বৰ্তমান হালধিক লৈ বিজ্ঞানীসকলৰ গৱেষণাৰ অন্ত নাই। বহুতো ঔষধি গুণেৰে সমৃদ্ধ হালধিৰ ব্যৱহাৰ ভাৰতীয় সমাজত অপৰিসীম। ভাৰতীয়সকলে খাদ্য সম্ভাৰত সততে হালধি ব্যৱহাৰ কৰে। আনকি বিভিন্ন মাংগলিক আচাৰ-অনুষ্ঠান, বিবাহ, উৎসৱ-পাৰ্বণ আদিতো হালধিক অত্যাৱশ্যকীয় এক পৱিত্ৰ দ্ৰৱ্য হিচাপে ব্যৱহাৰ কৰা হয়।
অসমীয়া সমাজত বিয়াত দৰা-কইনাক মাহ-হালধিৰে নোওৱাৰ পৰা আৰম্ভ কৰি ব’হাগ বিহুত গৰু-গাইৰ উপৰি মানুহেও মাহ- হালধিৰে গা ধোৱাটো অসমীয়া লোক-সংস্কৃতিৰ উল্লেখনীয় দিশ। প্ৰকৃতাৰ্থত হালধিত আছে আমাৰ শৰীৰৰ ছালত সুৰক্ষিত কৰি ৰাখিব পৰাকে আদি কৰি ছালক ক্ষতি কৰিব পৰা যিকোনো অপকাৰী বীজাণু বা কাৰকসমূহত বাধা দিব পৰা গুণ। আনহাতে হালধি ৰক্তশোধক। পুৱা শুদা পেটত কেঁচা হালধিৰ এচামুচ ৰসৰ লগত সমপৰিমাণৰ মৌ মিহলাই সপ্তাহত যদি এদিনো খোৱা হয়, তেন্তে তেজ চাফা হোৱাৰ লগতে নানা প্ৰকাৰৰ পেটৰ অসুখৰ পৰাও হাত সাৰি থাকিব পাৰি। হালধি বিষনাশক গুণেৰেও সমৃদ্ধ। সাধাৰণভাৱে হাত বা ভৰি মোচোকা খোৱা আদিত কেঁচা হালধি মিহিকৈ খুন্দি বা বটি কিছু সময় লেপ দি থ’লে বিষৰ পৰা সম্পূৰ্ণ উপশম পোৱা যায়। বৰ্তমান যুগত স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি সচেতনসকলৰ বাবে হালধি কিমান অপৰিহাৰ্য তাক নকলেও হ’ব।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
শিলিখাৰ গুণৰ বিষয়ে লিখা হৈছে ।