মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / শেৱালি ফুলৰ ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শেৱালি ফুলৰ ঔষধি গুণ

শেৱালি ফুলৰ ঔষধি গুণৰ বিষয়ে আলোচনা কৰা হৈছে

শেৱালি ফুলৰ বৈজ্ঞানিক নাম "Adansoniya Digitata" । ইয়াক হিন্দি ভাষাত পাৰিজাত বুলি জনা যায় । সেই পাৰিজাত যাক ভগবান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীৰ বাবে স্বৰ্গৰ পৰা হৰণ কৰি পৃথিবীলৈ লৈ আনিছিল । আন এক প্ৰবাদ অনুসৰি মহাভাৰতীয় যুগত অৰ্জুনে মাতৃ কুন্তীৰ বাবে এই বৃক্ষবিধ উপহাৰ স্বৰুপে মহাদেবৰ পৰা লাভ কৰিছিল বুলিও জনা যায় । অৰ্জুনে পৃথিৱীলৈ অনা সেই বৃক্ষবিধ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকী জিলাৰ "কিন্তুৰ" নামৰ গাঁৱত আজিও জীৱিত হৈ আছে বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। আয়ুৰ্ৱেদিক শাস্ত্ৰসমূহতো শেৱালি ফুলৰ গছক মহামূল্যবান বৃক্ষ বুলি কোৱা হৈছে । অৰ্থাৎ ই কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতি নহয়,ঔষধ হিচাপেও ইয়াৰ বিশেষ মহত্ব আছে । জানো আহক শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণৰ বিষয়ে...

* শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ-কাহ ভাল হয় ।
* চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।
* শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই আঞ্জা কৰি খাব পাৰি । শুকান শেৱালি ফুল দৰিকণা মাছ বা পুঠি মাছৰ লগত থপথপীয়াকৈ ৰন্ধা আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক । ইয়াৰ দ্বাৰা পাচনশক্তি বৃদ্ধি হয় ।
* শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।
* শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।
* হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি । এই ঔষধ ৰাতিপুৱা এটা সৰু গিলাচত লৈ সেৱন কৰা উচিত। অৱশ্যে এই ক্ষেত্ৰত টেঙা খোৱাৰ পৰা বিৰত থাকিব লাগে । নহলে ঔষধৰ প্ৰভাৱ শূণ্যৰ সমান হৈ পৰে।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া।

3.13698630137
দেৱাশিস বেজবৰুৱা Sep 17, 2019 10:05 PM

উপকৃত হলো | ধন্যবাদ |

কুলদীপ কুমাৰ শৰ্মা Jul 31, 2016 11:33 PM

শেৱালী ফুলৰ ৫টা পাত ভালকৈ পানীত ধুই ৰাতি পটাত মিহিকৈ বটিলৈ এগিলাচ পানীৰ লগত সেৱন কৰিলে যিকোনো জ্বৰ সোনকালে ভাল হয় । আকৌ বটি লোৱা পেষ্টখিনি এগিলাচ পানীৰ সৈতে উতলাই উতলাই আধাগিলাচ হলে নমাই ঠাণ্ডা হব দিব লাগে আৰু ৰাতিপুৱা খালী পেটত এধোক এধোককৈ গোটেইখিনি খালে জ্বৰৰ সৈতে থকা গাৰ বিষ ,গাঠিৰ বিষ ,ককালৰ বিষ আদি একেদিনাই ভাল হয় ।

ৰাহুল দাস Oct 24, 2015 01:52 PM

মই জনাত শোৱালী ফুলৰ বৈজ্ঞানিক নাম "Adansoniya Digitata" নহয় ইয়াৰ বৈজ্ঞানিক নাম "Nyctanthes arbor-tristis" ৷ বৈজ্ঞানিক নাম লিখোতে প্ৰথম শব্দটো সদায় ডাঙৰ হাতৰ আৰু দ্বিতীয় শব্দটো সদায় সৰু হাতৰ লিখিব লাগে, ছপা মাধ্যমত বেকা (itali) কে লিখিব লাগে৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top