অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শতমূলৰ ঔষধী গুণ :

শতমূলৰ ঔষধী গুণৰ বিষয়ে লিখা হৈছে ।

  • শতমূলৰ ইংৰাজী নাম Asparagus,
  • বৈজ্ঞানিক নাম- Asparagus racemosus,
  • বাংলা- শতমূলী,
  • হিন্দী-সাতাৱৰী,
  • শাস্ত্ৰীয়- ইন্দীবৰী, বৰী, নাৰায়ণী, শতপদী, পীবৰী আদি।

শতমূল এবিধ কাঁইটীয়া লতাজাতীয় গছ। বাৰিষা কালত উপজি খৰালি এইবিধ গছ নিশ্চিহ্ন হৈ মৰি যায়। কিন্তু শিপা সজীৱ হৈ থাকে বাবে বাৰিষা আকৌ লহপহকৈ বাঢ়ি আহে। দৰবৰ বাবে ইয়াক ঘৰৰ চৌহদত ৰোপন কৰি সংৰক্ষণ কৰা হয়। শতমূল বহুধা গুণ সম্পন্ন। ইয়াৰ শিপা ৰসাল আৰু মঙহাল। শিপাৰ ৰস মিঠা আৰু তিতা সোৱাদ যুক্ত ।

পুষ্টি গুণ

শতমূলত-

  • চডিয়াম,
  • কেলচিয়াম,
  • পটাচিয়াম,
  • মেগনেচিয়াম,
  • কাৰ্বহাইড্ৰেট,
  • ডায়েট্ৰি ফাইবাৰ,
  • শৰ্কৰা,
  • আইৰণ,
  • প্ৰটিন,
  • খাদ্যপ্ৰাণ- A, C, D, B6, B12, পোৱা যায়।

এশৰোগ আৰোগ্য কৰিব পৰা গুণ সম্পন্ন বাবে শতাৱৰী বোলা হয়। ইয়াৰ ফল মটৰ মাহৰ সমান আৰু পকিলে ৰঙা হয়। আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে। শতমূলে দীৰ্ঘ দিনীয়া পুৰণি বা শয্যাগত ৰোগীকো ৰোগ প্ৰতিৰোধৰ শক্তি যোগান ধৰিব পাৰে বাবেই মহৰ্ষি চৰকে শতমূলক বল্য আৰু বয়ঃস্থাপক(চিৰ যৌৱন প্ৰদানকাৰী) বুলি কৈছে। ইয়াক শুক্ৰজনন, শীতল, মধুৰ আৰু দিব্য ৰসায়ন বিবেচনা কৰা হয়। আধুনিক গৱেষণাতো শতমূল হৃদৰোগ নিৰাময়ৰ বাবে কাৰ্য্যক্ষম প্ৰমাণিত হৈছে।

শাতাৱৰী হিমতিক্তা স্বাদীগুৰ্ৱীৰসায়ণীসুস্নিগ্ধ শুক্ৰ লাবল্যাস্তন্য মেদোষগ্নি পুষ্টিদা। চক্ষুস্যাগত পিত্তাস্য গুল্মাতিসাৰশোথজিত। " অৰ্থাৎ শতমূল বুদ্ধিবৰ্ধক, অগ্নিবৰ্ধক, শুক্ৰদুৰ্বলতা দূৰ কৰিব পৰা স্তন্য জনক ঔষধী।

শতমূলৰ কিছু আয়ুৰ্বেদীয় প্ৰয়োগৰ বিষয়ে জানো আহক। এই প্ৰয়োগ সমূহ অভিজ্ঞ আৰু অৰ্হতা সম্পন্ন চিকিৎসকৰ পৰামৰ্শ, তত্ত্বাৱধান আৰু নিৰীক্ষণত কৰিবলৈ অনুৰোধ জনালো।

অনিদ্ৰাঃ

অনিদ্ৰাত ভোগীলে শতমূলৰ শিপা গাখীৰত পায়সৰ দৰে পগাই অলপ গাই ঘিউ মিহলাই সেৱন কৰিলে অনিদ্ৰা দূৰ হয়।

মাইগ্ৰেণঃ

তমূলৰ শিপাৰ ৰস সম পৰিমাণৰ তিলতেলৰ লগত পগাই ঠাণ্ডা কৰি বটলত সংৰক্ষণ কৰিব। এই তেল মূৰৰ বিষ আৰু মাইগ্ৰেণত ব্যৱহাৰ কৰিলে আৰাম পাব।

কাঁহঃ

কাঁহ হলে প্ৰাপ্ত বয়স্ক ৰোগীয়ে শতমূল চুৰ্ণ ১.৫ গ্ৰাম, বাসক পাতৰ ৰস ২.৫ মিলি মিচিৰি মিহলাই সেৱন কৰিলে আৰোগ্য হব।

প্ৰসূতিৰ গাখীৰ নোহোৱাঃ

প্ৰসুতি মাতৃৰ গাখীৰ নোলালে শতমূল চূৰ্ণ ৫ গ্ৰাম কুহুমিয়া গাখীৰৰ লগত মিহলাই খোৱালে বা ৩-৪ চামুচ শতমূলৰ ৰস ২০০ মিলি গাখীৰৰ লগত এচামুচ চেনি মিহলাই পুৱা গধুলি ৭ - ১০ খোৱালে গাখীৰ বাঢ়িব।

যৌন দূৰ্বলতাঃ

পুৰুষৰ যৌন দূৰ্বলতাৰ ক্ষেত্ৰত শতমূল চূৰ্ণ ৫ গ্ৰাম গাখীৰৰ লগত নিয়মীয়াকৈ খালে আৰোগ্য লাভ কৰিব।

পেচাবৰ সমস্যাঃ

পেচাব বা মূত্ৰাশয় সম্পৰ্কীয় সমস্যা থাকিলে শতমূল গোক্ষুৰৰ লগত সেৱন কৰিলে আৰোগ্য হয়।

ঘাঁ:

সাধাৰণ ঘাঁ হলে শতমূলৰ পাত পিহি লগালে ঘাঁ নিৰাময় হয়।

স্বপ্নদোষঃ

শতমূল চূৰ্ণ ২.৫ গ্ৰাম, মিচিৰি ২.৫ গ্ৰাম গাখীৰৰ লগত মিহলাই দিনে তিনিবাৰ কৈ ২০ -৩০ দিন খালে প্ৰমেহ, শীঘ্ৰপতন, স্বপ্নদোষ নিৰাময় হয়।

ধাতু দূৰ্বলঃ

৫-১০ গ্ৰাম শিপাৰ চূৰ্ণ গাখীৰৰ লগত অথবা ১০-১৫ মিলি ৰস দিনত ২-৩ বাৰ ১০-১৫ দিন সেৱন কৰিলে ধাতু বৃদ্ধি হয়।

বাতজ জ্বৰঃ

বাতজ জ্বৰত শতমূল আৰু শগুণী লতাৰ ৰস মিহলাই খালে বাতজ জ্বৰ নিৰাময় হয়।

পিত্তশূলঃ

শতমূলৰ ৰস মৌৰ লগত খালে বুকু পুৰণি, বিষ বা আন পিত্ত সম্বন্ধীয় ৰোগ নিৰাময় হব।

মৃগী বা অপাস্মাৰঃ

এপোৱা এৱাগাখীৰৰ লগত ২০মিলি ৰস মিহলাই দৈনিক খাব।

চক্ষু ৰোগ

চকুৰ যি কোনো ৰোগত ই মহৌষধ। দৃষ্টিশক্তি কমা, কুকুৰিকণা, চকুনমা, চকুফুলা, চকুৰ পৰা পানীপৰা, চকুত ছানি পৰা আদি ৰোগত শতমূলৰ ৰস খালে আৰোগ্য হয়। চকু নামিলে চকুৰ চৌকাষে শতমূল বটি অঞ্জণ ললে ভাল হয়।

ইয়াৰ কুমলীয়া আগ অংশ সুস্বাদু পাচলি হিচাবেও খাব পাৰি। শতমূলৰ গছ টাবত ৰুলেও আলঙ্কাৰীক উদ্ভিদৰ দৰে বৰ আকৰ্ষণীয় দেখি।

সতৰ্কীকৰণঃ

ক্ৰমাগত বেছিদিন খালে পেটত গেছ হব পাৰে।

লেখক: যোগশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top