মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঔষধবিহীন চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধবিহীন চিকিৎসা :

ঔষধবিহীন চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

চিকিৎসা বিজ্ঞানক লোকসমাজৰ হিতাৰ্থে বহুকেইটি নামকৰণেৰে বৰ্ণিত কৰা হৈছে- ঔষধ, ভেষজ, সাধন, হিত, প্ৰায়শ্চিত, পথ্য, ব্যাধিহৰ ইত্যাদি। কিন্তু প্ৰত্যেকৰে অন্তৰ্নিহিত অৰ্থ ভিন্ন, অৰ্থাৎ ৰোগ বা ৰোগীৰ শাৰীৰিক তথা মানসিক বল অনুযায়ী চিকিৎসাৰ সূত্ৰজ্ঞান ভিন্ন হয়। বিজ্ঞান(বিশেষ জ্ঞান)ৰ প্ৰতিটো উচ্চখাপৰ খোজৰে মূলত আছে দৰ্শনৰ জ্ঞান। দৰ্শন(Philosophy)ৰ সূত্ৰসমূহক প্ৰমাণ সহকাৰে উত্থাপন কৰাই হৈছে বিজ্ঞান। আয়ুৰ্বিজ্ঞান শাস্ত্ৰত চিকিৎসা ব্যৱস্থাপনাৰ এটি গুৰুত্বপূৰ্ণ বিভাজন হ’ল- ‘দৈৱ’ আৰু ‘যুক্তি আশ্ৰয়’ চিকিৎসা। ‘যুক্তি’ চিকিৎসা ব্যৱস্থাই আহাৰ তথা ঔষধৰ গুৰুত্ব প্ৰদান কৰিছে। কিন্তু ‘দৈৱ’ চিকিৎসাত অন্তৰ্ভুক্ত আছে ঔষধৰ উপৰি মন্ত্ৰ, উপবাস, নিয়মন, মণিধাৰণ ইত্যাদি। উপবাস আৰু লংঘন শব্দ দুটিয়ে একে অৰ্থ বহন কৰে বুলি জনা যায় যদিও লংঘনক বিভিন্ন প্ৰকাৰে বিভক্ত কৰা হয়।

শৰীৰক লঘুতা প্ৰদান কৰিব পৰা উপায়ক লংঘন আখ্যা দিয়া হৈছে(যৎকিঞ্চিৎ লাঘৱকৰম দেহে তত লংঘনম স্মৃতম)। ধৰ্মশাস্ত্ৰই ক্ষমা, দয়া, তপ আদি কৰি দহ প্ৰকাৰৰ লংঘনৰ কথা বৰ্ণনা কৰিছে। ‘স্বস্থবৃত্ত’ই উপবাস দুই প্ৰকাৰৰ বুলি কৈছে- নিৰাহাৰ(আহাৰ বিনা কৰা উপবাস সজল অথবা নিৰ্জল হ’ব পাৰে) আৰু ফলাহাৰ(ফলৰ সেৱন)। ‘চৰক সংহিতা’ অনুযায়ী লংঘন দহ প্ৰকাৰৰ- ইয়াৰে অন্তৰ্ভুক্ত ‘উপবাস’ হ’ল একপ্ৰকাৰৰ অদ্ৰব্যভূত চিকিৎসা, য’ত কোনোধৰণৰ দ্ৰব্যৰ ব্যৱহাৰ নোহোৱাকৈ চিকিৎসাৰ ফল লাভ কৰিব পৰা যায়। ‘Fasting’ শব্দটিৰ ইংৰাজীত অৰ্থ দিয়া আছে- to fast, to observe, be strict আদি। সংস্কৃতত ‘ব্ৰত’ মানে কৈছে determination, going nearer to God আদি। অদ্ৰব্যভূত চিকিৎসাৰ উল্লেখনীয় আনকেইটি প্ৰকাৰ হ’ল- তৃষ্ণা বা পিয়াহ, ব্যায়াম, সূৰ্যৰ তাপ তথা বায়ু সেৱন কৰা। উল্লেখনীয় যে তৃষ্ণা আৰু উপবাস(ভোক দমন কৰা) কেৱল হীনৰল ৰোগীৰ বাবেহে উপযুক্ত। লংঘনৰ জৰিয়তে শৰীৰৰ অনাৱশ্যকীয় মলৰ প্ৰশমন বা দমন কৰা হয়। সেইবাবে শৰীৰৰ শোধন বা পঞ্চকৰ্ম, ব্যায়াম আদিৰ অনুপযোগী ৰোগীৰ বাবে উপবাস উপযুক্ত উপযুক্ত হয়। সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তিৰ বাবে তৃষ্ণা আৰু ক্ষুধা দমন কৰাটো(আধাৰণীয় বেগ) বিধিগত নহয়, যদিও লংঘন এক প্ৰকাৰৰ সংশোধন প্ৰক্ৰিয়া, যাৰ জৰিয়তে তৃষ্ণা তথা উপবাসক নিৰ্দিষ্ট কৰা হয় কিছু ৰোগৰ বাবে, যেনে- গ্ৰহণী, অজীৰ্ণতাকে ধৰি প্ৰায় সকলো ধৰণৰ উদৰ ৰোগ, জ্বৰ, মধুমেহ, অতিনিদ্ৰা, মেদবহুলতা আদি। তদুপৰি বিভিন্ন কফজনিত ৰোগ, চকু-নাক-ডিঙিৰ বেমাৰ, ছালৰ ৰোগ, এজমাৰ বাবে সূৰ্যৰ তাপ আৰু বায়ু সেৱনৰ নিৰ্দেশ আছে।

যিকোনো ধৰণৰ বায়ুজনিত ৰোগ(বাতৰোগ)ৰ ক্ষেত্ৰত লংঘন অনিষ্টকাৰক হয়। উপবাসৰ বাবে শীতকালক আটাইতকৈ ভাল বুলি কোৱা হয়। যিহেতু এই সময়ছোৱাত মানুহৰ শাৰীৰিক বল উত্তম পোৱা যায়। সজল বা ফলাহাৰ উপবাসৰ জৰিয়তে এনেধৰণৰ দ্ৰব্য সেৱন কৰিব লাগে, যিয়ে শৰীৰৰ শুদ্ধি সম্ভৱ কৰে। লঘু-উষ্ম গুণসম্পন্ন আহাৰে(মগু, আদা, জালুক) শৰীৰৰ ওজন কমোৱাত সহায় কৰে। কঠিন গুণ থকা(কেলচিয়ামযুক্ত দ্ৰব্য) আহাৰে শৰীৰৰ কোষসমূহক দৃঢ়তা প্ৰদান কৰে। সূক্ষ্ম আৰু ৰুক্ষ আহাৰে(শুকান ৰুটী, ৰঙা চাহ) সৰু-ডাঙৰ সিৰা আৰু কোষসমূহৰপৰা মলৰ শোষণ কৰায়। আধ্যাত্মিক নীতি-নিয়মৰ কালছোৱাত উপবাস ৰখাৰ বিধি আছে, যাৰ জৰিয়তে শৰীৰৰ লঘুতা অটুট থাকে। স্নিগ্ধ-গুৰু আহাৰে শৰীৰত ভাগৰ আৰু নিদ্ৰাৰ অনুভৱ কৰায়, যিয়ে মানুহৰ মনক আধ্যাত্মিক কাৰ্যৰ প্ৰতি উদাসীন কৰোৱায়। উপবাসৰ ক্ষেত্ৰত কিছু নীতি-নিয়মৰ উল্লেখ আছে। ৰাতি খোৱা আহাৰ হজম বা জীৰ্ণ হোৱাৰ সময়ৰপৰাই গণনা কৰা হয় উপবাসৰ কাল। এই কালছোৱাত শাৰীৰিক তথা মানসিক অতিশয় কষ্ট কৰাটো অহিতকৰ। এটি দিনৰ বাবে ৰখা উপবাসৰ ক্ষেত্ৰতে, পুৱাৰ ভাগত এবাৰ কৰা লঘু ফলাহাৰ বা আহাৰেই যথেষ্ট হয়। শাৰীৰিক পৰিশ্ৰম অত্যধিক নোহোৱাৰ ফলত পাকস্থলীত থকা ‘ক্লেদক’ কফে শৰীৰৰ বাবে প্ৰয়োজনীয় জলীয় অংশৰ সুষমতা ধৰি ৰাখে। যাৰ বাবে সঘনাই পানী খাই থকাৰ প্ৰয়োজন আহি নপৰে। উপবাস ভগাৰ সময়ত গুৰু বা বেছিকৈ ভোজন কৰিব নালাগে। লগু-উষ্ম-জুলীয়া আহাৰেই(খিচিৰি, পায়স, ছুপ, মাৰভাত, চুজি, মুড়ি, আখৈ) আটাইতকৈ শ্ৰেষ্ঠ।

উপবাস বা লঘোনৰ উপকাৰিতাসমূহ -

*ইয়ে অনাৱশ্যকীয় চৰ্বি শোষণ হোৱাত সহায় কৰে তথা ঘামৰ সৃষ্টি কৰায়।

*ইনছুলিনৰ সক্ৰিয়তা(Sensitivity) বঢ়ায়, যিয়ে গ্লুক’জ ট’লাৰেন্স সঠিত কৰায় আৰু প্লাজমা গ্লুক’জ কমায়।

*চৰ্বি, প্ৰ’টিনৰ জীৰ্ণাৱস্থাত হ’ব লগা অ’ক্সিডেটিভ ডেমেজ কমায়।

*ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় তথা শৰীৰৰ বিভিন্ন চাপ(metabolic stress, heat stress) নিম্ন হৈ থকাত সহায় কৰে।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য(দৈনিক অসম)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top