অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সিজু গছৰ ঔষধি গুণ

সিজু গছৰ ঔষধি গুণ

সিজু গছ এবিধ ঔষধি গছ। ই বিশেষ ধৰণৰ গছ। ইয়াৰ গছ ফণা বা ঠাৰিযুক্ত। ঠাৰিবিলাকত শিৰ থাকে আৰু শিৰবিলাক কাঁইটযুক্ত। শিৰবোৰ একেধৰণৰ নহয়। কিছুমান গছৰ শিৰ তিনিটা, কিছুমান চাৰিটা, কিছুমানৰ পাঁচটা আৰু কিছুমানৰ সাতটা পৰ্যন্ত শিৰ থাকে। ইয়াৰ পাতবোৰ দীঘলীয়া, গুৰিৰ পিনে সৰু আৰু আগৰ পিনে বহল আৰু ঘূৰণীয়া। পাতবোৰ গছৰ ঠাৰিৰ পৰা ওলায়।

সিজু গছৰ আন এটা বিশেষত্ব যে ইয়াক পৱিত্ৰ গছ হিচাবেও ব্যৱহাৰ কৰা হয়। কোনো কোনো সম্প্ৰদায়ৰ লোকে সিজু গছৰ পূজাও কৰে। সিজুৰ গছ সকলোতে জন্মে। যি ঠাইত সিজু গছ  থাকে সেই ঠাইত বজ্ৰ নপৰে বুলি বিশ্বাস। সেইবাবে সিজু গছ বা ঠাৰি ঘৰৰ ভিতৰত থাকে।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

সিজু গছৰ পাত, ঠাৰি, আঠা আৰু শিপা ঔষধত ব্যৱহাৰ কৰা হয়। সাধাৰণতে ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াৰ পাত অধিক ব্যৱহাৰ কৰা হয়। থেতেলিয়াই পাতৰ পৰা ৰস পোৱা নাযায়। কিন্তু গৰম কৰিলে ইয়াৰ পাতৰ ৰস সহজতে উলিয়াব পাৰি। সিজু গছৰ পাত আৰু গছৰ ঠাৰিৰ পৰা বগা বগা বাহিৰ হয়।

সিজু গছৰ প্ৰচুৰ গুণ। এই গুণৰ বাবেই ই প্ৰসিদ্ধ। ইয়াত তিতা আৰু জ্বলা ৰস বেছি পৰিমাণে থাকে। সিজু বিৰেচক, অগ্নিৰ দীপ্তিকাৰক, শূল বেমাৰ, আমদোষ, অষ্ঠিলা (এবিধ কোষ্ঠকাঠিন্য ৰোগ), পেট ফুলা, কফ, গুল্ম, উদৰ ৰোগ, বায়ু, উন্মাদ, মোহ, কুষ্ঠ, পাণ্ডু, অৰ্শ, শোথ, মেদ, অক্ষৰী, ব্ৰণ, জ্বৰ, প্লীহা, বিষ আৰু দূৰীবিষ আদি ৰোগনাশক। সিজুৰ আঠাত জ্বলা ৰস অধিক পৰিমাণে থাকে। ই অতি বিৰেচক আৰু কৃমি নাশক।

সিজুৰ পাতৰ ৰস প্ৰস্ৰাৱ কাৰক আৰু শোষক, শ্বাস, কাহ আদি নিবাৰক। পানী লগা, কাহ, নিউমোনিয়া আৰু তাৰ পৰা হোৱা বুকু আৰু পাৰ্শ্ব আদিৰ বেদনাত সিজুৰ পাতৰ ৰস অতি উপকাৰী। সৰু ল’ৰা-ছোৱালীক সিজুৰ পাতৰ ৰস চাৰি অনাৰ পৰা আঠ অনালৈকে, ডাঙৰে এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰিব পাৰে।

সান্নিপাত জ্বৰ আৰু নিউমোনিয়া আদি জ্বৰত হোৱা উপদ্ৰৱ যেনে- প্ৰলাপ, বায়ু বিকাৰ আৰু আক্ষেপ আদি উপশম কৰিবলৈ সিজুৰ ঠাৰি জুইত সেকি তাৰ ভিতৰৰ শাহটো ভালটো বটি তালুত ভৰণ দিলে উপশম হয়। সৰু ল’ৰা-ছোৱালীৰ কাহতো সিজুৰ ৰস অতি উপকাৰী। সিজুৰ ৰসে কফ গলাই বাহিৰ কৰি দিয়ে।

সিজু পাতৰ ৰস আন তেলৰ লগত মিহলাই মালিচ কৰিলে বাতৰ বিষ আৰু তাৰ পৰা হোৱা অংগ সংকোচন ব্যাধিৰ আৰোগ্য লাভ কৰিব পাৰি।

কাণ বিষালে অতি কষ্ট পোৱা যায়। সিজুৰ পাত গৰম কৰি কুহুমীয়া কৰি কাণৰ ভিতৰত টোপ-টোপকৈ দিলে কাণৰ বিষ ভাল হয়।

প্ৰস্ৰাৱ বন্ধ হ’লে সিজুৰ পাত থেতেলিয়াই অলপ গৰম কৰি তল পেটত ভৰণ দিলে প্ৰস্ৰাৱ খোলা হয়, আৰাম পায়। আজিনাত সিজুৰ আঠা বৰ ভাল। আঠা অলপ লগাই দিলে আজিনা বহি যায় বা ফাটি পূঁজ ওলাই বেদনাৰ উপশম ঘটায়। সিজুৰ আঠা অৰ্শ বেমাৰতো অতি উপকাৰী। সিজুৰ আঠা অৰ্শ বেমাৰতো অতি উপকাৰী। সিজুৰ আঠা আৰু হালধিৰ গুড়ি একেলগে কৰি প্ৰলেপ দিলে শুকান অৰ্শ নষ্ট হয়। সিজু গছৰ আঠা মলমেদক। সেই কাৰণে গুল্মৰোগ, উদৰ ৰোগ, কুষ্ঠৰোগ, প্লীহা, বৃদ্ধি আৰু পুৰণি কোষ্ঠকাঠিন্য ৰোগত বিবেচক দৰৱ হিচাবে ব্যৱহাৰ কৰিব পৰা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate