মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / শেৱালী ফুলৰ ঔষধী গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শেৱালী ফুলৰ ঔষধী গুণ :

শেৱালী ফুলৰ ঔষধী গুণৰ বিষয়ে লিখা হৈছে ।

শৰতৰ আগমনৰ লগে লগে প্ৰকৃতি সুন্দৰ সুবাসেৰে মন পুলকিত কৰা শেৱলী ফুল আমি সকলোৱে চিনোঁহক। শেৱালী ফুল স্থানভেদে বিভিন্ন নামেৰে জনাজাত । সংস্কৃতত- পাৰিজাতক, শেফালীকা , হিন্দীত - শিউলী,  শিৱলী, শেফালী, হৰশৃংগাৰ , পাৰিজাত ইংৰাজীত - নাইট ফ্লাৱাৰিং জেচ্ মিন , কুইন অফ দা নাইট আদি বনষ্পতিয় নাম- Nyctanthes arbortristis ।
অন্যহাতে শেৱালী ফুলৰ সৌন্দৰ্য্য আৰু সুগন্ধীয়ে সকলোৰে মনলৈ প্ৰেম আৰু আনন্দৰ ভাৱ জগায় তোলে যদিও এই গছজুপীৰ প্ৰাচীন লোকবিশ্বাসমতে চলি অহা এটি কৰুন কাহিনীৰ বাবে সাহিত্যৰ ভাষাত " বিষাদৰ প্ৰতীক" বুলি ভৱা হয় । (ইংৰাজীত True of sorrow -ৰ প্ৰতীক)।

প্ৰথমে শেৱালী ফুল কি এনে বিষাদৰ প্ৰতীক সেই কাহিনীটো জানো আহক-
প্ৰাচীন লোক কথা অনুসৰি পাৰিজাত নামে এজনী অতি সুন্দৰী ৰাজকুমাৰীয়ে সূৰ্য্যদেৱৰ প্ৰতি প্ৰেম ভিক্ষা কৰাৰ লগতে জীৱন সঙ্গিনী হবলৈ খুবেই হেপাহ কৰিছিল । কিন্তু স্বয়ং সুৰ্য্যদেৱে পাৰিজাতৰ সেই নিৱেদন অস্বীকাৰ কৰাত ৰাজকুমাৰী মৰ্মাহত হৈ আত্মহত্যা কৰে । দাহন কৰা ৰাজকুমাৰীৰ সমাধীস্থলত এজুপী বৃক্ষৰ উৎপত্তি হয় । বৃক্ষজুপী নিশা সুগন্ধী পুষ্পৰ শৃঙ্গাৰেৰে জকমকীয়াকৈ সুশোভিত হয় আৰু সুৰ্য্যদেৱৰ আগমনত শোক তাপ আৰু বিষাদৰ চকুলো টুকি সকলো অলংকাৰ ত্যাগ কৰে অৰ্থাত ফুলবোৰ সৰি পৰে । অন্যহাতে শাস্ত্ৰত উল্লেখ থকামতে সৰগৰ আপুৰুগীয়া সুগন্ধী পুষ্প ৰুক্মিণীলৈ বুলি মৰ্তলৈ ভগৱান শ্ৰীকৃষ্ণই অনা পাৰিজাত ফুল শেৱালী ফুলেই আছিল বুলি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকে বিশ্বাস কৰে।
অন্য এক লোক বিশ্বাসমতে অৰ্জুনৰ প্ৰতি সদাশিৱ সন্তুষ্ট হৈ শেৱালী ফুলৰ পুলি এটা উপহাৰ স্বৰুপে দিয়াত মাক কুন্তীয়ে যতনেৰে ৰোৱা শেৱালী জুপী বৰ্তমান উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ কিন্তুৰ নামে ঠাইত এতিয়াও জীয়াই থকা অতি পুৰনি শেৱালী (পাৰিজাত) বৃক্ষ একেজুপীয়েই বুলি বিশ্বাস কৰে ।
লোকবিশ্বাস যিয়েই নহওক আমি দেখা শেৱালী ফুল জুপী কেৱল সৌন্দৰ্য আৰু সুগন্ধীয়ে নহয় আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰত ই এক মহৌষধীহে । সচৰাচৰ বহুতেই ইয়াৰ কেচা বা শুকান ফুল ভাজি বা সৰু মাছৰ তৰকাৰী কৰি খায় । খাবলৈ অলপ তিতা যদিও খাবলৈ জুতি লগা । শেৱালীৰ ফুল ,পাত ,বীজ, গছৰ চাল অদি সকলো অংশই ঔষধী হিচাৱে ব্যৱহৃত হয় ।

খোৱাৰ নিয়ম আৰু মাত্ৰা

১) পাতৰ মাত্ৰা ৪ৰ পৰা ৮ খিলা

২) ফুল ১০-১৫টা

৩) বীজ১০-১৫ টা

৪) চাল ১০--২০ গ্ৰাম

৫) এইবোৰৰ শুকান চুৰ্ণ হলে ৫-১০ গ্ৰাম / ইয়াৰ কেচা ৰস উলিয়াই বা থেতেলি পানীত কিছুসময় উতলাই আধা পানী থকাত ঠাণ্ডা কৰি খাব পাৰে ।শেৱালী পাত বা ফুল ,তুলসী পাত ,আদা,গুড় বা মৌ মিহলাই চাহ বনাই খাব পাৰে ।( চাহপাত বা গাখীৰ নিদিব)।

গুণাগুণ

১। জ্বৰ , পালাজৰ, জীৰ্ণ জ্বৰ আদি সকলো প্ৰকাৰ জৰত শেৱালি পাত আৰু তুলসী পাত সিজোৱা পানী দিনে ২/৩ বাৰ খালে সোনকালে উপসম হয় । টায়েফয়েদ, মেলেৰী্য়া আদি ৰোগ আৰোগ্য হোৱাৰ পিচত নিয়মিত কিছুদিন খালে ৰোগ পুনৰ ফিৰি নাহে ।শুকান কাহতো অতি হিতকাৰী ।

২। শেৱালী ফুলে তেজ পৰিস্কাৰ (blood detoxification) কৰে । ৰক্ত বিকাৰ তথা তেজত থকা ৰোগ বীজানু নাশ কৰে ।

৩। পাচন ক্ৰিয়া মজবুত কৰে আৰু পেটৰ সকলো ধৰনৰ ৰোগৰ লগতে কৃমিৰ বাবে অতি হিতকাৰী । ৰাতিপুৱা খালিপেটত খাব ।

৪। অৰ্শ বা কেছুমুৰীয়া (পাইল্ চ) ৰোগত শেৱালী মহা উপকাৰী । ৫/৬টা পাত বা চালৰ ৰস বা উপলোৱা পানী ঠাণ্ডা কৰি পুৱা গধুলী খালিপেটত খাব । মলদ্বাৰৰ বিকাৰত ইয়াৰ বীজ থেতেলাই লেপ দিব পাৰে ।

৫। মধুমেহ , হৃদয়ৰোগ আদি ৰোগৰ বাবেও শেৱালী ফুলৰ ব্যৱহাৰ অতি হিতকাৰী ।

৬। গাথিবিষ ( গাথিয়া ৰোগ) , অৰ্থৰাইটিচ ,বাত বিষ , হাড়ৰ বিষ , মাংসপেশীৰ বিষ, কোমৰৰ পৰা নিম্নাংশৰ বিষ ,গৃধ্ৰসী বা চায়েটিকা আদি ৰোগত শেৱালী ফুল ,পাত , বা চালৰ লগত আদা মিহলাই ৰাতি সিজাই থৈ ৰাতিপুৱা আৰু সন্ধিয়া খালিপেটত কিছুদিন খালে সহজে আৰোগ্য হয় ।

৭। যকৃত ( লিভাৰ) আৰু প্লীহা বৃদ্ধি আদি ৰোগত শেৱালি ৬নং দিহামতে নিয়মিত খালে উপকৃত হয় ।

৮। এজমা বা শ্বাস ৰোগত শেৱালী চালৰ ৩-৫ গ্ৰাম শুকান চুৰ্ণ এখিলা পাণৰ লগত দিনে ২/৩ বাৰ খালে যথেস্থ আৰাম পায় ।

৯। চৰ্মৰোগ বা সৌন্দৰ্য বৃদ্ধিৰ বাবে ফুল, পাত বা চালৰ ৰস (কেচা বা উতলোৱা) খোৱাৰ লগতে গাত ঘহিলে উপকৃত হয় ।

১০। চুলি সৰা ৰোধ আৰু নতুনকৈ চুলি গজিবলৈ শেৱালী বীজ থেতেলাই মুৰত ডাঠকৈ লেপ লগালে নাইবা বীজ ( অভাৱত শুকান পাত বা চালৰ চুৰ্ণ ) নাৰিকল তেল বা সৰিয়হ তেলত ভাজি সেই তেল নিয়মিত মুৰত ঘহিলে উপসম হয় । তুলসী, নিম আদি গছৰ নিচিনাকৈ শেৱালী গছেও বায়ু প্ৰদুষন ৰোধ কৰে । সেয়ে ঘৰৰ কাষত তিনিওবিধ মহৌষধী গছ নিশ্চয় ৰুব ।

মনত ৰাখিবলগীয়া

শেৱালী ফুলে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু কোনো কাৰনতে পাৰ্শক্ৰিয়াৰ ভয় নাথাকে । সেয়ে ৰোগী নিৰোগী সকলো ব্যক্তিয়ে মাজে মাজে শেৱালি ফুল পাত আদি খোৱাতো বৰ উপকাৰী ।

কিন্তু শেৱালীয়েই হওক বা আন কোনো বনদৰৱেই হওক অধিক মাত্ৰাত নাইবা একেৰাহে বহুদিনলৈ কেতিয়াও নাখাব । মনত ৰাখিব যে ৰোগী সকলৰ বাদে নিৰোগী লোকে একেৰাহে তিতা কেহা টেঙা দ্ৰব্য খোৱাটো অহিতকাৰক ।

লেখক :- যতীন দাস

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top