মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে তেল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে তেল

সুস্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষাৰ বাবে প্ৰাচীন কালৰে পৰা তেলৰ ব্যৱহাৰ

সুস্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষাৰ বাবে প্ৰাচীন কালৰে পৰা তেলৰ ব্যৱহাৰ হৈ আহিছে । প্ৰাকৃতিক তেল ব্যঞ্জন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰাৰ উপৰিও মালিচ কৰাতো প্ৰয়োগ কৰা হয় । আয়ুৰ্ৱেদিক ঔষধ আদিতো বিবিধ প্ৰাকৃতিক তেল ব্যৱহাৰ কৰা হয় । জানো আহকচোন সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ পৰিপূৰক হিচাপে আৱশ্যকীয় কেইবিধমান প্ৰাকৃতিক তেলৰ বিষয়ে

(১) তিল তেলঃ(Sesame Oil) - তিলৰ তেলৰ এক বিশেষ গুণ আছে । সেয়া হ'ল ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । অন্যান্য প্ৰাকৃতিক তেলৰ ভিতৰত তিলৰ তেল স্বাস্থ্যৰ বাবে সৰ্বোত্তম । ই শক্তিবৰ্ধকো । তিলৰ তেলে বিভিন্ন ৰোগ নিৰাময় কৰাৰ লগতে ছালৰ সৌন্দৰ্য্যও বঢ়াই তোলে ।
(২) জলফাইৰ তেলঃ(Olive Oil) - জলফাইৰ তেল হৃদৰোগৰ বাবে উপযোগী । আয়ুৰ্ৱেদিক চিকিৎসা পদ্ধতিত জলফাইৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয় । ছালৰ সৌন্দৰ্য্য,কোমলতা আৰু উজ্জলতা অটুট ৰখাৰ ক্ষেত্ৰত এই তেলৰ তুলনা নাই । ই শৰীৰৰ কৃমি আৰু বীজাণু নাশ কৰাত সহায় কৰে । তদুপৰি শৰীৰৰ কোনো উখহা অংশ বা কটা ঘাত এই তেল লগালে ঘা শুকাই যায় ।
(৩) বাদামৰ তেলঃ(Almond Oil) - আয়ুৰ্ৱেদিক চিকিৎসা পদ্ধতিত বাদামৰ তেলৰ প্ৰয়োগ বৈদিক যুগৰে পৰা চলি আহিছে । সপ্তাহত দুবাৰকৈ বাদামৰ তেল গাত ঘঁহিলে ছালৰ সৌন্দৰ্য্য বাঢ়ে । ওঁঠৰ সৌন্দৰ্য্য বৃদ্ধিতো বাদামৰ তেল উপযোগী । হাত ভৰিৰ তলুৱা আৰু নাভিত বাদামৰ তেল লগালে শৰীৰলৈ সতেজতা আহে । শৰীৰৰ কোনো অংশ জ্বলা পোৰা কৰা ৰোগত বাদামৰ তেল লগালে সুফল পোৱা যায় । তদুপৰি বাদামৰ তেলে অনিদ্ৰা আৰু মানসিক দুঃচিন্তাও দূৰ কৰে ।
(৪) নিম তেলঃ(Neem Oil) - নিম তেলৰো আছে বিভিন্ন ঔষধি গুণ । ই ছালৰ সৌন্দৰ্য্য বৃদ্ধি কৰে আৰু ছালৰ ৰোগ দূৰ কৰে । পেটৰ অসুখতো নিমৰ তেল বৰ উপকাৰী । ই ডায়েৰিয়া আৰু কোষ্টকাঠিন্য ৰোগ দূৰ কৰাত বিশেষ ভূমিকা লয় । দাঁতৰ আলুৰ ৰোগ আৰু মুখৰ দূৰ্গন্ধ হলে নিমৰ তেল গাখীৰৰ লগত মিহলাই কুলকুলি কৰিলে ভাল হয় । কাণৰ বিষ হলে নিমৰ তেল টোপ টোপকৈ কাণত দিলে সুফল পোৱা যায় ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top