মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / স্বাস্থ্য ৰক্ষাত থলুৱা বনশাকৰ ভূমিকা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাত থলুৱা বনশাকৰ ভূমিকা :

স্বাস্থ্য ৰক্ষাত থলুৱা বনশাকৰ ভূমিকাৰখাৰ বিষয়ে লিখা হৈছে ।

 

এই পষ্টটো সৰ্বসাধাৰণ ৰাইজৰ বোধগম্য হোৱাকৈ লিখিবলৈ চেষ্টা কৰিছো যাতে থলুৱা বনশাকৰ প্ৰতি সকলো আকৰ্ষিত হয়। প্ৰকৃতিৰ ৰম্যভূমি অসমখন বিভিন্ন ঔষধি গছেৰে ভৰপূৰ। আমাৰ পূৰ্বপূৰুষ সকলে এই অমূল্য সম্পদৰাজিক চিনি পাইছিল আৰু এইবোৰ ব্যৱহাৰ কৰি নিৰোগী হৈ আছিল। অসমীয়া থলুৱা খাদ্যত ভেদাইলতা, নৰসিংহ, মানিমুনি, মচন্দৈ, ঢেকীয়া, কচু, মাটিকাদুৰী, নিমপাত, পনৌনৱা আদি বিভিন্ন বনশাকৰ পয়োভৰ দেখা পোৱা যায়। আনফালে আকৌ খৰিছা, বেতগাজৰ পৰা আৰম্ভ কৰি খাৰলি লৈকে নানা প্ৰকাৰৰ সুস্বাদু আৰু স্বাস্থ্যকাৰক ব্যঞ্জন। এইবোৰ খাদ্যৰ গুণাগুন কৈও শেষ কৰিব নোৱাৰি। বহাগৰ সাত বিহুত সাত শাকী বা এশ এটা বনৰ আঞ্জা খোৱা নিয়মটো বহু বিজ্ঞান সন্মত। ‘খাৰ খোৱা অসমীয়া’ বুলি আমাৰ নামটো এনেয়ে হোৱা নাই। বিভিন্ন পদ্ধতিৰে খাৰ বনাই সেয়া বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰি খাইছিল। ‘ডাকৰ বচন’ৰ কথা নকৈ নোৱাৰি। কিন্তু আধুনিকতাৰ পৰশত আমি এক কৃত্ৰিম আভিজাত্যৰ ধঙত এই বনশাকসমূহ এলাগী বুলি ভাবি খাবলৈ এৰিলো আৰু বজাৰৰ কৃত্ৰিম সাৰ আৰু কীটনাশক দিয়া পাচলি খাবলৈ ললো। ফলাফল আমাৰ চকুৰ আগত। গতিকে আহক আমি আকৌ এই বনশাক সমূহ খাই নিৰোগী হৈ থাকিবলৈ চেষ্টা কৰো।

তলত কেইবিধ মান বনশাকৰ গুণাগুন থুলমুলকৈ দিছো :

১)ভেদাইলতা বা ভেবেলিলতা:

পেটৰ বিভিন্ন ৰোগত, লিভাৰক কাৰ্যক্ষম কৰাত এইবিধ শাক বৰ উপকাৰী। আঞ্জা কৰি খাওক।

২)মানিমুনি:

এইবিধ শাক স্মৃতিশক্তিবৰ্ধক, পেটৰ বিভিন্ন সমস্যা আদিৰ বাবে ভাল। চাটনি বা আঞ্জা হিচাবে খাব পাৰি।

৩)নৰসিংহ পাত:

এইবিধ শাকত প্ৰচুৰ পৰিমাণে কেলচিয়াম আছে। হাড়ৰ গঠনত, চুলিৰ বাবে উপকাৰী । আঞ্জা, চাটনি বা বৰ বনাই খাবলৈ ভাল।

৪)মচন্দৈ বা মচন্দৰি শাক:

পাতৰ গোন্ধ কেচাঁ মাছৰ দৰে। লিভাৰৰ বিভিন্ন অসুখ, পেটৰ ৰোগত এইবিধ উত্তম পথ্য। পাতত দি সেকি বা আঞ্জা বনাই খাবলৈ সোৱাদ।

৫)ঢেকীয়া শাক:

এইবিধ শাক খাই বেয়া পোৱা লোক নোলাব নিশ্চয়। ‘ঔ টেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাক’ কথাষাৰে ইয়াৰ গুৰুত্ব সুন্দৰ ভাবে বুজাই দিছে।

৬)নিম পাত:

সৌন্দৰ্য্য চৰ্চাত নিমক ৰাণী বুলিয়ে কব পাৰি। বাহ্যিক ভাৱে ব্যৱহাৰ কৰাৰ উপৰিও মাজে মাজে নিমপাত খাব লাগে। ‘মাহেকত পিঠা, পষেকত তিতা’ কথাষাৰে খোৱাৰ নিয়ম টো কৈয়ে দিছে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে নিমে তেজৰ শোধণ কৰে। ডায়েবেটিছ, ছালৰ বিভিন্ন ৰোগত নিম উপকাৰী।

লেখিক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

 

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top