মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ স্থানীয় কেইবিধমান বনৌষধিৰ বৈজ্ঞানিক নাম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ স্থানীয় কেইবিধমান বনৌষধিৰ বৈজ্ঞানিক নাম

অসমৰ স্থানীয় কেইবিধমান বনৌষধিৰ বৈজ্ঞানিক নাম লিখা হৈছে

 

সমগ্ৰ বিশ্বই আজি বনৌষধিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।বনৌষধৰ নিৰাপদ দিশৰ প্ৰতি ন ন লোক আকৰ্ষিত হব ধৰিছে।দেশ-বিদেশৰ নানা ঠাইত আলোচনা চক্ৰ,প্ৰশিক্ষণ কাৰ্যসুচী,কৰ্মশালা,সন্মিলন অনুষ্ঠিত কৰি বনৌষধিৰ গুৰুত্ব সম্পৰ্কে সজাগতাৰ সৃষ্টিত যত্নপৰ হৈছে।ডাক্তৰী ঔষধতো উদ্ভিদ বহুল মাত্ৰাত ব্যৱহাৰ হ’ব ধৰিছে।অৱশ্যে ঔষধি উদ্ভিদৰ বিষয়ে এতিয়াও যথেষ্ট পৰিমাণে অধ্যয়ন বাকী আছে।বন্য উদ্ভিদত থকা আপুৰুগীয়া ঔষধি গুণাগুণ মানুহে আজিও নজনাকৈ আছে।প্ৰকৃত বৈজ্ঞানিক বিশ্লেষণ হোৱাৰ আগতেই বহু উদ্ভিদ পৃথিৱীৰ পৰা হেৰাই যাব ধৰিছে।সেয়ে গছ-বন সংৰক্ষণৰ প্ৰয়োজনীয়তা অতি বেছি।লেখাটোত অসমত সাধাৰণতে পোৱা-কিছুমান ঔষধি উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু আৰোগ্য কৰা ৰোগৰ নাম লগতে ব্যৱহৃত হোৱা অংশসমুহৰ বিষয়ে চমুকৈ অৱগত কৰা হ’ল-

 

স্থানীয় নাম

বৈজ্ঞানিক নাম

ব্যৱহৃত অংশ

ৰোগ

পচতীয়া

Vitex negundo L.

পাত

নিউমোনিয়া,আঘাত পাই বিষ হোৱা

নেফাকু

Clerodendron colebrookinanum walp

পাত

উচ্চ ৰক্তচাপ

গোন্ধোৱা বন

Ageratum conyzoids L.

পাত

সাধাৰণ কটা-ছিঙা

দোৰোণ বন

Leucas Linifolia

পাত

ছাইনাছ,পেটফুলা,আভোক

মালকাঠি বা মাইচাং

Spilanthes acemella

পাত

মুখ আৰু জিভাত ঘা

ভেদাই তিতা

Gomphostema nivea,G.crinitum

পাত

মেলেৰিয়া জ্বৰ

মচন্দৰী

Houttuynia cordata Thunb

পাত

পেটৰ অসুখ

ভুই আমলখি

Phyllanthus fraternus

গোটেই গছ

জণ্ডিছ

তুলসী

Ocimum sanctum L.

পাত

কাহ পানী লগা

বচ

Acorus calamus L.

শিপা বা আলু

কাহ পানী লগা

অৰ্জুন

Terminalia arjuna

চাল

হৃদৰোগ

বাহক

Justicia adhatoda L.

পাত

কাহ

কালমেঘ

Andrographispaniculata (Burn.f.)wall.ex.Nees

কাণ্ড

জ্বৰ,পেটৰ অসুখ

ব্ৰাহ্মী

Bacopa monniere.(L)Pennel

পাত,কাণ্ড

স্নায়ু ৰোগ

মানিমুনি

Centella asiatica (L.)Urban

পাত

পেটৰ অসুখ,চৰ্মৰোগ

অমৰলতা

Tinospora cordifolia (Willd.)Hook.f.etth.

পাত

সঞ্চিত গ্ৰহণী

শতমুল

Asparagus racemosus Willd

শিপা

সাধাৰণ দুৰ্বলতা

শুকলতি

Pogostemonbengatalense(Burm.f)Kuntz

পাত,কোমল কাণ্ড

স্ত্ৰীৰোগ

অন্তমুল

Tylophora Indica

পাত

হাঁপানি

ক’লা হালধি

Curcuma caesia Roxb

শিপা বা আলু

আঘাত পাই ফুলি উঠা

যমলাখুতি

Costusspeciosus (Koen.ex.Retz)J.E.Smith

শিপা

জণ্ডিচ

লেখিকা:দীপিকা ফুকন (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.09375
HEMANTA KUMAR BORAH Apr 04, 2019 05:45 PM

Antamole r Assamese Nam ki

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top