শেৱালী ফুলৰ দ্বাৰা বহু উপকাৰ সাধন হয়।
২১৬ পাহ শেৱালী ফুল (সতেজ) পৰিষ্কাৰ কৰি ভালদৰে পিহিব। ইয়াৰ ৰস চুলিৰ গুৰিত লগাব। এক দণ্ড সময় (এক দণ্ড অৰ্থাৎ প্ৰায় ৮০ মিনিট) এনেকৈ ৰাখিব শেষত পানীৰে মূৰ ধুব। চুলি সৰা বন্ধ হয়। চুলি লহপহীয়া স্বাস্থ্যকৰ আৰু ঘন হয়। চুলিৰ ৰং ডাঠ মাটিয়া ৰঙৰ হয়। চুলি গজে। এনেকৈ একেৰাহে এঘাৰ বা চৈধ্যদিন লগাব লাগে।
শালমন হ’লে শেৱালী ফুলৰ কোমলীয়া পাতৰ ৰস লগাব লাগে আধা দণ্ড।
অৰ্থাৎ প্ৰায় দহ মিনিট, পানীৰে ধূব।
শেৱালী ফুল পানীত তিয়াই থ’ব। ইয়াৰ সুৱাস ল’ব। লগতে হালধীয়া পৰা পানীখিনি পি খাব।
পেটত পেলু বা কৃমি হ’লে শেৱালী ফুলৰ কোমলীয়া পাত বা শেৱালী ফুল খাব লাগে। কৃমিৰ বাবে প্ৰায়ে মানুহৰ মুখ নথকা ডাঙৰ ডাঙৰ শালমন ওলায়। এই দৰৱ ব্যৱহাৰ কৰিলে শালমনও ভাল হয়।
বহুক্ষেত্ৰত ছালৰ ম্লান ভাব পেটত পেলু হ’লে হয়। তেতিয়াও শেৱালী ফুল খাব লাগে। ৰস উলিয়াই অলপ গৰম কৰি খাব।
লিখকঃ শিৱাঙ্গী কাশ্যপ
ধন্যবাদ জনায় দিযাৰ বাবে