মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ৰঙালাও :- ঔষধি গুণেৰে ভৰা পাচলি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালাও :- ঔষধি গুণেৰে ভৰা পাচলি

ৰঙালাও :- ঔষধি গুণেৰে ভৰা পাচলিৰ বিষয়ে লিখা হৈছে ।

ৰঙালাও এবিধ সকলোৰে পৰিচিত সুলভ পাচলি -

ই এবিধ লতাজাতীয় উদ্ভিদ আৰু ইয়াৰ একাধিক প্ৰজাতি আছে । বাৰিষা-খৰালি সকলো সময়তে ইয়াৰ খেতি হয় যদিও খৰালি কালত ইয়াৰ উৎপাদন প্ৰচুৰ মাত্ৰাত হয় । বাৰিষা জেকা নলগা ওখ চানেকীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি । পূৰঠ পকা ৰঙালাও বহু দিনলৈ সাঁচি ৰাখিব পাৰি । পৌষ্টিক আৰু ঔষধি গুণত ই অদ্বিতীয় । আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি ই মধুৰ, বলবৰ্ধক, পুষ্টিকাৰক তথা মেদ প্ৰতিৰোধক প্ৰকৃতিৰ । অৱশ্যে ই কফ আৰু বাতকাৰক প্ৰকৃতিৰ হ’লেও ইয়াৰ ব্যঞ্জন প্ৰস্তুতকৰণৰ সময়ত প্ৰতি কিলোগ্ৰাম পৰিমাণৰ ৰঙালাওৰ তৰকাৰীত আধা গ্ৰামৰ পৰা ১ গ্ৰাম পৰিমাণৰ ‘মিথি’ (মচলা) প্ৰয়োগ কৰিলে ইয়াৰ এই দুৰ্গুণ সমূলঞ্চে দূৰীভূত হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হৈছে । ইয়াৰ নিয়মিত সেৱনে মগজুৰ দুৰ্বলতা দূৰীভূত কৰি মগজু সবল আৰু সক্ৰিয় কৰি তোলে আৰু দেহৰ মেদবহুলতা প্ৰতিৰোধ কৰি মানুহৰ চেহেৰা আটিল কৰি তোলে । সৰ্বোপৰি এই ৰঙালাওৰ কেন্সাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি এচাম বিজ্ঞানীয়ে মত পোষণ কৰিছে ।

ৰঙালাওৰ স্বাস্থ্যৰ বাবে লাগতিয়াল বহু উপাদান পোৱা যায় । প্ৰতি ১০০ গ্ৰাম খাদ্যৰ উপযোগী ৰঙালাও প্ৰায় ৯৬.১ গ্ৰাম আৰ্দ্ৰতা, ০.২ গ্ৰাম প্ৰ’টিন, ০.১ গ্ৰাম চৰ্বি, ০.৫ গ্ৰাম খনিজ পদাৰ্থ, ০.৬ গ্ৰাম আঁহ, ২.৫ গ্ৰাম কাৰ্বহাইড্ৰেট, ২০ মিলিগ্ৰাম কেলচিয়াম , ১০ মিলিগ্ৰাম ফছফৰাছ, ০.৭ মিলিগ্ৰাম লৌহ পদাৰ্থ , কিছু পৰিমাণে ভিটামিন –বি কমপ্লেক্স, ভিটামিন-এ, ভিটামিন-কে আৰু সামান্য মাত্ৰাত অন্যান্য বহু ভিটামিন আৰু প্ৰচুৰ পৰিমাণে ‘এণ্টি-অক্সিডেণ্ট’ পোৱা যায় বুলি ইয়াৰ ৰাসায়নিক বিশ্লেষণত পোৱা তথ্যৰ পৰা জনা গৈছে ।

ৰঙালাওৰ কেন্সাৰ প্ৰতিৰোধী গুণ -

ৰঙালাওৰ বিষয়ে গৱেষণা কৰি খাদ্য বিশেষজ্ঞসকলে ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ থকা বুলি নিশ্চিত হৈছে । ইয়াৰ নিয়মিত সেৱনৰ দ্বাৰা কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ পোৱা তথ্যৰ পৰা জনা গৈছে । মালয়েছিয়াৰ এদল বিজ্ঞানীৰ মতে ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে । ৰঙালাওত থকা শ্বেতসাৰ (ষ্টাৰ্চ) ৰ পৰা ‘প্ৰাপিয়নিক এচিড’ নি:সৰিত হয়, যাৰ প্ৰভাৱত কেন্সাৰ সৃষ্টিকাৰী কোষবোৰ দুৰ্বল হৈ পৰি বাঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । ৰঙালাও সেয়ে দেহৰ বাবে বৰ উপকাৰী আৰু ৰোগ প্ৰতিৰোধকাৰী । কাৰণ ইয়াত অত্যাৱশ্যকীয় বহু খাদ্যপ্ৰাণ, খনিজ লৱণ আদিকে ধৰি প্ৰচুৰ পৰিমাণে ‘এণ্টি-অক্সিডেণ্ট’ পোৱা যায় ।

ৰঙালাওৰ গুটি (শাহ ভাগ) বিষ আৰু পেটৰ কৃমিনাশক । মূত্ৰকৃচ্ছ বা মূত্ৰ বিকাৰতো ই বৰ ফলপ্ৰসূ । মূত্ৰ বিকাৰতো ই বৰ ফলপ্ৰসূ । মূত্ৰ বিকাৰত ইয়াৰ বীজ বা গুটিৰ শাহ ২০, ২৫ গ্ৰাম মান মৌ বা মিশ্ৰিৰ স’তে মিহলাই খালে সুফল পোৱা যায় বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে । ইয়াৰ উপৰি ৰঙালাওৰ বীজাণুনাশক গুণো আছে । ইয়াৰ গুটিৰ পৰা এবিধ বিশেষ তেলো পোৱা যায়, যি তেল মূৰত ঘঁহিলে মস্তিষ্ক সবল হয়, স্মৃতিশক্তি বাঢ়ে আৰু নিদ্ৰাহীনতা নাইকিয়া হয় ।

প্ৰচুৰ মাত্ৰাত থলুৱাভাৱে উৎপন্ন হোৱা এই সুলভ ৰঙালাও সঁচাকৈয়ে বহু দুৰ্লভ ঔষধি গুণবিশিষ্ট । সেয়ে আমাৰ দৈনন্দিন খাদ্য তালিকাত ইয়াৰ পৰিমিত আৰু নিয়মীয়া অন্তৰ্ভূক্তিৰে নি:সন্দেহে আমি অমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো ।

লেখক :- ভূৱনেশ্বৰ ডেকা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top