অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধিৰ ঔষধি গুণ :

হালধিৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

হালধি নেদেখা, চিনি নোপোৱা, হালধিৰ নাম নুশুনা বা দৈনন্দিন আহাৰত হালধিৰ বিষয়ে নজনা ব্যক্তি ভাৰতীয় সমাজত অতি বিৰল। সাধাৰণতে এবিধ প্ৰাকৃতিক ৰঙৰ উৎস আৰু খাদ্যৰ পৰিপুৰক মচলা হিচাপে ব্যৱহাৰ কৰা ভাৰতীয় উপ-মহাদেশ তথা দক্ষিণ-পুব এছিয়াৰ এবিধ আদিবাসী উদ্ভিদ। খাদ্যৰ ৰন্ধনত আহাৰৰ যোজ্য (food additive) হিচাপে, মাংগলিক অনুষ্ঠান তথা উৎসৱ-পাৰ্বণ, বিৰাহ আদিত শুদ্ধি, শ্ৰীবৃদ্ধি, সৌভাগ্য তথা উন্নতি আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে, বস্ত্ৰ উদ্যোগত প্ৰাকৃতিক ৰঙৰ উৎসৱ হিচাপে আৰু ভাৰতীয় জন-জীৱনত এবিধ পাৰস্পৰিক প্ৰসাধন সামগ্ৰী হিচাপে যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে হালধি। তদুপৰি, ভাৰতীয় পাৰস্পৰিক চিকিৎসা পদ্ধতিৰ জৰিয়তে পেট তথা যকৃতৰ ৰোগ, তেজৰ সমস্যা (পৰিষ্কাৰকৰণ), জ্বৰ, কাহ , ড্ৰপচি, প্ৰদাহ, বাতবিষ, কটা-ছিঙা ঘা, ছালৰ বিভিন্ন ৰোগ আদিৰ চিকিৎসাতো হালধি ব্যৱহাৰ হৈ আহিছে অতীজৰে পৰা । ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অতীজৰে পৰা ব্যৱহাৰ হৈ অহা এইবিধ উদ্ভিদ সম্পদৰ ঔষধি গুণৰ সত্যতা বৰ্তমান পোহৰলৈ আহিছে।

অৰ্জীণতা আৰু যকৃতৰ সমস্যা -

হালধি এবিধ খাদ্য হজমীকাৰক। খাদ্য প্ৰস্তুতকৰণত আহাৰৰ যোগ্য হিচাপে ই খাদ্যদ্ৰব্য হজম কৰাৰ লগতে গেছ উৎপন্ন হৈ ওফন্দি উঠা কাৰ্যত বাধা দিয়ে। ই ফেট জাতীয় দ্ৰব্য হজম কৰাত যকৃতৰ সমৰ্থতাক উৎকৰ্ষতা প্ৰদান কৰে। হালধিয়ে যকৃতৰ পিত্ত (bile) প্ৰস্তুতকাৰী ক্ষমতাক উন্নত কৰি পিত্তাশয় (gall bladder) ৰ জৰিয়তে পিত্ত নি:সৰণত উৎসাহ যোগায়। যকৃতৰ ওপৰত হোৱা হালধিৰ এনে প্ৰভাৱৰ বাবে জণ্ডিচ, চিৰ’চিছ, হেপাটাইটিছ আদি ৰোগৰ চিকিৎসাত হালধিক এবিধ ফলদায়ক ঔষধি হিচাপে বিবেচনা কৰা হয়- কিয়নো যকৃতীয় (hepatic) নলীকাৰ বিসংগতিবোৰ হালধিয়ে নিৰাময় কৰে। সঞ্চিত অজীৰ্ণতা সম্পৰ্কীয় দুৰ্বলতা আৰু কোনো কাৰণত দেহৰ কোনো অংশত তেজ গোট খোৱা বা গেঠেলা মৰা আদি সমস্যাৰ ক্ষেত্ৰত হালধিৰ ৰস এবিধ উপকাৰী ঔষধি হিচাপে সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। খাদ্য গ্ৰহণ কৰাৰ পিছত দুৰ্বল অনুভৱ কৰা, পেটত গেছ জমা হৈ ফুলি উঠা আদি বিপাকীয় বদহজমী সংক্ৰান্তীয় সমস্যাত ভোগা ব্যক্তিৰ ক্ষেত্ৰত হালধিৰ ৰস এবিধ উপকাৰী ঔষধি।

সঞ্চিত প্ৰদাহ আৰু বাত বিষ -

বৰ্তমান সময়ৰ কেইবিধমান উৎকৃষ্ট প্ৰদাহ আৰু প্ৰফলন প্ৰতিৰোধী জৈৱ-ৰসায়নৰ ভিতৰত স্থান পাইছে হালধিত থকা কুৰকুমিন নামৰ যৌগবিধেও। তুলনামুলকভাৱে ই আনকি এছপাইৰিন আৰু ইবোপ্ৰ’ফেন  আদি দৰৱতকৈ অধিক ক্ষমতাসম্পন্ন বুলি গৱেষণাই প্ৰমাণ কৰিছে। উচ্চ মাত্ৰাৰ প্ৰদাহ প্ৰতিৰোধী গুণৰ কাৰণে হালধি বৰ্তমান পৰিগণিত হৈছে সঞ্চিত প্ৰদাহ আৰু বাতবিষ সম্পৰ্কীয় ৰিউমেটইড আৰু অষ্টিঅ’আৰথ্ৰাইটিছ আদি ৰোগৰ  উপশমৰ উপায় হিচাপে।

হৃদৰোগ -

হালধিয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা কম কৰে আৰু বেয়া কলেষ্টেৰলৰ জাৰণত বাধা দিয়ে। ই হৃদযন্ত্ৰত তেজ চলাচল কৰা নলীকাৰ প্ৰতিবন্ধকাত বাধা আৰোপ কৰি হাৰ্ট এটেক বা ষ্ট্ৰ’কৰ আশংকা কমায়।

কেনছাৰ প্ৰতিৰোধত

হালধি এবিধ উচ্চ ক্ষমতাসম্পন্ন কেনছাৰ প্ৰতিৰোধী হিচাপেও বৰ্তমান প্ৰমাণিত হৈছে। হালধিৰ কুৰকুমিনে কেনছাৰ কোষৰ বৃদ্ধিত বাধা প্ৰদান কৰি কোষৰ প্ৰতিজাৰণ (antioxidant) ক্ষমতা অৰু অসংক্ৰাম্য (immune) পদ্ধতিৰ উৎকৰ্ষ সাধন কৰি কেনছাৰ কোষবোৰ ধ্বংস কৰে। কুৰকুমিনে কোষৰ ডি এন  এ ধ্বংসকাৰী গুণৰ সঁহাৰি সক্ৰিয় কৰে আৰু প্ৰ’ষ্টেট কেনছাৰৰ দৰে ৰোগৰ সৃষ্টিকাৰী ৰাসায়নিক কাৰকৰ বৃদ্ধিত বাধা আৰোপ কৰি প্ৰ’ষ্টেট কেনছাৰো প্ৰতিৰোধ কৰে।  সেয়ে কেনছাৰ সৃষ্টিকাৰী ৰসায়ন প্ৰতিৰোধী হিচাপেও কুৰকুমিত বৰ্তমান খ্যাত হৈছে। কুৰকুমিন মহিলাৰ স্তন কেনছাৰৰ প্ৰতিৰোধী হিচাপেও গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

মগজুৰ স্বাস্থ্য আৰু আলঝেইমাৰ ৰোগত -

হালধিয়ে মগজুৰ অক্সিজেন আহৰণ কৰা ক্ষমতা উন্নত কৰি মগজুৰ কাৰ্য সম্পাদন ক্ষমতাত উৎকৰ্ষতা প্ৰদান কৰে আৰু ব্যক্তিৰ স্মৰণ শক্তি হ্ৰাস পোৱাত বাধা দিয়ে। হালধিৰ কুৰকুমিনে বুদ্ধি-জড়তা (dementia) নথকা ব্যক্তিৰ স্মৃতি শক্তি জড়িত কাম আৰু আলঝেইমাৰত ভোগা ব্যক্তিৰ মগজুৰ অতি অতি সুক্ষ্ম ফলক আৰু জোঁট লগা অংশবোৰৰ সমস্যা সমাধান কৰি ব্যক্তিৰ মানসিক অৱস্থা আৰু স্মৰণ শক্তি উন্নত কৰে। সেয়ে হালধিক শেহতীয়াকৈ আলঝেইমাৰ প্ৰতিৰোধক হিচাপেও জনা গৈছে।

বহুমুত্ৰ ৰোগত -

হালধিয়ে তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰে আৰু দেহৰ ইনছুলিন প্ৰতিৰোধ ক্ষমতাৰ পৰিৱৰ্তন ঘটায়। হালধিৰ কুৰকুমিনে যকৃতৰ দ্বাৰা গ্লুক’জ প্ৰস্তুতকৰণত বাধাৰ সৃষ্টি কৰে। কুৰকুমিনৰ বহুমুত্ৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আনকি এই ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ থকা ঔষধি-মেটফৰমিনৰ তুলনাত ৪০০ গুণ বেছি বুলি বৰ্তমান গৱেষণাই প্ৰমাণ কৰিছে। প্ৰথম পৰ্যায়ৰ বহুমুত্ৰ ৰোগত হালধিয়ে প্ৰতিজাৰক আৰু ৰোগ প্ৰতিৰোধী হিচাপে কাম কৰে। আনহাতে, দ্বিতীয় পৰ্যায়ৰ বহুমুত্ৰ ৰোগত ই দেহৰ বিপাকীয় কাৰ্য উন্নত কৰে আৰু ধমনীত ইউৰিয়া সৃষ্টিৰ আশংকা কমায়।

ঋতুস্ৰাৱৰ সমস্যাত

মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা অতিমাত্ৰা বিষ আৰু সিৰামুৰিয়ে ধৰা আদি সমস্যাত হালধিৰ ৰস এবিধ উপকাৰী ঔষধি। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মহিলাসকলক ঋতুস্ৰাৱৰ আগত প্ৰতিদিনে দুবাৰকৈ দুসপ্তাহ হালধিৰ ৰস সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। হালধি এবিধ অংগগ্ৰহনাশক (antipasmodic) আৰু ই পেশীসমুহক মসৃণ কৰি ঋতুস্ৰাৱৰ সময়ত সিৰামুৰিয়ে ধৰা সমস্যা কম কৰে।

বিমৰ্ষতাৰ সমস্যাত

বিমৰ্ষতা তথা হতাশগ্ৰস্ততাত ভোগা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতো হালধি বৰ্তমান উপকাৰী হিচাপে প্ৰমাণিত হৈছে। এনে সমস্যাত ভোগা ব্যক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত কুৰকুমিনৰ এক পৰীক্ষামুলক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে কুৰকুমিনৰ ক্ষমতা আনকি প্ৰ’ঝেক (prozae) নামৰ ঔষধি বিধৰ দৰেই। তদুপৰি, এনে ৰোগৰ চিকিৎসাত ব্যৱহৃত এল’পেথিক ঔষধিৰ তুলনাত কুৰকুমিন হৈছে এবিধ পাৰ্শ্বক্ৰিয়াহীন ঔষধি। সেয়ে কুৰকুমিন বৰ্তমান বিবেচিত হৈছে বিমৰ্ষতাত ভোগা ব্যক্তিৰ চিকিৎসাৰ বাবে এবিধ নিৰাপদ  উচ্চ মানৰ ঔষধি হিচাপে।

ছালৰ স্বাস্থ্য, কটা-ছিঙা, ঘা আদিত -

ছালৰ ৰোগ যেনে একজেমা, চৰিয়েচিচ, ফোঁহা, পিম্পল বা শালমন আদি সমস্যাৰ উপশমৰ বাবে হালধি এবিধ উত্তম বিষাক্ত বীজাণুনাশক। প্ৰতিজাৰক আৰু পৰ্ণপাত গুণৰ বাবে হালধিয়ে ছালৰ গাঁথনি উন্নত কৰাৰ উপৰি গাৰ ছালে মসৃণ কৰে। সেয়ে প্ৰসাধন সামগ্ৰী প্ৰস্তুতকৰণত বা প্ৰসাধন সামগ্ৰী হিচাপেও হালধিৰ দ্ৰব্যগুণ অ তুলনীয়। তদুপৰি, কটা-ছিঙা, ঘা লগা আদি সমস্যাত হালধিয়ে এবিধ বাহ্যিক এণ্টিবায়টিক হিচাপেও কাম কৰে।

চকুৰ অসুখত

চকুৰ মণিৰ ৰঙীন তৰপটো ৰঙা পৰা বা উখহাৰ লগতে বিষ আৰু জ্বৰত আক্ৰান্ত হোৱা ৰোগীৰ ক্ষেত্ৰতো কুৰকুমিনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৰ্তমান প্ৰমাণিত হৈছে কৰ্টিক’ষ্টেৰইডৰ ৰোগ প্ৰতিৰোধী গুণৰ দৰেই।

অন্যান্য ৰোগত

হালধিয়ে গতিৰহিত শ্লেষ্মা পৰ্দা (mucous membrane) ৰ প্ৰদাহ বা ৰঙা পৰি উখহি উঠাৰ লগতে বিষ হোৱা (inflammation) আৰু আকীৰ্ণতা congestion() আদি সমস্যাৰ নিৰাময় কৰে। গল বা টেটু (নেলু), হাওঁ-ফাওঁ, পাকস্থলী আৰু পেটৰ নাড়ী-ভুৰু আদিৰ আৱৰণ হিচাপে থকা শ্লেষ্মা পৰ্দাৰ বাবেও ই প্ৰদাহ প্ৰতিৰোধী । হালধিৰ নিয়মীয়া সেৱনে ব্যক্তিৰ আন্ত্ৰ () ৰ প্ৰদাহ আৰু ডায়েৰিয়া আদি ৰোগৰ উপশম ঘটায়। কেঁচুমুৰীয়া ৰ অসুখত গুহ্যদ্বাৰত হোৱা খজুৱতি আৰু গুহ্যদ্বাৰ উখহি থকা সমস্যাৰ ক্ষেত্ৰতো হালধি উপকাৰী হিচাপে বিবেচিত। হালধিৰ ৰসক এবিধ পেলুনাশক হিচাপেও জনা যায়। তদুপৰি, দৰৱে ফল নিদিয়া বা দেহৰ দৰৱ প্ৰতিৰোধ (drug resistance)অৱস্থাৰ বাবে কুৰকুমিন বৰ্তমান প্ৰমাণিত হৈছে এবিধ উত্তম দৰব প্ৰতিৰোধী গুণৰ নাশক হিচাপে।

ঔষধি হিচাপে হালধিৰ সেৱন প্ৰণালী -

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যা চম্ভালাৰ ক্ষেত্ৰত হালধিৰ কুৰকুমিনৰ যে এক অদ্ভুত ৰোগ প্ৰতিৰোধী ক্ষমতা আছে, এই বিষয়ে গৱেষকসকল বৰ্তমান নিশ্চিত। কিয়নো ই একেৰাহে প্ৰদাহ প্ৰতিৰোধী ,কেনছাৰ প্ৰতিৰোধী ,বিমৰ্ষতা নাশক, বিষনাশক , বহুমুত্ৰ ৰোগ প্ৰতিৰোধী, স্কন্দনৰোধী, অংশগ্ৰহণাশক, প্ৰতিজৈৱিক, বিষাক্ত বীজাণুনাশক আদি গুণৰ অধিকাৰী। হালধিৰ দ্ৰব্যগুণ সম্পৰ্কত গৱেষণাৰ শেহতীয়া ধ্যান-ধাৰণাই আনকি ইয়াক দীৰ্ঘায়ুৰ বাবে এক মহৌষধৰ ৰুপতো চিনাক্ত কৰিছে।

ভাৰতীয় নিদান শাস্ত্ৰই আগবঢ়োৱা পৰামৰ্শ অনুসৰি প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে ইয়াৰ সেৱন প্ৰণালী এনেধৰণৰ-

*আহাৰৰ পৰিপুৰক তথা আহাৰৰ যোজ্য হিচাপে-প্ৰতিদিনে ৪৫০ মিলিগ্ৰাম পৰিমাণৰ কুৰকুমিন কেপচুল বা ৩ গ্ৰাম হালধি কেইবাটাও পালিত ভাগ কৰি লৈ খোৱাৰ ব্যৱস্থা।

*চাহ হিচাপে- ১৫ মিনিটমান পানীত তিয়াই থৈ ১ গ্ৰাম বা ১.৫ গ্ৰাম শুকান হালধি দিনে দুবাৰকৈ খোৱাৰ ব্যৱস্থা।

*তেল হিচাপে-আধা চামুচ প্ৰতিদিনে ৩ বাৰকৈ খোৱাৰ ব্যৱস্থা।

শিশুৰ বাবে অৱশ্যে হালধি সেৱনৰ নিৰ্ধাৰিত পৰিমাণৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও আহৰৰ যোজ্য হিচাপে অন্য মচলাৰ দৰে দৈনন্দিন ব্যৱহৃত ইয়াৰ মাত্ৰাই যথেষ্ট বুলি বিবেচিত হৈছে। কিয়নো ভাৰতীয় জনসাধাৰণে গড় হিচাপত আহাৰৰ যোজ্য হিচাপেই প্ৰতিদিনে ৬০ ৰ পৰা ২০০ মিলিগ্ৰাম (হালধি হিচাপে ২-২.৫ গ্ৰাম) মানকৈ কুৰকুমিন সেৱন কৰি আহিছে।

লেখক: ড° শোভন চন্দ্ৰ নাথ (বসুন্ধৰা)

 

 

 

3.2962962963
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top