পৰিচয়
সোনাৰু গছ অসমৰ হাবি বননি তথা ৰাজহুৱা পথৰ দাতিত সচৰাচৰ দেখা যায়। ই এবিধ ডাঙৰ গছ। বসন্ত কালত সোনাৰু ফুলি জকমকীয়া হয়। ফুলবোৰ হালধীয়া দেখিবলৈ ধুনিয়া। সোনাৰু গছ ৰাজবৃক্ষ বুলিও অভিহিত। নামনি অসমত সোনাৰু গছক সালু বোলে। ইয়াৰ শাস্ত্ৰীয় নাম ৰাজবৃক্ষ, আৰগৃধ, হেমদ্ৰু, চতুৰাঙ্গুল আৰু নৃপদ্ৰুম। সোনাৰু গছৰ ছাল, পাত, ফুল কোনো কোনো দৰৱত ব্যৱহাৰ হয় যদিও ঘাইকৈ ইয়াৰ ফলহে বেছি দৰকাৰী আৰু উপকাৰী।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/22/2020