মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / এন্টি অক্সিডেন্টনো কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এন্টি অক্সিডেন্টনো কি?

এন্টি অক্সিডেন্টনো কি?, সেই বিষয়ে লিখা হৈছে ।

 

এন্টি অক্সিডেন্ট হৈছে সজীৱ শাক-পাচলি, কিছুমান বিশেষ ফল-মূল আদিকে ধৰি বিভিন্ন সুষম আহাৰৰ জৰিয়তে পাব পৰা পদাৰ্থ বিশেষ, যিয়ে শৰীৰত শৰ্কৰাৰ জ্বলন প্ৰক্ৰিয়াত(Carbohydrate Metabolism) সৃষ্টি হোৱা ক্ষতিকাৰক অণু বা ‘ফ্ৰী ৰেডিকেলচ’বোৰৰ ক্ষতি নিয়ন্ত্ৰিত কৰি মানুহক সুস্থ-সবল কৰি ৰখাত বিশেষফ্ভাৱে অৰিহণা যোগায়।

শৰীৰে শক্তি লাভ কৰে খাদ্যত থকা শৰ্কৰাখিনি ব্যৱহাৰ কৰি। শৰ্কৰা শক্তিলৈ পৰিৱৰ্তিত হোৱা জৈৱিক প্ৰক্ৰিয়াত শৰীৰত কিছুমান ‘ফ্ৰী ৰেডিকেলচ’ অৰ্থাৎ দেহৰ বাবে ক্ষতিকাৰক অণুৰ সৃষ্টি হয়, যিবোৰে দেহত বিভিন্ন ক্ষেত্ৰত প্ৰতিকূল প্ৰভাৱ পেলায়।

ইয়াৰ উপৰি প্ৰদূষিত পৰিৱেশ, চৰ্বিযুক্ত আহাৰ, ৰাগিয়াল দ্ৰব্য সেৱন, মানসিক সংঘাত আদিৰ পৰাও দেহত এই ‘ফ্ৰী ৰেডিকেলচ’বোৰৰ সৃষ্টি হ’ব পাৰে। এই ক্ষতিকাৰক অণু বা ‘ফ্ৰী ৰেডিকেলচ’বোৰে শৰীৰৰ কোষ আৰু পাচক ৰস প্ৰ’টিনখিনি নষ্ট কৰে।

ই DNA ৰ পৰিৱৰ্তনো ঘটাব পাৰে। ৰক্তবাহী নলীত কলেষ্টেৰলৰ চামনিৰ সৃষ্টি কৰি এই ৰক্তবাহী নলী সংকুচিত বা ঠেক কৰি বিভিন্ন হৃদৰোগৰ সৃষ্টি কৰিব পাৰে।

সুখৰ বিষয় যে এই ‘এন্টি অক্সিডেন্ট’বোৰে ‘ফ্ৰী ৰেডিকেলচ’বিলাক নাশ কৰে নাইবা দেহৰ ক্ষতি কৰিব নোৱাৰা আন পদাৰ্থলৈ ৰূপান্তৰ কৰে।

এই এন্টি অক্সিডেন্টবোৰে হৃদৰোগ প্ৰতিৰোধ কৰে। দেহৰ অনাৱশ্যকীয় কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰিডৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তিৰ উন্নতি কৰে। কৰ্কট ৰোগ, বিশেষকৈ অন্ত্ৰ, হাঁওফাঁও, স্তন আদিৰ কৰ্কট প্ৰতিৰোধত এই এন্টি অক্সিডেন্টবোৰৰ ভূমিকা গুৰুত্বপূৰ্ণ।

প্ৰকৃতিৰ বুকুত প্ৰায় ৩০০(তিনি শ) বিধমান ‘এন্টি অক্সিডেন্ট’ থকা বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে।

এইবোৰ কেইবিধমান ‘এন্টি অক্সিডেন্ট’ৰ নাম উৎসৰে সৈতে আগবঢ়োৱা হ’ল-

 

এন্টি অক্সিডেন্ট

উৎস

১)আলফা কেৰোটিন

বন্ধাকবি, গাজৰ, বীন।

২)বিটা কেৰোটিন

সেউজীয়া শাক-পাচলি, ফল-মূল, ৰঙালাউ।

৩)লাইকোপেন

বিলাহী, তৰমূজ।

৪)ক্ৰিপ্তোজেনথাইন

কমলা, অমিতা।

৫)ভিটামিন-ই

বাদাম তেল, চয়াবিন তেল, মাছ।

৬)ভিটামিন-চি

নেমু, কমলা, মধুৰিআম, চজিনা।

৭)ক’পাৰ

শুকান ফলমূল।

৮)জিংক

পিঁয়াজ

৯)মেংগানিজ

চাউল, গম।

১০)আইৰণ

কল, ঢেঁকীয়া শাক, শুকান ফল।

১১)চেলেনাম

সাগৰীয় মাছ, মাংস, গাখীৰ, ফুলকবি।

১২)ইনড’ল

ব্ৰুকলি

১৩)ৰেচভেৰাতল

পিঁয়াজ

১৪)এলিয়াম কম্পাউণ্ড

নহৰু

১৫)কাৰকামিন

হালধি

১৬)গ্লাইকল লেকালয়ডচ

বেঙেনা

১৭)ফ্লেভ’নয়ডচ

পূৰৈ শাক

১৮)পলিএচিটাইলিন

লাই, লফা শাক।

১৯)পলিফেনল

চাহপাত

২০)প্ৰোটিজ ইনহিবিটৰচ

আলু, চয়াবিন আদি।

 

সেয়ে আমি খাদ্য নিৰ্বাচনত উক্ত ‘এন্টি অক্সিডেন্ট’যুক্ত খাদ্য-সম্ভাৰবোৰক অগ্ৰাধিকাৰ দি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰা নিতান্তই বাঞ্ছনীয়।

লেখক: ভুবনেশ্বৰ ডেকা(নিয়মীয়া বাৰ্তা)

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top