মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / লচকচি/পিতকইচাৰ ঔষধী গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লচকচি/পিতকইচাৰ ঔষধী গুণ :

লচকচি/পিতকইচাৰ ঔষধী গুণৰ বিষয়ে লিখা হৈছে ।

 

হিন্দী- মকোয়, বঙালী-কাকমাচি, বৈজ্ঞানিক নাম- Soleanum nigrum. অসমীয়াৰ বহাগৰ ১০১ বিধ শাকৰ এবিধ। অনাদ্ৰিত ভাৱে যতে ততে গজা ই এক মহৌষধ। আয়ুৰ্বেদত ইয়াৰ বহুল ব্যৱহাৰ হয়।

আপুনি ইয়াৰ ঔষধী গুণ জনাৰ পিছত হয়তো আৰু অনাদৰ নকৰিব। লচকচিক স্বাস্থ্যবন্ধু বুলি কোৱা হয়। কাৰণ- ই বিভিন্ন ৰোগত আশ্চৰ্যজনক উপশম দিয়ে। যকৃত আৰু হৃদৰোগৰ আমোঘ ঔষধ। ই বায়ু, পিত্ত আৰু কফ ত্ৰিদোষ শমন কৰে।

লচকচি নিম্ন উল্লেখিত ৰোগ সমূহত ব্যৱহাৰ কৰা হয় -

*জণ্ডিছ।

*লিভাৰৰ সমস্যা।

*খজুৱটি।

*কেচুমুৰিয়া বা পাইলচ।

*বৃক্ক ফুলা।

*মূত্ৰাশয় ফুলা।

*নিদ্ৰা হীনতা।

*বসন্ত।
*বমি।
*কফ।
*জ্বৰ।
১)জণ্ডিছ:

জণ্ডিছ ৰোগত লচকচিৰ পাত সিজোৱা পানী খালে কম দিনতে আৰোগ্য হয়।

২)লিভাৰ বা যকৃত ৰোগ:

শিপা সহ লচকচিৰ ৰস ওভালি ধুই পৰিস্কাৰ কৰি লওক। সম্পূৰ্ণ গছজোপা চুটিকৈ কাটি থেতেলী ৰস উলিয়াই লওক। এই ৰস মাটিৰ পাত্ৰত কম জুইত গৰম কৰিব। ৰস খিনিৰ ৰঙ সেউজীয়াৰ পৰা গুলপীয়া নোহোৱালৈকে গৰম কৰি ঠাণ্ডা হবলৈ দিব। ইয়াৰ ৫০ মি.লি. ৰ লগত ৩ টা জালুকৰ গুৰি মিহলাই খাব। দিনত এবাৰ মাত্ৰ। জঠৰাগ্নী তীব্ৰ থাকিলে খালি পেটত খাব নহলে খোৱাৰ এঘণ্টা পিছত খাব। ৰস প্ৰতি দিনেই নতুনকৈ বনাব।

৩)খৰ খজুলি:

খৰ খজুলিত ইয়াৰ পাত পিহি প্ৰলেপ ললে আৰু ৫০ মিঃলিঃ পাতৰ ৰস দৈনিক খালে আৰোগ্য হয়।

৪)কেচুমুৰিয়া:

কেচুমুৰিয়া ৰোগত তেজ গলে লচকচি পাতৰ সতেজ ৰস খালি পেটত ১০ গ্ৰামকৈ সেৱন কৰিব।

৫)বৃক্ক বা মূত্ৰাশয় ফুলা:

দৈনিক ১০ গ্ৰাম সতেজ পাতৰ ৰস খালে এই ৰোগ আৰোগ্য হয়।

৬)নিদ্ৰাহীনতা:

১০ গ্ৰাম শিপাৰ ৰস শোৱাৰ আগত মিঠৈৰ লগত খালে নিদ্ৰা হীনতা ভাল হয়।

৭)বসন্ত ৰোগ:

বসন্ত ৰোগত ইয়াৰ ক্বাথ সেবন কৰিলে সোনকালে আৰোগ্য হয়।

৮)বমি:

সঘনাই বমি হৈ থাকিলে ইয়াৰ ৰসৰ লগত সুৱগা মিহলাই খোৱালে বমি বন্ধ হয়।

৯)কফ:

কফৰ সমস্যাত লচকচি পাতৰ ৰস দিনে তিনিবাৰকৈ খালে কফৰ সমস্যাৰ সমাধান হয়।

১০)জ্বৰ:

সাধাৰণ জ্বৰ হলে লচকচি পাতৰ ৰস ১০ গ্ৰামকৈ দিনে তিনিবাৰ খালে আৰোগ্য হয়।

(ব্যৱহাৰৰ আগত অৰ্হতা সম্পন্ন আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব)

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top