হালধি : এবিধ বিস্ময়কৰ মছলা :
হালধি : এবিধ বিস্ময়কৰ মছলাৰ বিষয়ে লিখা হৈছে ।
- Contents
আন বহুতৰ দৰে হালধিৰ সোণোৱালী হালধীয়া ৰং মোৰো বৰ প্ৰিয়৷ মোৰ স্মৃতিৰ মানস পটৰ এচোৱা সেই বৰণে আৱৰি ৰাখিছে৷ পিছে আজি মই ৰঙৰ কথা নহয়, হালধিৰ গুণাৱলীৰ সৈতেহে আপোনালোকক পৰিচিত কৰাব খুজিছোঁ৷
অসমীয়া জনজীৱনত হালধিৰ প্ৰয়োগ সকলোৱে দেখি অহা কেইটিমান হ'ল - ব'হাগ বিহুত গা ধুবলৈ মাটি মাহ আৰু কেঁচা হালধিৰ পিচা মিশ্ৰণ সানি লোৱা, অসমীয়া বিয়াত দৰা-কইনাক নোঁৱাবলৈ-ধুৱাবলৈ, মৃতকৰ সৎকাৰতো মাহ-হালধি সানি স্নান কৰোৱা, খুন্দা-খুন্দলি খালে কেঁচা হালধিৰ পিচি প্ৰলেপ দিয়া আদি৷ অসমৰ বহু অঞ্চলত মৰা শ যদি ৰাতি ৰাখিবলগীয়া হলে শটো মাটিত শোৱাই চাৰিওফালে হালধিৰ গুড়িৰে বেৰি দিয়া হয়। তাৰ ফলত পোক-পৰুৱা নালাগে আৰু কোঠাটোত বেয়া গোন্ধ নোলায়!
বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে৷ চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যায়৷ ইউৰোপ মহাদেশত ১৩শতিকাৰ পৰা ব্যৱসায়ী সকলৰ যোগদি হালধিৰ প্ৰচলন আৰম্ভ হোৱা বুলি জনা যায়৷
বিশ্বত বছৰি ৮ লাখ টন হালধিৰ উৎপাদন হয়৷ তাৰে ৭৫শতাংশ ভাৰতে উৎপন্ন কৰে৷ অৰ্থাৎ ভাৰত হ'ল হালধিৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ৷ বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, টাইৱান, চীন, ম্যানম্যাৰ, ইণ্ডোনেচিয়া আদি হ'ল আন হালধিৰ উৎপাদনকাৰী দেশ৷ মধ্য আৰু দক্ষিণ আমেৰিকাতো ব্যৱসায়িক ভিত্তিত হালধিৰ খেতি হয়৷
ভাৰতবৰ্ষ আৰু দক্ষিণ-পূব এচিয়া হ'ল হালধিৰ স্বাভাৱিক বসতি স্থল৷ প্ৰাচীন কালৰ পৰাই সেই অঞ্চলৰ লোকে হালধিক এবিধ মছলাগুণযুক্ত খাদ্য আৰু বনৌষধি হিচাবে ব্যৱহাৰ কৰি আহিছে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধি বিভাগে হালধিক নিৰাপদ প্ৰাকৃতিক খাদ্যত মিহলাব পৰা ৰং বুলি স্বীকৃতি প্ৰদান কৰিছে৷
বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে৷ আমাৰ দেশত হালধি ব্যৱহাৰ কৰি নিম্নলিখিত ৰোগৰ চিকিৎসা কৰা হৈছিল -গাৰ বিষ,বাত বিষ, চৰ্দি, চৰ্মৰোগ, লিভাৰৰ অসুখ, বদহজমি, শ্বাসজনিত ৰোগ, ক্লান্ত-অৱসাদ দূৰ কৰিবলৈ। চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যা৷
নেপালত পৰম্পৰাগত ৰোগ চিকিৎসাত হালধি ব্যৱহাৰ কৰা হয়৷ দক্ষিণ আফ্ৰিকাত ভাতৰ বৰণ পীত বৰণৰ কৰিবলৈ হালধিৰ প্ৰয়োগ কৰা হয়৷ পাৰসী, ইৰাণী, মৰক্কো, ভিয়েটনামী, ইণ্ডোনেচিয়া, থাইলেণ্ড- নিবাসী আদিৰ মাজত হালধিৰ ব্যৱহাৰ অতীজ কালৰ পৰা এৰাব নোৱৰা আছিল বুলি জনা যা
দক্ষিণ ভাৰতৰ কেৰালা, মহাৰাষ্ট্ৰ, গোৱা, কোংকন আদি অঞ্চলত খাদ্যবস্তুৰ টোপোলা বান্ধিবলৈ হালধি গছৰ পাত ব্যৱহৃত হয়৷ উত্তৰ ভাৰতৰ বহু অঞ্চলত বিবাহত কইনাৰ গাত হালধি ঘঁহা 'হল্দি ৰচম' আৰু পশ্চিম বংগত 'গায়ে হলুধ' প্ৰথাৰ প্ৰচলন চলি আহিছে৷
তামিলনাডু, অন্ধ্ৰ, তেলেংগানা আদি ঠাইৰ বিবাহটো হালধি অপৰিহাৰ্য্য৷ দূৰ্গাপূজাৰ নৱপত্ৰিকা বিধানতো হালধিৰ স্থান অপৰিহাৰ্য্য৷
খাদ্যৰ মছলা হিচাবে ব্যৱহাৰ কৰাৰ ওপৰিও হালধিক পুৰণিকালৰ পৰা কাপোৰত দিয়া ৰং হিচাবেও ব্যৱহাৰ কৰি অহা হৈছে৷ বৌদ্ধ ভিক্ষুসকলে পৰিধান কৰা নিজ বস্ত্ৰত,বাংলাদেশী আৰু ভাৰতীয় কুটীৰ শিল্পীসকলে বনোৱা শাৰিত হালধিৰে প্ৰকৃতিক ৰং বুলোৱা হয়৷
এটা সময়ত কোনো পদাৰ্থৰ অম্লতা বা খাৰুৱা গুণ চিনাক্ত কৰিবলৈ হালধিৰে নিৰ্মিত কাগজ (Curcuma paper) ব্যৱহাৰ কৰা হৈছিল৷ এচিড মাধ্যমত এনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা-মূগা বৰণৰ হৈ পৰে৷
বিভিন্ন ভাষাত হালধিক কি বোলে?
অসমীয়াত হালধিৰ আন নাম হ'ল হৰিদ্ৰা৷
*বড়ো (হালদৈ),
*খাচী (চিনৰাই),
*কাৰ্বি (থাৰমিউ),
*ডিমাছা (শ্লুকদি),
*দেউৰী (আচিৰি),
*টাই (থাও-মিন),
*বাংলা (হলুদ),
*মৰাঠী(হলদ),
*ওৰিয়া(হলদি),
*গুজৰাটী (হলদাৰ),
*কানাড়া(অৰিচিনা),
*কাশ্মিৰী(লেডাৰ),
*পঞ্জাবী(হল্দি, হলদৰ,হৰধল),
*তামিল (মঞ্জল),
*তেলেগু (পাচুপু),
*উৰ্দূ (হল্দি)৷
*লেটিন নাম হ'ল- Curcuma loga linn, Domestica Valeton, Cucuma aromatic আৰু
*ইংৰাজী নাম হ'ল –Turmeric, Indian saffron৷
*ব'টানিকেল নাম হ'ল – Cucuma longa৷
*বংশ- Zingiberaceae (Ginger family) - আদা আৰু ইলাচী হ'ল এই একে বংশৰ৷
হালধি গছৰ বৰ্ণনা -
এজোপা হালধিৰ গছ ৩ৰ পৰা ৫ ফুট ওখ হব পাৰে৷ ২০ৰ পৰা ৩০ডিগ্ৰী চেলচিয়াচ তাপমান হ'ল ইয়াৰ বাবে উপযুক্ত বাতাবৰণ৷ গছৰ শ্ৰীবৃদ্ধিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন৷ ৮/১০মাহত গছ পূৰঠ হয়৷ গছত পাতল হালধীয়া ফুল ফুলে৷
মাটিৰ তলত আদাৰ নিচিনা থোপাথুপি শিপাৰ বিকাশ হয়৷ এই শিপাৰ অংশ কাটি আন ঠাইত ৰুলে নতুন গছ হয়৷ উপযুক্ত পৰিসৰ পালে টাবটো হালধি ৰোপন কৰিব পাৰি৷ শিপা শুকুৱাই পিহিলে হালধি গুড়ি (পাউদাৰ) হয়৷
কি কি উপযোগী তত্ব হালধিত থাকে?
সেই তত্বসমূহ হ'ল:
*ফাইটো-নিউট্ৰিয়েন্ট(কুৰকুমিন,
*ডিমিথস্কি-কুৰকুমিন,
*টিউমেৰন,
*টিউমেনৰল); ডায়েটেৰী ফাইবাৰ,
*ভিটামিন-বি ৬,
*ভিটামিন-এ,
*ভিটামিন-ডি,
*ভিটামিন-চি,
*ভিটামিন-এ,
*খনিজ(আইৰণ, মেংগানিজ, প'টেচিয়াম, ক'পাৰ, কেলচিয়াম, চ'ডিয়াম),
*প্ৰটিন৷
ক'লেষ্টেৰল শূণ্য৷ কেলৰিৰ পৰিমান ২৪৷ কুৰকুমিন(Curcumin ) হ'ল হালধিত থকা আটাইতকৈ লাগতিয়াল তত্ব৷ হালধিৰ বৰণ ইয়েই কৰে৷ হালধিৰ অনেক বৈশিষ্ট ইয়াৰ পৰাই আহিছে।
হালধিৰ বিষয়ে গবেষকসকলে কি কয়?
পাঠকে শুনি হয়তো আচৰিত হব বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ১০ হাজাৰৰো অধিক হালধিৰ ওপৰত গবেষণামূলক প্ৰৱন্ধ প্ৰকাশিত হৈছে৷ নিবন্ধসমূহত থোৰতে হালধিৰ নিম্নলিখিত গুণৰ ওপৰত আলোচনা হৈছে : সংক্ৰমণৰোধক, মনৰ উদাসীনতা দূৰীকাৰক, বিষহাৰক, ক'লেষ্টৰল হ্ৰাস কৰোতা, মেদবহুলতা কমোৱা গুণযুক্ত, চৰ্মৰোগৰ উপকাৰী, কৰ্কট ৰোগ ৰোধক, বাত-বিনাশক, ডায়েবেটিজ নিয়ন্ত্ৰক, এন্টিক'এগুলেন্ট ক্ৰিয়া আদি৷
অন্যান্য দৰবৰ সৈতে হব পৰা সংঘাত (Drug interaction):
*পেটৰ এচিডিটিৰ চিকিৎসাত সঘনে ব্যৱহৃত হোৱা দৰব (ৰেনিটিডিন, ফেমটিডিন, চিমেটিডিন, লেন্সপ্ৰাজল, অমিপ্ৰাজল);
*ডায়েবেটিজৰ দৰব; এন্টিক'এগুলেন্ট দৰব (এচপ্ৰিন, ক্লপিডগ্ৰিল, ৱাৰফেৰন) আদি দৰবৰ ব্যৱহাৰ কৰোতাসকলে হালধিৰ ব্যৱহাৰত সতৰ্ক হোৱা বাঞ্চনীয়৷
এদিনত এজন লোকে ব্যৱহাৰ কৰা হালধিৰ পৰিমান কিমান হোৱা উচিত?
৫০০ মিলিগ্ৰাম দিনটোত তিনিবাৰ অৰ্থাৎ এদিনত ১৫০০মিলিগ্ৰাম হ'ল উপযুক্ত আৰু নিৰাপদ মাত্ৰা৷ অত্যধিক সেৱনৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ'ল -বমি, ওকালি, পেটৰ অসুখ,মূৰঘূৰণি৷
উপকাৰিতাৰ দীঘলীয়া তালিকাখনলৈ লক্ষ্য কৰক -
*কৰ্কট ৰোগ প্ৰতিৰোধক- এন্টিঅক্সিডেন্টে ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷
*টাইপ-২ ডায়েবেটিজ আৰু ইয়াৰ জটিলতাস্বৰূপে হব পৰা ৰেটিনোপেথি আৰু নিউৰোপেথি ৰোধকৰাৰ ক্ষমতাযুক্ত৷ পৰীক্ষাগাৰত হালধিক ডায়েবেটিজৰ দৰব মেটফৰ্মিনকৈ শক্তিমন্ত দেখা গৈছে৷
*ক'লেষ্টেৰল নিয়ন্ত্ৰক- দেহৰ অপকাৰী ট্ৰাইগ্লিচাৰাইড আৰু হ্ৰাস কৰে৷
*মেদবহুলতা কমায়৷
*হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷
*সংক্ৰমণৰোধক- এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল গুণযুক্ত।
*ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
*মানসিক চিন্তা, ডিপ্ৰেচন কমোৱাত ফ্লোৱেক্সটিনৰ দৰে সক্ষম৷
*স্মৃতিশক্তি বঢ়ায়৷ এলঝেইমাৰৰ দৰে ৰোগৰ চিকিৎসাত উপযোগী৷
*পাৰকিনচনিজম আদি স্নায়ুৰোগ ৰোধ কৰে৷
*বাত বিষৰ উপশম ঘটায়৷
*শৰীৰত বয়সৰ ছাপ পৰিব নিদিয়ে৷ ছাল সোতোৰা পৰা ৰোধ কৰে৷
*শালমন ভাল কৰে৷
*ছালৰ দাগ আতৰ কৰাত হালধিৰ প্ৰলেপ সহায়ক৷
*জুয়ে পুৰাৰ চিকিৎসাত উপযোগী৷ জুয়ে পুৰাৰ চিকিৎসাত প্ৰলেপ হিচাবে প্ৰয়োগ প্ৰাচীনকালৰ পৰাই চলি আহিছে৷ বাৰ্ণৰ গভীৰতা বেচি হলে ৩০০ মিলিগ্ৰাম দিনে ৩ বাৰকৈ খাব লাগিব৷
Turmeric বা Curcumin 300 mg কেপচুল বজাৰত উপলদ্ধ৷
*শৰীৰৰ যিকোনো ঘাঁ হালধিৰ প্ৰয়োগে শুকুৱাত সহায় কৰে।
*হালধি গাখীৰৰ লগত মিহলাই ৰাতিপুৱা খালে এলাৰ্জি ৰোগ আতৰোৱাত সহায় হয়।
*ছালৰ বিভিন্ন ৰোগৰ (লুপাচ, চ'ৰিয়াচিচ,একজিমা) চিকিৎসাত ব্যৱহৃত হয়৷
*বিষহাৰক, বাত,আৰ্থাইটিচ আদি ৰোগৰ চিকিৎসাত উপযোগী৷
*পেটৰ নানাবিধ পুৰণি অসুখ যেনে আলচাৰেটিভ ক'লাইটিচ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত উপযোগী৷
*কেটেৰেক্ট, ইউভিআইটিচ আদি চকুৰ অসুখ ৰোধ কৰে।
*চকু ৰঙা পৰা অসুখ(কনজাংটিভাইটিচ)ত হালধি পিহি নাইবা গুড়ি হালধি পানী মিহলাই পেষ্ট তৈয়াৰ কৰি পৰিষ্কাৰ কাপোৰত সানি লৈ চকুত মাজে মাজে লগাই থাকিলে সকাহ পোৱা যায়৷
*লিভাৰৰ অসুখ, আভোক, জণ্ডিচ,চিৰচিচ আদিত উপযোগী৷
*কেচা মাংসত হালধি সানি কেবাদিনলৈ ভালে ৰাখিব পাৰি, গোন্ধ নোলায়৷
সতৰ্কবাণী:
*পিত্তত পাথৰ থকা লোকৰ বাবে হালধি অপকাৰী৷ হালধিয়ে পিত্তৰ সংকোচন কৰাৰ ফলত পেট বিষ হব৷
*কিডনিৰ পাথৰ থাকিলেও হালধি বেচি খালে কেলচিয়াম অক্সালেট বৃদ্ধি হোৱাৰ ফলত পাথৰৰ আকাৰ বাঢ়িব পাৰে৷
*গৰ্ভৱতী মহিলাই অতিমাত্ৰাত হালধি সেৱন কৰিলে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হ’ব পাৰে৷
*এন্টিক'এগুলেন্ট দৰব খাই থকা ৰোগীয়ে সতৰ্কতাৰ হালধি সেৱন কৰিব৷
*যি কোনো কাৰণত জণ্ডিচ হলে বহুতোলোকে হালধি খাবলৈ বাদ দিয়ে৷ সেয়া অজ্ঞতা, এটি ভুল ধাৰণা৷ লিভাৰৰ যি কোনো অসুখত হালধি উপযোগী৷ কিন্তু পিত্তত আৰু কিডনিত পাথৰ হলে হালধি নাখাব৷
লেখক: ডাঃ ভূপেন শইকীয়া
ম'বাইল নং: 00৯৭৪৩৩৭৩৮৭২