মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / হালধিৰ ঔষধি গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধিৰ ঔষধি গুণাগুণ

হালধিৰ বনৌষধিৰ গুণাগুণ সম্পৰ্কে কিছু কথা জানি থওঁ আহক

হালধি গছৰ বৈজ্ঞানিক নাম — Coscinium fenestratum (Gaertn) Cobbr (Menispermum fenestratam Gaertn)
গোত্ৰ — Menispermaceae
.
হালধি হৈছে আমাৰ সকলোৰে পৰিচিত সামগ্ৰী। হালধি এবিধ টান, আৰোহী লতা। ইয়াৰ পাত ১০-২০ ছেমি. দীঘল, বহল ডিম্বাকাৰ, বৃত্তাকাৰ, তাম্বুলাকাৰ, দাঁতি নিমজ, তল মিহি লোমশ। ইয়াৰ সংস্কৃত নাম হৰিদ্ৰা । ইয়াৰ বহুতো প্ৰজাতি আছে । ভাৰত, থাইলেণ্ড, মালযেছিয়া আৰু উত্তৰ অষ্টেলিয়াত, ইয়াৰ বিবিধ প্ৰজাতি দেখা পোৱা যায় । ভাৰততে ইয়াৰ ত্ৰিশবিধ প্ৰজাতি আছে। প্ৰধানকৈ তামিলনাডু, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰেদশ আৰু পশ্চিম বঙ্গত। ইয়াৰ মূল্য বিশ্বৰ বজাৰত বহু পৰিমাণে উচ্চ ৷ অকল ৰংটোৰ বাবেই বিশ্বৰ বজাৰত উচ্চ স্থান দখল কৰিছে।

বনৌষধি গ্ৰন্থত চাৰিবিধ হালধিৰ উল্লেখ পোৱা যায়। 
(১) বন হৰিদ্ৰা (২) হাদ্ৰাগন্ধী হৰিদ্ৰা (৩) কৰ্পূৰ হৰিদ্ৰা (৪) সাধাৰণ হৰিদ্ৰা। 
হালধিযে খাদ্যৰ বৰ্ণ (ৰং), গোন্ধ, মাঙ্গলিক অনুষ্ঠান আৰু ৰোগ নিৰাময়ত বিশিষ্ট স্থান অধিকাৰ কৰিছে। ভাৰতৰ কোনা কোনো ৰাজ্যৰ গ্ৰামাঞ্চলত এতিয়াও গৰু কিনি আনি হালধিৰ পানীৰে গা ধুৱাই গোহালিত প্ৰৱেশ কৰোৱায়।
হালধিক বীজাণু নাশক, শক্তি বৰ্ধক বুলিও কোৱা হয়। সুগন্ধি মছলা, উজ্জ্বল বৰ্ণ প্ৰদায়ক, প্ৰসাধন দ্ৰব্য ৰূপেও ইয়াৰ খ্যাতি কম নহয়। ভেষজ (দৰৱৰ) গুণ থকা বাবে বহুতো ৰোগ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় যদিও মছলা হিচাবে ইয়াৰ জনপ্ৰিয়তা অধিক। হালধিয়ে আহাৰ জীণ যোৱাত সহায় কৰে। ভোক বঢ়ায়।
ভাৰতত হালধিক নানাভাৱে ঔষধত ব্যৱহাৰ কৰা হয়। শীতৰ শেষত আৰু বসন্ত কালত, বসন্ত আদি ৰোগে দেখা দিয়ে। এনে সময়তে নিতৌ পুৱা খালি পেটত ১ চাহ-চামুচকৈ কেঁচা হালধিৰ ৰস, তুলসী পাতৰ ৰস আৰু মৌ মিহলাই খালে ৰোগ প্ৰতিৰোধ শক্তি বাঢ়ে বুলি কোৱা হয়। গৰম পানীত হালধি গুড়ি মিহলাই খালেও শক্তি বৃদ্ধি হয় বুলি বহুতে কয়। এই পানীয়েই শাৰীৰিক দুৰ্বলতা দূৰ কৰে আৰু ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা পানী লগা আৰু জ্বৰ ভাৱ আঁতৰ কৰা আদিত সহায় কৰে।

উত্স: https://www.facebook.com/Mahiruh.sss

3.12068965517
Lakshya Nov 03, 2016 06:31 PM

Val lagil.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top