মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / স্বাস্থ্য ৰক্ষাত বনজালুক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাত বনজালুক :

স্বাস্থ্য ৰক্ষাত বনজালুকৰ বিষয়ে লিখা হৈছে ।

 

স্বাস্থ্য ৰক্ষাত বনজালুকৰ বৈজ্ঞানিক নাম Oldenlandia diffusa/ Oldenlandia corymbosa)।

অতীতৰে পৰা আমাৰ পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰত কিছুমান বিশেষ বনৌষধিয়ে স্থান পাই আহিছে। সেইবোৰৰ ভিতৰত তেনে এবিধ উৎকৃষ্ট বনৌষধি হৈছে বনজালুক। ইয়াক ঠাই বিশেষে বিভিন্ন নামেৰে জনা যায়। এইবিধ বনশাক ঘৰৰ চৌপাশৰ সেমেকা আৰু সাৰুৱা ঠাইবোৰত অতি সহজতে হয়। চিনি নোপোৱাৰ বাবে অলাগতিয়াল বন বুলি বহুতে অজানিতে উঘালি পেলাইও দিয়ে। কিন্তু আমাৰ পূৰ্বজসকলে এই ঔষধীগুণযুক্ত বনশাকসমূহ বিভিন্ন জুতি লগা ব্যঞ্জন হিচাবে বনাই সেৱন কৰিছিল। অসমীয়াৰ আখল শুৱনি কৰা এইবোৰ বনশাক পৰম্পৰাগতভাবে প্ৰচলিত বনৌষধি চিকিৎসাতো ব্যৱহৃত হৈছিল। বহাগ বিহুত এশ এবিধ শাক খোৱা পৰম্পৰা ইয়াৰ অন্যতম উৎকৃষ্ট উদাহৰণ। বনজালুক, মানিমুনি, মাটিকাদুৰি, ভেদাইলতা আদিৰে বনোৱা কাঠ মাছৰ(কাৱৈ, গৰৈ, শিঙি, মাগুৰ আদি) জালুকীয়া আঞ্জাখনৰ সোৱাদ অতুলনীয়। প্ৰসূতি মাতৃৰ সুস্বাস্থ্যৰ বাবে প্ৰস্তুত কৰা ভিন ভিন জালুকীয়া আঞ্জাৰ ভিতৰত এই বিশেষ জালুকীয়া আঞ্জাখনো অন্যতম। প্ৰসূতি মাতৃক এই আঞ্জা খুৱাই সবল কৰা পৰম্পৰা এতিয়াও আমাৰ গাওঁসমূহত প্ৰচলিত হৈ আছে। এই ব্যঞ্জনসমূহে প্ৰাকৃতিক এন্টিবায়টিক(Natural antibiotic) আৰু বিষনাশক বা পেইনকিলাৰ(pain killer) হিচাবে কাম কৰিছিল। অতীজত গঞা লোকসকলে আজিৰ দৰে আধুনিক চিকিৎসাৰ সহায় নোলোৱাকৈ এইদৰে প্ৰাকৃতিক উপায়েৰে বিভিন্ন ৰোগৰ চিকিৎসা কৰিছিল। মহৌষধি স্বৰূপ এই বনজালুক শব্দটিত দুটা শব্দ 'বন' আৰু 'জালুক' লগলাগি আছে। নামাকৰণ কৰাসকলে নিশ্চয় ইয়াৰ গুণাগুণৰ সাদৃশ্য জালুকৰ গুণাগুণৰ লগত দেখা পাইছিল। পৰম্পৰাগত চাইনীজ চিকিৎসা পদ্ধতিত ইয়াক কেঞ্চাৰ, হেপাটাইটিছ(Hepatitis) আদি বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা দেখা যায়। পৃথিৱীৰ আন বহুতো দেশৰ থলুৱা চিকিৎসা পদ্ধতিত বনজালুকৰ প্ৰয়োগ হয়। স্বাস্থ্য ৰক্ষাত আৰু ৰোগ নিৰাময়ত এই বনজালুকে কিদৰে সহায় কৰে চাওঁচোন আহক:-

১)বনজালুকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, শৰীৰত হোৱা বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰে। সেয়েহে টনচিলাইটিছ(Tonsillitis), ফেৰিঞ্জাইটিছ(pharyngitis), মূত্ৰনলীৰ সংক্ৰমন(UTI) আদি ৰোগত বনজালুক খালে সুফল পোৱা যায়।

২)জ্বৰ হ'লে বনজালুকৰ নিৰামিষ জালুকীয়া ব্যঞ্জন উত্তম পথ্য। ই প্ৰাকৃতিক ভাবে জ্বৰৰ প্ৰকোপ কম হোৱাত সহায় কৰে। ব্ৰংকাইটিছ, হাপানী(Asthma), নিউম'নিয়া(pneumonia) আদি শ্বাসজনীত বিভিন্ন সমস্যাত বনজালুক খালে উপশম পোৱা যায়। ই তেজৰ শোধন কৰে(blood purifier), দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বঢ়াই তোলে আৰু বীজাণুৰ সংক্ৰমণ ৰোধ কৰে।

৩)প্ৰসূতি মাতৃৰ সুস্বাস্থ্যৰ বাবে বনজালুক উত্তম বনৌষধি। কেঁচুৱা জন্ম হোৱাৰ পিছত প্ৰসূতিৰ গৰ্ভাশয়ৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত আৰু সুস্বাস্থ্য অটুট ৰখাত ই মহৌষধিৰ দৰে কাম কৰে (As a natural healing medicine)। প্ৰসূতিক মানিমুনি, মাধিকাদুৰি, নৰসিংহ, ভেদাইলতা আদি মিহলি শাকৰ জালুকীয়া ব্যঞ্জন খাবলৈ দিয়া উচিত। ইয়াৰ উপৰিও মহিলাৰ মাহেকীয়াজনীত (menstruation related problem) বিভিন্ন সমস্যা, ধাতুৰোগ (leucorrhea) আদিতো বনজালুক মহৌষধ।

৪)জণ্ডিচ, ফেটি লিভাৰ আদি বিভিন্ন সমস্যাত বনজালুক উত্তম পথ্য।

৫)মূত্ৰজনন হোৱা বাবে আৰু বেক্টেৰিয়ানাশক(antibecterial) গুণ থকা বাবে UTI(urinary tract infection) আদি প্ৰসাবৰ সমস্যাত ই উপকাৰী।

৬)হাৰ্টৰ বিভিন্ন সমস্যাত ভোগা ৰোগীয়েও এইবিধ বনশাক সেৱন কৰিলে সুফল পাব।

৭)শৰীৰ শোধন বা বডী দিতকচ(body detox) হিচাবেও বনজালুকে কাম কৰে। বিপাকীয় কাৰ্য্যত উৎপন্ন হোৱা বিভিন্ন অলাগতিয়াল বৰ্জিত পদাৰ্থ সমূহ (toxins) ওলাই যোৱাত ই সহায় কৰে। ঠিক তেনেদৰে ৰোক্তশোধক(blood purifier) হিচাবে কাম কৰি শৰীৰ শোধন কৰে।

৮)বীজাণুনাশক গুণ থকা বাবে আৰু ৰোক্তশোধক হোৱা বাবে শালমন(Acne), ফোঁহা (boil) আৰু ছালৰ বিভিন্ন সমস্যাত উপকাৰী ।

৯)বিষনাশক গুণ থকা বাবে আৰথ্ৰাইটিছ(Arthritis) ৰোগীয়ে সেৱন কৰিলে উপশম পায়।

১০)বনজালুকে কেঞ্চাৰ প্ৰতিৰোধক হিচাৱেও কাম কৰে।

বৰ্তমান আমি খোৱা প্ৰায়বোৰ খাদ্য ভেজাল হোৱাৰ বাবে আমি বিভিন্ন ৰোগৰ কৱলত পৰিছো। সেয়েহে ঔষধি গুণ সম্পন্ন বনজালুকৰ দৰে এই থলুৱা বনশাক সমূহ সেৱন কৰা উচিত। যিমানেই আমি এই থলুৱা বনশাকসমূহ খাবলৈ ল'ম নিশ্চিতভাবে নিজকে বহুতো ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিম।

বি:দ্ৰ:

গৰ্ভৱতী মহিলাই বনজালুক বৰকৈ সেৱন নকৰাই ভাল। কেৱল প্ৰসূতিৰ বাবেহে উপকাৰী। ঠিক সেইদৰে এইবিধ শাক খালে কিছুমান লোক এলাৰ্জিত ভোগা দেখা যায়। তেনে লোকে এইবিধ শাক সেৱন কৰাৰ পৰা দূৰত থকাই ভাল।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং :- 7399114617

 

3.375
দেৱৰাজ কেওঁট Jul 17, 2019 08:09 AM

বনজালুক আৰু ভূমিআমলখি একেজোপা গছেই নেকি ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top