আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিত সিজু অতি প্ৰয়োজনীয় দ্ৰব্য। ই সাধাৰণতে জেকা নলগা ওখ ঠাইত হয়। সচৰাচৰ প্ৰায় সকলো অঞ্চলতে ডাল এটি কাটি আনি পুতি থলে হৈ যায়। গছ জোপা ঠাৰিযুক্ত আৰু কোমল মঙহাল। শকত গোটা গোটা ফনা মেলি বাঢ়ি যায় আৰু দীঘলীয়া ৰসাল ডাঠ পাতবোৰ ঠাৰিত লাগি থাকে। ঠাৰিবোৰত চাৰি পাঁচটাকৈ শিৰ থাকে। শিৰবিলাকত কাইট থাকে। সিজু সাধাৰণতে দুবিধ- এবিধ সিজু আনবিধ বিজু। বিজুৰ পাতবোৰ সিজুতকৈ সৰু। বাকলী সকলো একে। সিজু গছক কিছুমানে দেৱী মনসা হিচাবেও মানে আৰু সিজুৰ ঠাৰি ঘৰত ৰাখে। সিজু ঘৰত থাকিলে বজ্ৰপাত নহয় বুলিও প্ৰবাদ আছে। সিজুৰ শাস্ত্ৰীয় নাম- সিংহতুণ্ডী বজ্ৰ।
সিজু গছৰ সকলো অংশ দৰৱত ব্যৱহাৰ হয়। অৱশ্যে অধিক ৰোগত পাত আৰু ঠাৰিৰহে প্ৰয়োজন। পাত চিঙি আন কলপাতেৰে মেৰিয়াই জুইত সোমাই দহ পোন্ধৰমিনিট ৰাখি লেই পাতবোৰ সিজি উঠে। সেই পাত হাতেৰে চেপি ৰস উলিয়াই দৰৱৰ লগত ব্যৱহাৰ কৰিব লাগে। সিজুৰ ৰস শূল, আম, কফ, জ্বৰ, পেটফুলা, পানীলগা পেটৰ যিকোনো ৰোগ, অৰ্শ, মেদ, শৌচ কঠিনতা আদি ৰোগত পৰম হিতকাৰক। শোথ, গুল্ম আৰু ক্ৰিমি বিষয়ক চিকিৎসাত উত্তম অনুপান।
সিজুৰ আঠা পোণে পোণে ব্যৱহাৰ কৰিব নালাগে। ই বিষাক্ত। অলপ ৰ’দত শুকাই শোধন কৰি লৈ দুই তিনি তোলা পানীৰ লগত মিহলাই খালে উক্ত ৰোগৰ শান্তি হয়। সিজুৰ আঠা অতি বিৰোচক। কোষ্ঠকাঠিন্য ৰোগত বিৰোচনাৰ কাৰণে উক্ত মাত্ৰাত সিজুৰ আঠা ব্যৱহাৰ কৰিব লাগে। পানী লগা, কাহ, নিউমোনিয়া বা ইয়াৰ পৰা হোৱা গাৰ বিষ, বুকুৰ বিষ আদিত সিজুৰ ৰস উপকাৰী। সিজুৰ ঠাৰি জুইত সেকি আহটো তালুত ভৰণ দিলে জ্বৰৰ প্ৰকোপত হোৱা বায়ুৰ বিকাৰ প্ৰলাশ আদিৰ শান্তি হয়। সিজু পাতৰ ৰসে কফ সৰল কৰে আৰু কফ বাহিৰ কৰি দিয়ে। সিজু পাতৰ ৰস মূত্ৰ কাৰক। পেচাব কম হ’লে বা অনিমিয়া হ’লে সিজুপাতৰ ৰস বা ঠাৰিৰ সিজোৱা ৰস ধোৱা ভাল। পাত থেতেলাই তলপেটত ভৰণ দিলেও পেচাব নিয়মীয়া হয়। পাতৰ ৰস তেলৰ লগত মিহলাই মালিচ কৰিলে বাতৰ বেদনা উপশম হয়। কানৰ ভিতৰত বেদনা হ’লে পাতৰ ৰস গৰম কৰি টোপটোপকৈ কানৰ ভিতৰলৈ পেলাই দিলে বেদনা প্ৰশহিত হয়। সিজু গছৰ শিপা জালুকৰ লগত বটি সাপে খোটা ঠাইত প্ৰলেপ দিলে বেদনা কমে। সিজুৰ আঠা ঘহি দিলে চকুৰ আজিনা নষ্ট হয়। সিজুৰ ঠাৰি কেচাই ঠেতেলাই ব্ৰণ বা ফোহা ফাটি বা বহি যায় আৰু বেদনা নাশ হয়। যিকোনো কাঁহ, কফ, জ্বৰ, পানীলগা আদিত সিজুৰ সিদ্ধ ১/২ তোলা ল’ৰা-ছোৱালীক খোৱাব লাগে।
লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 3/5/2020