মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / আদাৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদাৰ উপকাৰিতা :

আদাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

১)আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰক বমিভাৱ নোহোৱা হয় ৷

২)আদা, ক'লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয় ৷

৩)দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হব ৷

৪)গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমিভাৱ (Morning sickness ) নিৰাময়ত আদা হ'ল উপকাৰী ৷

৫)মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ (ডিচমেনৰিয়া) উপশম ঘটায় ৷

৬)বৃহৎ আন্ত্ৰৰ (ক'লনৰ) কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায় ৷ স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু অভেৰিৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ৷

৭)এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায় ৷ নানা ধৰণৰ বাত আৰু অ'ষ্টিঅ'আৰ্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিশ কৰিব পৰামৰ্শ দিয়া হয় ৷

৮)দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয় ৷

৯)আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আতৰ হয় ৷ নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায় ৷ তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে ৷

১০)আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে ৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক ৷
১১)যিকোনো শাৰীৰিক দূৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আতৰ হয় ৷

১২)শৌচ কচা আতৰাবলৈ আদা,আজৱাইন, নেমুৰ ৰস ক'লা নিমখ মিহলাই খালে উপকৃত হয় ৷

১৩)পাইলচৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে৷

১৪)আদাৰ প্ৰলেপ জুয়েপোৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে ৷

১৫)আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

 

2.77777777778
কুলদীপ নাথ Jul 26, 2019 10:17 PM

মোৰ কেৱল টেঙা পানী আহে আৰু শৌচ নহয় বুকু বিষায় পেটতো ফুলা যেন লাগে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top