মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঔষধ কেতিয়া কেনেদৰে খাব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধ কেতিয়া কেনেদৰে খাব?

ঔষধ কেতিয়া কেনেদৰে খাব? সেই বিষয়ে লিখা হৈছে ।

 

জীৱ মাত্ৰেই দেহত ৰোগ-ব্যাধি লাগি থাকেই । কেতিয়াবা কোনো কোনো মূহূৰ্তত ৰোগ জটিল হৈ পৰে আৰু তেতিয়া আমি চিকিৎসকৰ ওচৰ চাপো । চিকিৎসকে ৰোগ অনুসাৰে দিয়া ঔষধ-পাতি খাই আমি আৰোগ্য লাভৰ চেষ্টা কৰো । আপোনালোকে নিশ্চয় জানে, চিকিৎসকে ৰোগৰ লক্ষণ চাই ঔষধবোৰ কেতিয়াবা আহাৰৰ আগত আৰু কেতিয়াবা আহাৰ খোৱাৰ পিছত খাবলৈ কয় । তেতিয়া আপুনি কি কৰিব ?

আহাৰ খোৱাৰ পিছত খাবলৈ কোৱা ঔষধখিনি আহাৰ খাই উঠাৰ পিছতেই খাব । যদি তেনেকৈ খোৱা নহ’ল বা খাবলৈ পাহৰিলে, তেনেহ’লে এনে আহাৰৰ লগত খাওক, য’ত বিস্কুটতকৈ অলপ বেছি পৰিমাণৰ আহাৰ থাকে । এনেকৈ খালে ঔষধৰ পৰা হোৱা ছাইড এফেক্টৰ পৰাও বাচি থাকিব পাৰিব ।

আনহাতে খালী পেটত খাবলৈ কোৱা ঔষধখিনি আহাৰ খোৱাৰ দুই-তিনি ঘণ্টামানৰ আগতেই খাবলৈ চেষ্টা কৰিব । যদি কিবা কাৰণত সেই সময়ত খাবলৈ পাহৰি যায়, তেন্তে আহাৰ খোৱাৰ প্ৰায় দুঘণ্টামান পিছত খাওক । কিছুমান ঔষধে খালী পেটৰ এচিড থকা পৰিৱেশ বিচাৰে আৰু এনে পৰিৱেশত ঔষধে ভাল কাম কৰে ।

একেদৰে দিনত চাৰিবাৰকৈ খাবলৈ কোৱা ঔষধবিধ ঘড়ী চাই খোৱাৰ প্ৰয়োজন নাই । আপুনি প্ৰতি ছয় ঘণ্টাৰ মূৰে মূৰে খালেই হ’ব । তিনিবাৰকৈ খাবলৈ দিয়া ঔষধ প্ৰতি আঠ ঘণ্টাৰ মূৰে মূৰে খাওক । দুবাৰকৈ খাবলৈ দিয়া ঔষধ দিনে বাৰ ঘণ্টাৰ অন্তৰত খাওক । আমি ৰাতি শুই থকা অৱস্থাত আকৌ শুই উঠি ঔষধ খাবলৈ এলাহ কৰো । সেয়ে দিনৰ জাগি থকা সময়খিনিতেই ঔষধ খাবলৈ চেষ্টা কৰিব লাগে ।

এতিয়া ধৰক, ঔষধ কিছু খোৱাৰ পিছতেই আপুনি ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে বা ভাল হৈ গৈছে, তেনেস্থলত ৰৈ যোৱা বাকীখিনি ঔষধ খাব নে বন্ধ কৰিব ? এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি দৰকাৰ । বিশেষকৈ এণ্টিবায়’টিকৰ ক্ষেত্ৰত । কিয়নো, এনে ঔষধ চিকিৎসকে দিয়াৰ দৰে নাখালে আপোনাৰ ক্ষতি হ’ব পাৰে । শৰীৰত প্ৰৱেশ কৰা বেক্টেৰিয়া থাকি যাব পাৰে । পিছত এনে বীজাণু নাশ কৰা টান হৈ পৰে । অন্যান্য ৰোগৰ ক্ষেত্ৰতো অলপ সুস্থ অনুভৱ কৰিলেই ঔষধ খোৱা বন্ধ কৰিব নালাগে ।

কেতিয়াবা এনে হয়, আপুনি খাই থকা ঔষধবিধ আপোনাৰ শৰীৰত খাপ খোৱা নাই, তেতিয়া ঔষধবিধ খাব নে নাখাব সেই বিষয়েও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

-ঔষধ সম্বন্ধে কেইটামান টিপছ

১) ঔষধ খাব লগা হ’লে প্ৰথমতে এখন তালিকা বনাই ল’ব । ইয়াত ঔষধৰ নাম, কেতিয়া খাব লাগে তাৰ বিৱৰণ, সময় আৰু তাৰিখ আদি লিখিব ।

২) চিকিৎসকে লিখি দিয়া ঔষধ খোৱাৰ নিয়ম ভালকৈ পঢ়ি চাব ।

৩) পৰাপক্ষত হাৰ্বেল জাতীয় ঔষধ খাব ।

৪) ঔষধ কেতিয়াও পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰা ঠাইত নাৰাখিব । অতিমাত্ৰা ঠাণ্ডা ঠাইতো নাৰাখিব ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top