অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ত পচতীয়া

ৰোগ নিৰাময়ত পচতীয়া

অসমৰ বিভিন্ন হাবি-বননি, বাটে-ঘাটে আৰু মানুহৰ ঘৰৰ বাৰী-বাগানত প্রাকৃতিকভাবে গজি উঠা অনেক ঔষধি গুণেৰে পৰিপূৰ্ণ উদ্ভিদসমূহৰ ভিতৰত পচতীয়াও এবিধ অনন্য ঔষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ। ই ‘ভাৰ্বিনেচী’ পৰিয়ালৰ এক উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম 'vitex heigundo'। অতি মূল্যৱান আৰু অনেক ৰোগৰ মহৌষধৰূপে চিহ্নিত প্রায় সকলোৰে পৰিচিত। এই উদ্ভিদবিধ সচৰাচৰ পানী জমা নোহোৱা অম্লপ্ৰধান মাটিতহে প্ৰাকৃতিকভাৱে জন্মে। ইয়াৰ উচ্চতা প্রায় আঠৰপৰা বাৰ ফুটপর্যন্ত হয়। দীঘলীয়া আকৃতিৰ পাতৰ ওপৰ পিঠি সেউজীয়া আৰু তলপিঠিৰ ৰং বগা। ইয়াৰ পত্রগুচ্ছত তিনিৰ পৰা পাঁচ খিলালৈকে পাত থাকে। সৰু আকাৰৰ ফুলবোৰৰ ৰং ঈষৎ নীলা। অতীজৰে পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপৰিও ভাৰতবৰ্ষতো এই উদ্ভিদবিধক নানা ৰোগৰ মহৌষধৰূপে ব্যৱহাৰ কৰি অহা হৈছে বুলি জনা যায়। মূলতঃ ইয়াৰ শিপা আৰু পাতৰ লগতে কুমলীয়া মুকুলবোৰো ঔষধি গুণেৰে সমৃদ্ধ। ইয়াৰ শিপা শক্তিবৰ্দ্ধক আৰু কীটনাশক। গ্ৰহণী, ঘা-ফোঁহা আৰু বাতবিষৰ ঔষধৰূপে শিপাৰ চুৰ্ণ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হয়। পাতৰ ৰস বেক্টেৰিয়ানাশক আৰু কীটনাশক ৰূপে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। কেন্সাৰ সৃষ্টিকাৰী টিউমাৰ-কোষ বিনাশৰ বাবে পাতৰ ৰস পৰম মহৌষধ। যকৃতৰ ৰোগ, জ্বৰ আৰু ডায়েৰিয়া নিৰাময়ত ইয়াৰ ফুল পৰম উপকাৰী। ছানি পৰা ৰোগ আৰু মূৰৰ বিষ উপশমৰ বাবে ইয়াৰ গুটি উত্তম ঔষধ। গনেৰিয়া আৰু গাঁঠি ফুলা ৰোগত পচতীয়াৰ পাত খালে সুফল পোৱা যায়। মূল গধূৰ আৰু কাণ তালমৰা ৰোগত ইয়াৰ পাতৰ ৰস সেৱন কৰিলে ৰোগৰ উপশম হয়। ইয়াৰ শিপাত আশ্রয় লোৱা আলেষ্ট্ৰপেৰা-চাইটিকা নামৰ উদ্ভিদবিধৰ মূলৰ গুৰি কুষ্ঠৰোগৰ পৰম মহৌষধৰূপে পৰিগণিত হৈছে। ইয়াৰ পাতৰ ৰসে চুলিৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগায়। সন্তান জন্মৰ পাচত মাতৃগৰাকীয়ে ইয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰি সুগন্ধিযুক্ত, বীর্যবর্ধক, মূত্ৰ বৃদ্ধি কাৰক, কফ-পানীলগাৰ উত্তম মহৌষধ তথা শক্তিবৰ্ধক। গতিকে আমাৰ সকলোৰে পৰিচিত আৰু প্রিয় এই গছজোপাক জধে-মধে কাটি পেলোৱাৰ পৰিৱর্তে সকলোৱে ঘৰৰ বাৰীত এজোপাকৈ ৰোপণ কৰি আমাৰ পৰিৱেশ আৰু স্বাস্থ্য ৰক্ষাত মনোনিৱেশ কৰা উচিত।

লিখক: ঘনশ্যাম দাস।

শেহতীয়া উন্নীতকৰণ: : 6/13/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate