অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ত বগা বাহক

ৰোগ নিৰাময়ত বগা বাহক

বগা বাহক চিৰসেউজীয়া গছ। ই এবিধ জোপোহা গছ। বগা বাহকৰ ঠাৰিডাল গোলাকাৰ। গা-গছৰ মাজে মাজে সৰু সৰু গাঁঠি থাকে। ইয়াৰ পাতবোৰ ১২ ৰ পৰা ২০ চে:মি: মান দীঘল হয়। ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত বগা ৰঙৰ ফুল থোপাকৈ ফুলে আৰু ফেব্ৰুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত ২ চে:মি:মান দীঘল ফল পুৰঠ হয়। বাহক গছৰ পাত আৰু ফুলৰ সোৱাদ তিতা। এইবিধ গছো ঔষধি গুণেৰে পৰিপূৰ্ণ। বগা বাহকৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • ঘা হ’লে বগা বাহকৰ কোমল পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস গৰম কৰি ঘা ডোখৰ পৰিষ্কাৰ কৰি লগালে সোনকালে ঘা শুকায়।
  • বগা বাহকৰ পাত থেতেলিয়াই ৰস খালে কফ বাহিৰ হয়।
  • কুষ্ঠ ৰোগত মৌৰ লগত বগা বাহকৰ পাত থেতেলিয়াই ৰস খালে উপকাৰ পোৱা যায়।
  • বগা বাহকৰ পাতৰ ৰসে পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে।
  • সাধাৰণ কাহত বগা বাহকৰ পাতৰ ৰস আৰু মৌ মিহলাই কেইদিনমান খালে কাহ ভাল হয়।
  • লেং কাহত বগা বাহকৰ পাতৰ ৰস দুচামুচ আৰু মৌ আধা চামুচ কেইদিনমান খালে লেং কাহ ভাল হয়।
  • বগা বাহকৰ পাতৰ ৰস আৰু পিপলি গুড়ি মিহলাই দিনে ১-২ বাৰকৈ আহাৰৰ পাছত খালে হাপানী ৰোগ ভাল হয়।
  • ব্ৰংকাইটিছ ৰোগত বগা বাহকৰ পাতৰ ৰস আৰু পিপলি মৌৰ সৈতে খালে ৰোগ উপশম হয়।
  • বগা বাহকৰ পাতৰ ৰস আৰু পিঁয়াজৰ পাতৰ ৰস ১-২ চামুচ দিনে ২ বাৰকৈ খালে যক্ষ্মা ৰোগ ভাল হয়।
  • প্ৰসূতি ৰোগত বগা বাহকৰ শিপা থেতেলিয়াই ৰস উলিয়াই লগালে আৰাম পোৱা যায়।
  • বগা বাহকৰ পাতৰ ৰসে বসন্ত ৰোগ প্ৰতিৰোধ তথা নিৰাময় কৰাত সহায় কৰে।
  • বগা বাহকৰ পাত আৰু ফুল যিকোনো শ্বাস-প্ৰশ্বাস ৰোগৰ বাবে উপকাৰী।

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate