি মাৰিলে নহয়। ইয়াৰ বাবে বাস্তৱসন্মত বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আঁচনিবোৰৰ সফল ৰূপায়ণ কৰিব লাগিব।

৪)ইয়াৰ খেতি-বাতিৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত।

৫)বনৌষধিৰ প্ৰচেচিং উদ্যোগ স্থাপন কৰিব লাগে। ইয়াত থলুৱা নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিব লাগে। তদুপৰি সহজলভ্যভাৱে ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগে বেংকসমূহে।

৬)ইয়াৰ উপৰি স্থানীয়ভাৱে ইয়াক সহজতে পাব পৰাকৈ বিহিত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়।

৭)আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ বিষয়া-কৰ্মচাৰী, ঋণদাতা সংস্থাসমূহৰ একাগ্ৰতা, সদইচ্ছাত আন্তৰিকতা থাকিব লগে। তেতিয়াহে আমাৰ উন্নতি বুলি আশা কৰিব পাৰি।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top