মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন

স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জন, সেই বিষয়ে লিখা হৈছে ।

 

(1)কলপচলা:-

ইউৰিক এচিড, কিডনী ষ্টন, প্ৰসাৱ জনিত বিভিন্ন সমস্যা, কৌষ্ঠ কাঠিন্য, ডায়েবেটিছ আৰু বহুতো ৰোগত কল পচলা উপকাৰী। ভোজৰ (feast) পচলা দিয়া জ্বলা ভাজিখন সঁচাই সুস্বাদু আৰু স্বাস্থ্যকৰ। কল পচলা আহজাতীয় পাচলি (high fiber আছে)।

(2)কলখাৰ:-

উজনিৰ ফালে বিশেষকৈ ভীমকলৰ বাকলি শুকুৱাই ৰখা হয় আৰু সেই বাকলি পুৰি খাৰ বনাই বিভিন্ন ব্যঞ্জনত দিয়া হয়(নামনি অসমত বিশেষকৈ ভীমকলৰ মধুনাৰ পৰা খাৰ প্ৰস্তুত কৰা হয়) যেনে অমিতাৰ খাৰ, তিতাফুলৰ খাৰ, মাটিমাহৰ খাৰ, বন্ধা কবিৰ পাতৰ খাৰ আদি। খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন(body detox) কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা। কফ জমা হৈ মাত বহি গলে কলখাৰ অকণমান বনাই মিঠাতেল দি গৰম ভাতৰ লগত সানি খাওক। সুফল পাবই। মোৰ নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা।ছালৰ বিভিন্ন ৰোগত( বিশেষকৈ এলাৰ্জি জনিত ৰোগ, পিম্পলছ আদি) মাজে মাজে খাৰ খালে তেজৰ শোধন হয়(blood purification)।

(3)খৰিচা:-

বাঁহৰ গাজ (বিশেষকৈ ভলুকা বাঁহৰ ভাল হয়) বটলত ভৰাই টেঙা হোৱাৰ পাছত চাটনি হিচাপে বা মাছ মাংসৰ লগত , বা অন্য ব্যঞ্জনৰ লগত বনাই খোৱা হয়। মাগুৰ, শিঙি বা গৰৈ আদি মাছ পুৰণা খৰিচা দি শুকনি(As a natural healing medicine) হিচাপে প্ৰসূতা তিৰোতাক খাবলৈ দিয়া হয়(after delivery)। চৰ্বি জাতীয়(fatty food) খাদ্য খাবলৈ দিয়া নহৈছিল। চাওক চোন আমাৰ পূৰ্বজ সকলৰ খাদ্য সম্বন্ধে কিমান বিজ্ঞান সন্মত জ্ঞান আছিল। শুকান খৰিচা বৰল, মৌ মাখিয়ে বিন্ধিলে লগাই দিলে অতি সোনকালে সুফল পোৱা যায়।

(4)তৰা পাত, হালধি পাত আদিত দিয়া পিঠা পনা:-

অসমীয়া পৰম্পৰাগত পিঠা পনা প্ৰস্তুত কৰা পদ্ধতি সমূহ সম্পূৰ্ণ বিজ্ঞান সন্মত আছিল। তৰা পাত, হালধি পাতত পিঠা পনা বনাই ব্যঞ্জন সমূহৰ ঔষধি গুণাগুণ বৃদ্ধি কৰিছিল। তিল পিঠাৰ তিলৰ গুণাগুণ সকলোৱে জানেই,বিশেষকৈ ছাল চুলিৰ সৌন্দৰ্য বৃদ্ধিত তিলৰ ভূমিকা অপৰিসীম।

(5)মাছ, মাংস আৰু বন শাকৰ জালুকীয়া:-

কাহ, চৰ্দি, জ্বৰ আদি হলে লোকেল মুৰ্গীৰ জালুকীয়া খাবলৈ দিয়া হয়। মানিমুনি, নৰসিংহ, ভেদাইলতা, বন জালুক, মাটিকাদুৰি দিয়া মাছৰ জালুকীয়া খন সকলোৰে স্বাস্থ্যৰ বাবে উপকাৰী। জালুক, আদা, নহৰু দি নামমাত্ৰ তেলত বনোৱা এই ব্যঞ্জন সমূহে শাকৰ ঔষধি গুণ দুগুণে বঢ়াই দিয়ে।

(6)তিতা ফুল, শেৱালি ফুল শুকুৱাই বহুত দিনলৈ ভালে ৰাখিব পাৰি। দুয়োবিধ কফ জনীত ৰোগ, কৃমি জনীত ৰোগত উপকাৰী।

(7)ওখোৱা চাউলৰ ভাত:-

এইবিধ ভাতত ষ্টাৰচ (মাৰ) কম থাকে বাবে ডায়েবেটিচ ৰোগীৰ বাবে উত্তম পথ্য। শিশুৰ বাবেও ওখোৱা চাউলৰ পিঠাগুড়ি খুবেই উপকাৰী।

(8)মধুশোলেং, চুকা,টেঙামৰা দিয়া ডালি বা মাছৰ জোলখন সোৱাদেৰে ভৰা আৰু বহু পুষ্টিকৰ।

 

লেখিকা: ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top