মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / হাততে পোৱা বনদৰবৰ গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাততে পোৱা বনদৰবৰ গুণ

হাততে পোৱা বনদৰবৰ গুণ

বগা বাহকৰ ঔষধি গুণ

বগা বাহক জোপোহা জাতীয় গছ। ইয়াৰ পাতবিলাক দীঘল আৰু বহল, পাতৰ মুৰ সামান্য জোঙা। ফুল থোপা বান্ধি ফুলে। ফুল আৰু পাত তিতা। গছ চিৰ সেউজীয়া। ঠাৰি গোলাকাৰ। গা-গছৰ মাজে মাজে গাঁঠি থাকে। পূৰঠ ডালৰ পৰা পুলি কৰিব পাৰি।

বিভিন্ন নাম: অসমীয়াত বগা বাহক, স্ংস্কৃতত –বাহক, বাশিকা, বৃষ, সিংহপৰ্ণ, হিন্দীত-বাসা, আড়োচা, মাৰাঠীত-আদুলাচা, তামিলত আদুট’লা, তেলেগুত-আদ্দাচাৰামো, মালায়ালম-Atalotakam ইংৰাজীত Malabarnut tree/Flower nice.

বৈজ্ঞানিক নাম-আধাটাডা ভাচিকা(Adhatada vasika).

উদ্ভিদ বিজ্ঞানৰ শ্ৰেণীবৰ্গীকৰণৰ মতে বগা বাহক আকাণ্ঠাচি গোত্ৰৰ অন্তৰ্গত।

ঔষধত ব্যহাৰ হোৱা অংশ: গোটেই গছজোপাই ঔষধত ব্যৱহাৰ হয়।

ৰোগ প্ৰতিৰোধ

শ্বাস-প্ৰশ্বাসৰ ৰোগ, পেটৰ ৰোগ, ক্ৰিমি, যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

ঔষধিৰ গুণাগুণ

(১) হাইফাই: হাইফাই ৰোগত বগা বাহকৰ ৰস ৮/১০ চামুচৰ লগত চাৰি চামুচ মৌ, দুই চামুচ কলীয়া তুলসীৰ ৰস, চাৰিভাগৰ এচামুচ জালুকৰ গুড়া মিহলি কৰি তাত সামান্য পানী মিশ্ৰণ কৰি দিনে দুবাৰকৈ একেৰাহে এক-দুইমাহ পৰ্যন্ত খাব লাগে।

(২) কাহ: বগা বাহকৰ চাৰি চামুচ পাতৰ ৰসত দুই চামুচ মৌ আৰু পাঁচটা জালুকৰ গুড়া মিহলি কৰি দিনে দুইবাৰকৈ এসপ্তাহ খাব লাগে।

(৩) চাইনোচাইটিচ: চাৰি চামুচ বগা বাহকৰ পাতৰ ৰস দিনে এবাৰকৈ একেৰাহে এমাহ খালে চাইনোচাইটিচ ভাল হয়।

(৪) যক্ষ্মা ৰোগ: যক্ষ্মা ৰোগত বগা বাহকৰ পাতৰ ৰস একচামুচৰ লগত দুই চামুচ মৌ এক চামুচ চেনি, আধা চামুচ জালুকৰ গুড়া, দিনে দুবাৰকৈ ৩০/৫০ দিন পৰ্যন্ত খাব লাগে। এই মিশ্ৰণৰ লগত তিনিচামুচ কলীয়াতুলসীৰ ৰস মিহলাই খালে আৰু গুণ পোৱা যায়।

(৫) ৰক্ত পিত্ত ৰোগ: বগা বাহকৰ পাতৰ ৰস দহচামুচৰ লগত এক চামুচ মৌ আৰু একাপ চেনি মিহলি কৰি দিনে দুই বাৰকৈ একেৰাহে ১৫ দিন খাব লাগে।

(৬) পেটৰ ৰোগ: বগা বাহকৰ পাতৰ ৰস পাঁচ চামুচত এক চামুচ মৌ মিহলাই খালে পেটৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময় হয়।

(৭) বিছা শুঙে ফুটিলে: বগা বাহকৰ শিপাৰ ৰস লগালে ভাল হয়।

(৮) ছালৰ ৰোগ: ছালৰ ৰোগ বিশেষকৈ খজুৱতি, বেচু ৰোগত বগাবাহকৰ পাতৰ ক্কাথ কৰি চাৰি চামুচকৈ আহাৰ খোৱাৰ পাছত দিনে দুইবাৰকৈ দহদিনমান খালেই ছালৰ ৰোগ ভাল হয়। তেজ পৰিস্কাৰ হয়।

(৯) ব্ৰ্ংকাইটিছ: বগা বাহক পাতৰ ৰস দুই চামুচ, জালুকৰ গুড়া আধা চামুচ, আদাৰ ৰস এক চামুচ, মৌ তিনি চামুচ মিহলি কৰি দিনে দুই বাৰকৈ খাব লাগে।

(১০) কফ: বগা বাহক পাতত ভেচিচিন নামৰ এলকলয়দ পোৱা যায় যিয়ে কফ গলাই বাহিৰ উলিওৱাত সহায় কৰে।

এই বিলাকৰ উপৰি বগা বাহকৰ পাতত এলকলয়দ থকাৰ বাবে এই পাতত কিটানু বা বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে।

সেয়েহে ফল স্ংৰক্ষণ কৰিবৰ কাৰণে বগা বাহকৰ পাত ব্যৱহাৰ কৰা হয়। ফল বগা বাহকৰ পাতেৰে মেৰিয়াই ৰাখিলে বেমাৰ আজাৰ আৰু কীটানুৰ পৰা সুৰক্ষিত হয়।

ভেকুৰিৰ গুণাগুণ
ভেকুৰি এবিধ গোল আকৃতিৰ সৰি ফল। ইয়াক আমি বহুতেই জুইত পুৰি, তেলত ভাজি বা কেঁচাই খাও। ইয়াক খাবলৈ কেৰেলাৰ দৰে তিতা। ইয়াক ভাৰতীয় বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়। অসমীয়াত-ভেকুৰি, বেংগলীত-ব্ৰিহাৰ্টী, গুজৰাটীত-উভিৰিঙ্গানী, হিন্দীত-বিহাটা, মালায়ালম-কাট্ৰোচান্দ, মাৰাঠিত-দৰ্লি, উৰিয়াত-কানটাৰা, পাঞ্জাবীত- বৰিকান্দিয়াৰী নামেৰে নামকৰণ কৰা হয়। উদ্ভিদ বিজ্ঞানত ইয়াৰ বৈজ্ঞানিক নাম- চলানাম ইন্দিকাম। ই চোলানেচি গোত্ৰৰ অন্তৰ্গত।

ভেকুৰি আমি যিদৰেই ব্যৱহাৰ নকৰো লাগে ইয়াৰ গুণাগুণ অতি চমত্কাৰ। ভেকুৰিৰ পৰা আয়ুৰ্বেদিক চিকিতসকসকলে বিভিন্ন ৰোগৰ অনেক ঔষধ আৱিস্কাৰ কৰিছে। অৰুচি ৰোগত ভেকুৰীয়ে ঔষধৰ কাম কৰে। এই ৰোগীয়ে ভেকুৰী তিতা নিয়মীয়াকৈ দুদিনমান খালে অৰুচি ৰোগৰ পৰা মুক্ত হয়। তদুপৰি, ভেকুৰিয়ে কুষ্ঠ, জ্বৰ, শ্বাস, শূল আৰু অগ্নিমান্দ্য আদি ৰোগসমূহ সহজে নাশ কৰিব পাৰে।  কাহো ই দূৰ কৰা দেখা যায়। ভেকুৰী কফ আৰু বাত নাশক বুলি আয়ুৰ্বেদীয় শাস্ত্ৰত কোৱা হৈছে। সৰু ল’ৰা-ছোৱালীৰ ক্ৰিমিৰ উপদ্ৰৱ ভেকুৰীয়ে বিনাশ কৰিব পাৰে।

ভেকুৰিৰ শিপাৰ পৰাও ঔষধ প্ৰস্তুত কৰা হয়।বৃহত বৈদ্যসাৰ নিদান গ্ৰন্থৰ মতে ‘ফুটনি লেংগৰ’ ৰোগত ভেকুৰিৰ শিপা একছটাক, কটাহী বেঙেনাৰ শিপা একছটাক, জালুক তিনিটা, পিপলিৰ এটা গুটি আধা গুড়ি কৰি আধাসেৰ পানীত সিজাই আধা ৰাখি দিনে আধা তোলা পৰিমাণত দুই বাৰকৈ খালে ৰোগীয়ে আৰোগ্য লাভ কৰে। উক্ত গ্ৰন্থৰ মতে পিত্ত ৰোগীয়েও ভেকুৰী দৰৱ হিচাপে খাব পাৰে। পিত্তৰোগীয়ে ভেকুৰীৰ শিপা, লোণ আৰু জালুক ভালদৰে মিশ্ৰণ কৰি এমাহ খালে বহুদিনীয়া পিত্তও নষ্ট হয়।

ইয়াৰ উপৰি যকৃত ৰোগ, মেদৰোগ, প্ৰমেহৰোগ, গৰ্মী ৰোগ, কুষ্ঠ ৰোগ, বাতৰক্ত ৰোগ, উৰু স্তম্ভ ৰোগ, মুখৰ আৰু অৰুচি ৰোগত ভেকুৰি পথ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

চকুত কেনেবাকৈ জলকীয়া লাগিলে ভেকুৰী ফল পিহি চকুৰ পটাত সানিলে জ্বলা নাইকীয়া হয়।

খাদ্য হজম কাৰক দোৰোণ শাক

দোৰোণ শাক আমই সকলোৱে চিনি পাওঁ। গছজোপা প্ৰায় এক ফুটমান ওখ হয়। পাতৰ দুয়োমূৰ জোঙা আৰু পাতৰ কাষ খাজ কটা। ফুল বগা, গা-গছ চাৰিসিৰীয়া। দোৰোণ শাকৰ পাত আৰু ঠাৰি জ্বলা, তিতা আৰু লুণীয়া ৰস বিশিষ্ট। দোৰোণ শাকৰ ফুল কামোদ্দীপক, পুষ্টিকাৰক আৰু কৃমি নাশক।

হিন্দীত-চুতাহালকোচা, বঙালীত-শ্বেত দ্ৰোন, মালায়লমত-থাম্পা, মাৰাঠিত দ্ৰোণপুস্পী, গোমা, উৰিয়াত-গইচা, পাঞ্জাবীত-গোলদদা, তামিলত-থামবাই, তেলেগুত-টাম্মা চেটু নামেৰে জনা যায়।

বোজ্ঞানিক নাম: লিনকাচ লিনিফলীয়া। ই লেমিয়েচি গোত্ৰৰ অন্তৰ্গত।

ঔষধি গুণ

দোৰোণ শাক ঔষধি গুণেৰে ভৰপূৰ। ইয়াক আঞ্জা কৰি আৰু পাতত দি খাব লাগে।

বাধক বেদনা

দোৰোণ বনৰ পাত পাঁচটা, দোৰোণ বনৰ ফুল পাঁচ পাহ আৰু জালুক তিনিটা পিহি মাহেকীয়া হোৱাৰ সময়ত ৰাতিপুৱা খালী পেটত দিনে এবাৰকৈ ১০/১২ দিন একেৰাহে খাব লাগে।

আভোক

ভোক নালাগিলে বা পেটত পোট-পাট শব্দ হৈ থাকিলে দোৰোণ বন আঞ্জা কৰি পাতত দি ভাতৰ লগত দিনে এবাৰকৈ একেৰাহে ১০-১৫ দিন ব্যৱহাৰ কৰিলেই ভোক লাগে বা পেট পোট-পাট হৈ থকা পুৰণি ৰোগীয়েও আৰোগ্য লাভ কৰে।

পানী লগা

দোৰোণ বনৰ পাতৰ ৰস দুই টোপালত চাৰি টোপাল মৌ মিহলাই দিনে দুবাৰকৈ দুই তিনিদিন খালেই পানী লগা আনকি ইনফ্লুয়েঞ্জা ভাল হয়।

হেন্দোলনি ৰোগ: হাইফাই ৰোগত যেতিয়া ৰোগীয়ে উশাহ-নিশাহ লোৱাত কষ্ট হয়, তেতিয়া দোৰোণ বনৰ পাত শুকুৱাই চাহ সিজোৱাৰ দৰে পানীত সিজাই দিনে দুবাৰকৈ খালে হেন্দোলনি ৰোগীয়ে আৰোগ্য লাভ কৰে।

কুমজেলেকুৱাই খোৱা

কুমজেলেকুৱাই খালে যদি বিষ হয়, ফুলি উঠে, গা জিনজিনায়, মূৰ্চ্ছা যায়, চকুৰে ধোঁৱা-কোঁৱা দেখে তেতিয়া দোৰোণৰ শিপা পানীৰে ধুই খুন্দি ৰস উলিয়াই আধা চামুচ ৰস খুৱালে ভাল ফল পোৱা যায়।

সাপে খুটা

সাপে খুটা ৰোগীৰ চকুৰ কোণাত এক টোপাল দোৰোণ বনৰ ৰস দিলে বিষ কমে। তদুপৰি, সাপে কামোৰা ঠাইত দোৰোণ বনৰ পাত আৰু শিপা খুন্দি প্ৰলেপ দিলেও বিষ নাশ হয়।

খৰ

খৰ হোৱা ঠাই খুজুৱাই দোৰোণ বনৰ পাত ৫-৬ খন পিহি খৰ হোৱা ঠাইত সানিলে খৰ আনকি খজুৱতিও ভাল হয়।

বেচু

দোৰোণ বনৰ পাত পাঁচখন, বনজালুক এজোপা পিহি তাত সেন্দুৰ এক পুৰীয়া মিহলাই বেচু হোৱা ঠাইত সানিলে বেচু ভাল হয়।

মেলেৰীয়া জ্বৰ

মেলেৰীয়া জ্বৰত দোৰোণ বনৰ আঞ্জাত জালুক দি দিনে এবাৰকৈ ৫-৬ দিন খালে জ্বৰ নাইকীয়া হয়।

ক্ৰিমি

দোৰণ বনৰ ফুল দহ পাহ পিহি সামান্য মৌৰ লগত দিনে দুবাৰকৈ পাঁচবাৰকৈ পাঁচ দিনমান খালেই ক্ৰিমি নাশ হয়।

চাইনোচাইটিছ

একটোপাল দোৰোণ বনৰ পাতৰ ৰসত দুই টোপাল পানী মিহলাই নাকৰ বিন্ধাত টোপটোপকৈ দিব লাগে।

সঞ্চিত গ্ৰহণী

সঞ্চিত গ্ৰহণী ৰোগিয়ে দোৰোণ বন আঞ্জা কৰি বা পাতত দি দিনে এবাৰকৈ ১৫ ৰ পৰা ২৫ দিন খালেই ভাল হয়।

পেটচলা

হাগনি বা পেটচলা অৰ্থাত, ডায়েৰিয়া ৰোগীৰ কাৰণেও দোৰোণ শাক সুপথ্য।

ফেৰিনজাইটিছ

দোৰোণ বনৰ আগ পাঁচটা আৰু পচতীয়াৰ কোমল পাত পাঁচখন পানীৰে ধুই চোবাই মুখত প্ৰায় পাঁচ মিনিট সময় লৈ থাকিব লাগে। ৰসখিনি পেটৰ ভিতৰলৈ যাবলৈ দিব নালাগে। কিন্তু অলপ অলপকৈ সেপ ধুকি ৰস ডিঙিলৈকে যাব দিব লাগে। এনেদৰে দিনে দুবাৰকৈ তিনি চাৰিদিন ব্যৱহাৰ কৰিলেই ফেৰিনজাইটিচ ভাল হয়।

গাৰ বিষ

গাৰ বিষত দোৰোণৰ কোমল পাত আৰু পচতীয়াৰ কোমল পাত আঞ্জা কৰি খালে গাৰ বিষ নাইকীয়া হয়।

গুণাৰাম খনিকৰ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top