আমাৰ খোৱাৰ ৰুচি আৰু সুস্বাস্থ্য সাধনাৰ বাবে কিছুমান খাদ্য আছে, যিবোৰে আমাৰ হজম শক্তি বঢ়ায় আৰু বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে মহৌষধ । এই খাদ্যবোৰক সংৰক্ষণ কৰি খাব পৰা যায় । এই সংৰক্ষিত খাদ্যৰ খাদ্যৰ ঔষধি গুণ আছে । এইবোৰে স্বাস্থ্য গঢ়াত সহায় কৰে ।
বতৰৰ খাদ্যবস্তু সংৰক্ষণ কৰিব পৰা আৰু বনৌষধি গুণসম্পন্ন খাদ্য আছে । সেইবোৰ মুখৰ অৰুচি হ’লে, অসুখ হ’লে এই খাদ্বোৰ সযতনে ৰাখি পিছত খোৱা হয় ।
কলাখাৰ তাত খাটি সৰিয়হৰ তেল সানি খাৰলি তৈয়াৰ কৰা হয় । খাৰলিয়ে খোৱাৰ ৰুচি বঢ়ায় । পেট পৰিষ্কাৰ কৰে, ই শক্তিদায়ক ।
তেঁতেলী :-
পকা তেঁতেলীৰ গুটিবোৰ ভালদৰে গুড় মিথৈত থৈ দিব লাগে । খোৱাৰ সময়ত দাইল আঞ্জা আৰু উখুহা ভাতৰ লগত খাই বৰ জুতি পোৱা যায় । পকা তেঁতেলী উচ্চ ৰক্তচাপ ৰোগীৰ মহৌষধ । ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । পুৰণা এই তেঁতেলীয়ে কাহ-কফ নাশ কৰে বুলি কোৱা হয় ।
ভীমকল বা কেচেলপা কল কাটি সেইবোৰ ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰে । কলাখাৰৰ আঞ্জা বৰ উপকাৰী । বুকু জ্বলা-পোৰা কৰা, টেঙা উগাৰ অহা আৰু পেটৰ ঘূৰণীয়া পেলু নাশ কৰিব পাৰে । হজম শক্তি বঢ়ায় ।
খৰিচা :-
বাঁহৰ কোমল গাজৰ পৰা খৰিচা তৈয়াৰ কৰিব পৰা যায় । খৰিচা দুই প্ৰকাৰৰ । পকা খৰিচা আৰু কেঁচা খৰিচা । এই বাঁহ গাজৰ খৰিচাই হজম শক্তি বঢ়ায় । খোৱাৰ ৰুচি বঢ়ায়, বসন্ত ৰোগ হ’লে বা মাম্পছ হ’লে পিছত মাগুৰ লগত খৰিচা ৰান্ধি খালে ভাল হয় । শক্তিবৰ্ধক ।
গোল নেমুবোৰৰ বাকলি গুচাই নিমখ-পানীত তিয়াই থৈ তাৰ পিছত হালধি-তেল সানি ৰ’দত দিব লাগে । ইয়াৰ পিছত কাচৰ বৈয়ামত থৈ ভিনেগাৰ সানি ৰ’দত দি শুকুৱাই জীৰাগুড়ি-জলকীয়া দি থ’ব লাগে । ই খাবলৈ বৰ সোৱাদ লগা হয় । খোৱাৰ ৰুচি বঢ়ায় । খাদ্য হজম হোৱাত সহায় কৰে । বিশেষকৈ পেটৰ অসুখ, গ্ৰহণী, হাপানী, বাতবিষ নাইকিয়া কৰিব পাৰে ।
বেতগাজৰ :-
বেতগাজৰ খৰিচা বৰ উপকাৰী । কেঁচুমূৰি (অৰ্শ) ৰোগ আৰু গ্ৰহণী, কৃমি, কুষ্ঠৰোগৰ বাবে অতি উত্তম ঔষধ ।
কুঁজি-থেকেৰাৰ :-
কুঁজি-থেকেৰা কাটি ৰ’দত শুকুৱাই থ’ব লাগে । ইয়াৰ আঞ্জা খালে গ্ৰহণী, বাতবিষ নাইকিয়া হয় ।
থেকেৰা কাটি ৰ’দত শুকাই তাত নিমখ আৰু তেল সানি থ’ব লাগে । যিমানে থেকেৰা শুঠি পুৰণা হয় সিমানে পেটৰ অসুখৰ বাবে উপকাৰী । ইয়াক গৰম দিনত চৰবত তৈয়াৰ কৰি খাব পাৰি । মাছৰ লগত আলু দি থৈকাৰা টেঙাৰ আঞ্জা খাবলৈ বৰ সোৱাদ লগা হয় । ইয়ে শৰীৰৰ সজীৱতা আনে । খোৱাৰ ৰুচি বঢ়ায় ।
সংৰক্ষিত কৰি ৰখাবোৰৰ ভিতৰত মৰাপাটৰ আগ, মূলাৰ শুঠি, চিদল মাছ, পচেতীয়া, নৰসিংহ, তিতাফুল, শেৱালি ফুল উল্লেখযোগ্য ।
মৰাপাটৰ কোমল আগ আৰু পাত শুকুৱাই সংৰক্ষণ কৰি থোৱা হয় । শুকতি জনজাতি লোকসকলে সংৰক্ষণ কৰি থয় । পিছত এই শুকতি মাছৰ লগত থপথপীয়াকৈ ৰান্ধি খায় । ই মানুহৰ কৃমি নাশ কৰে । পেটৰ ৰোগ নাইকিয়া কৰে । তেজ চলাচল ভাল হয়, গাৰ বিষ নাইকিয়া হয় বুলি কোৱা হয় ।
মূলাৰ শুঠি :-
মূলা সৰু সৰুকৈ কাটি ৰ’দত শুকাই থয় । ইয়াৰ পিছত এই শুকোৱা শুঠিবোৰ সৰু মাছ দি খাৰ দি ৰান্ধি খাই বৰ ভাল লাগে । ইয়াক যিকোনো ঋতুতে খাব পৰা যায় । ই হজম শক্তি বঢ়ায় । পেট পৰিষ্কাৰ কৰে । খোৱাৰ ৰুচি বঢ়ায় ।
চিদল :-
চিদল মাছ হৈছে শুকুৱাই ঢেঁকীত খুন্দি এটা এটা বাঁহৰ চুঙাত ভৰাই ৰান্ধনিঘৰৰ চাঙত থৈ দিয়া হয় । মাছ পুৰি নহ’লে এই চিদল মাছ শাকৰ লগত খাৰ আঞ্জা কৰি খায় । ই খোৱাৰ ৰুচি বঢ়ায় । চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে বুলি কয় ।
পচেতীয়াৰ পাত ৰ’দত শুকুৱাই গুড়ি কৰি মাটিৰ বাচনত থৈ দিব লাগে । নতুবা আইনাৰ বৈয়ামত থৈ পিছত ইয়াক সৰু মাছৰ লগত বা আলুৰ লগত থপথপীয়াকৈ খাব পৰা যায় । ই গাৰ বিষ, কঁকালৰ বিষ নাইকিয়া কৰে । খোৱাৰ ৰুচি বঢ়ায় । হজম শক্তি বৃদ্ধি কৰে ।
নৰসিংহ :-
নৰসিংহ এবিধ বৰ পুষ্টিকৰ খাদ্য । ইয়াৰ পাত গুড়ি কৰি ভালদৰে বৈয়ামত সাঁচি থৈ পিছত খাব পৰা যায় । নৰসিংহ পাত গুড়ি মাছৰ লগত থপথপীয়াকৈ আদা-নহৰু, পিঁয়াজ-জলকীয়া দি ৰান্ধি খাব পাৰি । আলুৰ লগতো ইয়াক খাব পৰা যায় । নৰসিংহই পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰে । ই কৃমিনাশক । তেজবৰ্ধক । শক্তিদায়ক । পায়েৰীয়া ৰোগৰ মহৌষধ । চকুৰ দৃষ্টিহীনতা ৰোগ নাশ কৰে । ৰক্তহীনতা ৰোগৰ বৰ উপকাৰী এই নৰসিংহৰ গুড়িৰ আঞ্জা ।
আহিন-কাতি মাহত শেৱালি ফুল গোটাই শুকুৱাই থ’ব লাগে । শেৱালি ফুল শুকুৱাই সাঁচি ৰাখি খাব পাৰি । বৰালি মাছৰ কাণ-মূৰেৰে শেৱালি ফুলৰ আঞ্জাখন খাবলৈ বৰ জুতি লগা হয় । ই ডায়েবেটিছ ৰোগৰ মহৌষধ । সপ্তাহত দুদিন মাছৰ লগত আঞ্জা কৰিয়ে হওক বা ভাতৰ লগত শুকান শেৱালি ফুল থপথপীয়াকৈ খাব পাৰি । ই খোৱাৰ ৰুচি বঢ়ায় । কৃমি নাশ কৰে । বিশেষকৈ ডায়েবেটিছ ৰোগৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত শেৱালি ফুল বৰ উপকাৰী । এনেকৈ বিভিন্ন ধৰণৰ গছ, পাত,ফুল সংৰক্ষণ কৰি আমি বিভিন্ন ধৰণে খাব পাৰো ।
লেখক :- ধনেশ্বৰ হুজৰী
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 5/8/2020