মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / হাতী খুতৰাৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাতী খুতৰাৰ ঔষধি গুণ :

হাতী খুতৰাৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

শীতকালীন শাক-পাচলিবোৰৰ ভিতৰত খুতৰা শাক এবিধ উৎকৃষ্ট পাচলি। ইয়াৰ দুবিধ শাক দেখা যায়।

এবিধ পাতল সেউজীয়া আৰু আকাৰত পাত আৰু ঠাৰি সৰু। আনবিধ যথেষ্ট ডাঙৰ আৰু কাঁইটযুক্ত। ইয়াক হাতী থুতৰা বোলে।

ইয়াৰ বৈজ্ঞানিক নাম Amarranthus spinosus বেলেগ প্ৰকাৰবোৰ A. dubius, A. Viridis ইত্যাদি। খাবলৈ সুস্বাদু খুতৰা মাছৰ লগত আঞ্জা বনাই খায়।

দাইলত বিলাহী দি খালে ভাল খালে।

ইয়াৰ অনেক ঔষধি গুণ আছে।

*হাতী খুতৰাত আন শাক-পাচলিতকৈ বেছি মাত্ৰাত প্ৰ’টিন থাকে।

*এই শাকবিধ খালে চুলি সৰ বন্ধা কৰে আৰু পুনৰ গজি উঠাত সহায় কৰে।

*হাতী খুতৰা এন্টিঅক্সিডেন্টযুক্ত আৰু ইয়াত থকা লৱণসমূহে সুস্বাস্থ্য গঠনত সহায় কৰে।

*শৰীৰৰ জ্বলন হ্ৰাস কৰে, শৰীৰত শক্তি প্ৰদান কৰে।

*শাৰীৰিক গঠনত বৃদ্ধি কৰে আৰু ক্ষয়-ক্ষতি পুনৰুদ্ধাৰ কৰাটো এইবিধ শাক উপকাৰী।

*হাতী খুতৰাই ওজন হ্ৰাস কৰাত সহায় কৰে। ৰক্তহীনতাত ভোগাসকলে হাতী খুতৰা খালে স্বাভাৱিক অৱস্থা পাব পাৰে।

*ৰঙা খুতৰা খালে আয়ৰন, কেলছিয়াম, ভিটামিন আৰু ফ’লিক এচিডৰ উপকাৰিতা লাভ কৰিব পাৰিব।

*এলাৰ্জী দূৰ কৰা, তেলীয়া ছাল নমনীয় কৰা, ক’লা দাগ আঁতৰ কৰাটো সহায় কৰে খুতৰাই। সৰু কেঁচুৱাকো এইবিধ শাকৰ আঞ্জা বনাই খুৱালে উপকৃত হ’ব পাৰে।

লেখিকা: কবিতা ফুকন(অসম বাণী)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top