অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শতমূলৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক সম্ভাৱনীয়তা

ভাৰতবর্ষৰ বিভিন্ন ঠাইত প্রাকৃতিক ভাবে উপলব্ধ হোৱা এবিধ লতাজাতীয় ঔষধি শস্য হৈছে শতমূল(Asparagus racemosus willd.)।এইবিধ লতা জাতীয় শস্য ৩০ ৰ পৰা ৩৫ ফুট পর্যন্ত ওখ হয় । শতমূলৰ ঔষধি গুণৰ বাবে চিকিত্সা বিজ্ঞানৰ গৱেষণাত ইয়াৰ অৱদান যথেষ্ট বুলিব পাৰি । বিভিন্ন শক্তির্বদ্ধক ঔষধ প্রস্তুত কৰিবৰ বাবে শতমূলৰ প্রয়োজন হয় । পুৰুষ-মহিলা উভয়ৰে বিভিন্ন যৌণ ৰোগ জনিত সমস্যাৰ ঔষধ প্রস্তুত কৰিবলৈ শতমূলৰ বহুল ব্যৱহাৰ কৰা হয় । তাৰোপৰি মাতৃ-দুগ্ধৰ পৰিমাণ বঢ়াবলৈ শতমূলৰ ঔষধি গুণে যথেষ্ট কাম কৰে । বিভিন্ন চর্মৰোগ তথা কুষ্ট ৰোগ নিৰাময়ৰ বাবে শতমূলৰ ঔষধি গুণৰ প্রয়োগ কৰা হয় । শতমূলৰ ঔষধি গুণৰ ইমানেই মহত্ত্ব যে মানুহৰ বিভিন্ন ৰোগ যেনে-আভ্যন্তৰিণ ৰক্তক্ষৰণ,মূত্র জনিত ৰোগ,ডিঙি লৰচৰ কৰিব নোৱাৰা সমস্যা,ভৰি তলুৱা জ্বলা-পূৰা কৰা,চাইটিকা তথা ভৰি বিষৰ বিভিন্ন সমস্যা আদিৰ ঔষধ প্রস্তুতকৰণত শতমূলৰ অৱদান যথেষ্ট বেছি।

জলবায়ু আৰু মাটি

শতমূলৰ বাবে উষ্ণ তথা আর্দ্র জলবায়ু অতি উত্তম । যিবিলাক অঞ্চলৰ তাপমান ১০ ডি.গ্রী. ৰ পৰা ৫০ ডি.গ্রী. ছেলচিয়াচৰ ভিতৰত থাকে আৰু বছৰি ৬০০-১০০০ মি.মি.বৰষুণ হয় সেইবোৰ ঠাইত শতমূলৰ খেতি ভাল হয় । জুলাই মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত যথেষ্ট বৰষুণ হোৱা ঠাইত শতমূলৰ বাঢ়ন যথেষ্ট ভাল হোৱা দেখা যায় । শতমূলৰ বাবে পানী সহজে ওলাই যাব পৰা বালিচঁহীয়া বা আলতীয়া মাটি নির্বাচন কৰিব লাগে । নির্বাচন কৰা মাটি ডৰাৰ পি.এইচ ৬-৮ ৰ ভিতৰত থাকিব লাগে ।

প্রর্বদ্ধন ব্যৱস্থা

শতমূলৰ প্রর্বদ্ধন গুটি আৰু মুকুট আলুৰ দ্বাৰা কৰিব পাৰি । গুটিৰ দ্বাৰা হোৱা প্রর্বদ্ধন ব্যৱস্থাক বেছি গুৰুত্ব দিয়া হয় । গুটিবোৰৰ বৰণ যেতিয়া ৰঙাৰ পৰা ক'লা হয় সেই সময়তে গুটি সংগ্রহ কৰিব লাগে ।

নার্চাৰীৰ প্রতিপালন ব্যৱস্থা

শতমূলৰ গুটি পচাবৰ বাবে নার্চাৰীখন সুন্দৰ ভাবে প্রস্ত্তত কৰি ল'ব লাগে । নার্চাৰীখনত যথেষ্ট পৰিমাণে পচন সাৰ প্রয়োগ কৰি ১০ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল হিচাপত চিতা(bed) বনাই ল'ব লাগে । গুটিবোৰ শাৰীবদ্ধ প্রণালীত ৫ ছে.মি. অন্তৰে অন্তৰে সিঁচি দিব লাগে । সিঁচাৰ পাছতেই শাৰীবোৰ পাতলকৈ মাটিৰে ঢাকি দিব লাগে । নার্চাৰীখনত জাৰিকেনৰ সহায়ত পাতলকৈ পানী যোগানৰ ব্যৱস্হা কৰিব পাৰিলে পুলিৰ বাঢ়ন ক্ষমতাঠিকে থাকে । এক হেক্টৰ মাটি ৰুবৰ বাবে ৭ কি.গ্রা. শতমূলৰ বীজৰ প্রয়োজন হয় । যিহেতু শতমূলৰ গুটিৰ বাকলি টান সেই হেতুকে নার্চাৰীত সিঁচাৰ আগতে পানীত তিয়াই থ'লে বীজৰ অংকুৰণৰ শতাংশ ঠিকে থাকে।

মূল পথাৰ প্রস্তুতি আৰু সাৰ প্রয়োগ

শতমূলৰ খেতি কৰিবৰ বাবে মূল পথাৰখন দ'কৈ চহাই ল'ব লাগে । মাটি ডৰা চহাই লোৱাৰ পাছতেই সমান কৰি ল'ব লাগে । মাটি প্রস্তুতৰ পাছতেই প্রায় ৯ ইঞ্চি ওখকৈ ভেটি বনাই দিব লাগে । কাৰণ এই ভেটিতেই ৪০ ৰ পৰা ৪৫ দিনীয়া শতমূলৰ পুলি ৬০*৬০ ছে.মি. দূৰত্বত আৰু ১০ ছে.মি. গভীৰতাত ৰোপন কৰিব লাগে । শতমূলৰ শ্রীবৃদ্ধিৰ বাবে জৈৱিক আৰু ৰাসায়নিক দুইবিধ সাৰেই মূল পথাৰত প্রয়োগ কৰিব লাগে । মাটি প্রস্তুতিৰ সময়তে হেক্টৰে প্রতি ১০টনকৈ গোবৰ বা পচনসাৰ প্রয়োগ কৰি মাটিৰ লগত মিহলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে । জৈৱিক সাৰৰ উপৰিও শতমূলক প্রতি হেক্টৰত ১৩০ কি.গ্রা. ইউৰীয়া,২৫০ কি.গ্রা. একক চুপাৰ ফছফেট আৰু ৬৬ কি.গ্রা. মিউৰেট অৱ পটাছ সাৰৰ প্রয়োজন হয় । এই পৰিমাণৰ সাৰ মাটিত প্রয়োগ কৰিলে শতমূলৰ বাঢ়ন ক্ষমতা ঠিকে থাকে আৰু আলু শিপাৰ উত্পাদন যথেষ্ট বঢ়াই দিয়ে । শতমূলৰ পুলি ৰোৱাৰ আগেয়ে ইউৰীয়া সাৰৰ এক তৃতীয়াংশ আৰু একক চুপাৰ ফছফেট তথা মিউৰেট অৱ পটাছ সাৰৰ সমুদায় অংশ ১০ ছে.মি. গভীৰতাত প্রয়োগ কৰিব লাগে । বাকী ৰৈ যোৱা ইউৰীয়াখিনি দুবাৰ টপদ্রেছ কৰি দিলে সুফল পোৱা যায় । শতমূলৰ শস্যকাল যিহেতু ২৪ মাহৰ পৰা ৪০ মাহ পর্যন্ত হয় সেয়েহে প্রতি বছৰে শতমূলৰ খেতি ডৰাত জৈৱিক সাৰ প্রয়োগ কৰিব লাগে । শতমূল যিহেতু লতা জাতীয় শস্য সেয়েহে বগাবলৈ সুবিধা হ'বৰ বাবে গছৰ ডাল বা বাঁহৰ খুটি কাষত পুতি দিব লাগে । এনে কৰিলে শতমূলৰ আৰোহণত সুবিধা হ'ব ।

পানী যোগান

শতমূলৰ খেতিত পানী যোগানৰ আৱশ্যকতা কম । যিবোৰ ঠাইত বছৰি ৮০০-১২০০মি.মি.বৰষুণ হয় সেইবোৰ ঠাইত পানী যোগানৰ ব্যৱস্থা নকৰাকৈয়ে শতমূলৰ খেতি কৰিব পাৰি । প্রয়োজন হ'লে শতমূলৰ পুলি ৰোপন কৰাৰ ঠিক পাছতেই এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । যেতিয়া পুলিবোৰ ঠন ধৰি উঠিব সেই সময়তে আৰু এবাৰ পানী যোগান ধৰিব পাৰিলে ভাল হয় । গুটি লগাৰ সময়ত আৰু আলুখন্দাৰ সময়ত পানী যোগানৰ ব্যৱস্হা কৰিলে গুটি বেছিকৈ লগাৰ উপৰিও আলু খানিবলৈ মাটি কোমল হয়।

খেতি চপোৱা

এবছৰ পাছতেই শতমূলৰ খেতি চপাব পাৰি যদিও গুটি সংগ্রহ কৰিবৰ বাবে ২০ মাহ পাছতহে চপাব লাগে। ৰবি বতৰত অর্থা নভেম্বৰ-ডিচেম্বৰ মাহ শতমূলৰ আলু খান্দিবৰ বাবে উপযুক্ত সময় । শতমূলৰ বয়স যেতিয়া ২০ মাহ হয় সেই সময়ত চপালে প্রতি হেক্টৰত ৩০কুইন্টল শতমূল বা আলু উত্পাদন কৰিব পৰা যায় আৰু প্রায় ৩০-৩৫ কি.গ্রা. গুটি প্রতি হেক্টৰত পোৱা যায়।

বজাৰৰ সম্ভাৱনীয়তা

শতমূলৰ ঔষধি গুণৰ ইমানেই মহত্ব যে মানুহৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে প্রস্তুত কৰা ঔষধৰ বেছি ভাগতে শতমূলৰ প্রয়োজন হয় । সেয়েহে শতমূলৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিলে কেঁচামাল সংগ্রহ কৰিবলৈ উদ্যোগ সমূহ আগবাঢ়ি আহিব আৰু কৃষকসকল অর্থনৈতিক ভাবে লাভবান হ'ব পাৰিব । আমাৰ দেশত শতমূলৰ নিৰুপিত বার্ষিক বাণিজ্যৰ পৰিমাণ ২০০০-৫০০০ মে.টন । প্রতি কি.গ্রা.শতমূলৰ মূল্য হৈছে ৪০-৭০ টকা।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate