মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঔষধি গুণসম্পন্ন কলাখাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণসম্পন্ন কলাখাৰ :

ঔষধি গুণসম্পন্ন কলাখাৰৰ বিষয়ে লিখা হৈছে ।

 

পানীলাউ খাৰ আঞ্জা -

কোমল পানীলাউ (জাতিলাউ) ৰ লগত কলাখাৰ আঞ্জাখন বৰ সোৱাদ লগা হয় । তাত বৰালি মাছৰ মূৰ আদি দি খাৰ আঞ্জা তৈয়াৰ কৰা হয় । ই বৰ জুতিলগা। ই শক্তিবৰ্দ্ধক । খোৱাৰ ৰুচি বঢ়ায় । হজম শক্তি ভাল হয় । কোষ্ঠকাঠিন্য দূৰ কৰে ।

কোমোৰাৰ খাৰ -

কোমল জালি কোমোৰাৰ লগত কলাখাৰ দি ৰন্ধা খাৰ আঞ্জাখন বৰ জুতি লগা হয় । ই ডায়েবেটিছ ৰোগত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে । লগতে শক্তিদায়ক আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে বুলি কোৱা হয় ।

কলপচলা খাৰ :-

ভীমকলৰ পচলা অতি উত্তম । ভীমকলৰ পচলা-কলাখাৰ দি ৰন্ধা আঞ্জা বৰ সোৱাদ লগা হয় । পচলা গ্ৰহণী, অতিসাৰ, পেট উখহা আদি ৰোগৰ মহৌষধ । পচলা পুষ্টিকৰ আৰু ই হজম শক্তি বৃদ্ধি কৰে । শৌচ-প্ৰস্ৰাৱ নিয়মীয়া হয় । পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে । ইয়াত কেলছিয়াম পোৱা যায় । যথেষ্ট লৌহ পদাৰ্থও পোৱা যায় ।

ওলকবিৰ খাৰ আঞ্জা -

ওলকবি খাৰ দি ৰান্ধি খোৱাৰ উপৰি ইয়াক সৰু সৰুকৈ চকলিয়াই ৰ’দত শুকুৱাই থৈ পি হত সেই সুথি খাৰ দি খাব পাৰি । ওলকবিত মেংগানিজ, লো আৰু কেলছিয়াম যথেষ্ট পৰিমাণে থাকে । ই হজমী শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দূৰ কৰে । মাংসপেশী আৰু স্নায়ু সবল কৰি ৰাখে । কেন্সাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে । হৃদযন্ত্ৰ কাৰ্যক্ষম কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । মানুহৰ দৃষ্টিশক্তি বঢ়ায় । কিয়নো ইয়াত বিটা কেৰাটিন, ৰোগ প্ৰতিৰোধী বস্তু থাকে বুলি কোৱা হয় ।

কলডিলৰ খাৰ আঞ্জা -

কলডিল বা কলফুল এবিধ অতি উৎকৃষ্ট ঔষধি গুণসম্পন্ন । বিশেষকৈ ভীমকলৰ কলডিল বৰ উপকাৰী । ইয়াক ভাজি মচুৰ দালিত দি খোৱাৰ উপৰি কলাখাৰ দি ব্যঞ্জন কৰি খালে বৰ উপকাৰ পোৱা যায় । কলডিলৰ লগত কলাখাৰ আৰু তাত শুকান পুঠী খলিহৈ দি ৰন্ধা আঞ্জাখন খাবলৈ বৰ সোৱাদ লগা হয় ।

নিম্ন ৰক্তচাপ হোৱা ৰোগীয়ে সপ্তাহত এদিন কলডিল খাৰ আঞ্জা খালে উপকাৰ পোৱা যায় । কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে উচ্চ ৰক্তচাপ ৰোগীৰ বাবে কলডিল খাৰ আঞ্জা মাৰাত্মক বুলি কোৱা হয় । পাইলচ, যক্ষ্মা, জণ্ডিচ আৰু ডায়বেটিছ ৰোগৰ বৰ উপকাৰী ।

কলডিলত লৌহ পদাৰ্থ যথেষ্ট থাকে । সেয়েহে এনিমিয়া আৰু তেজৰ হিম’গ্লবিন কম হোৱা ৰোগীয়ে খালে উপকাৰ পাব । ই বৰ পুষ্টিকৰ শক্তিবৰ্দ্ধক আৰু হজম শক্তি বঢ়ায় ।

তিয়ঁহৰ খাৰ -

তিয়ঁহৰ খাৰ আঞ্জা বৰ উপকাৰী । বিশেষকৈ তিয়ঁহ সৰু  সৰুকৈ কুটি তাত খাৰ দি খালে বৰ সোৱাদ লগা হয় । ইয়াত যদি পুঠী মাছ দি ৰন্ধা হয়, বৰ উপাদেয় হয় । ই তেজ পৰিষ্কাৰ কৰে, হজম শক্তি বঢ়ায় । উগাৰ অহা, পেটচলা ৰোগৰ উপশম হয় । গাৰ ছাল নিমজ হয় । সৌন্দৰ্য বঢ়ায় আৰু খোৱাৰ ৰুচি বঢ়ায় । পেট ঠাণ্ডা কৰি ৰাখিব পাৰে । ৰক্তহীনতা ৰোগত উপকাৰী ।

অমিতাৰ খাৰ :-

অমিতা এবিধ বৰ পুষ্টিকৰ , বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ পাচলি । অমিতাৰ খাৰ আঞ্জা বৰ উপকাৰী । ই কোষ্ঠকাঠিন্য দূৰ কৰে । অমিতাৰ খাৰ আঞ্জা পেটৰ অসুখ, জণ্ডিচ, ব্ৰংকাইটিছ, কঁকালৰ বিষ আদিৰ বাবে বৰ উপকাৰী । অমিতা লিভাৰৰ টনিক বুলি কোৱা হয় । গেষ্ট্ৰিকৰ বাবে অমিতাৰ খাৰ আঞ্জা মহৌষধ বুলি কোৱা হয় । অমিতাৰ খাৰ আঞ্জাই বসন্ত ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

মূলা খাৰৰ আঞ্জা:-

মূলা খাৰ দি খোৱাৰ উপৰি ইয়াৰ ‘সুথি’ খাৰ দি থপথপীয়াকৈ ৰান্ধি খালে বৰ জুতি পোৱা যায় । ই বায়ু ৰোগ নিৰাময় কৰিব পাৰে । জণ্ডিচ আৰু ছালৰ ৰোগৰ মহৌষধ । কাহ-কফ আদিৰ বাবে উপকাৰী ।

চজিনা ফুলৰ খাৰ আঞ্জা-

বড়ো কছাৰী লোকে চজিনাৰ ফুল আঞ্জা খাই বৰ ভাল পায় । চজিনা এবিধ বৰ উপকাৰী পাচলি । এশ গ্ৰাম চজিনাত ১১৩০০ ‘ক’ ভিটামিন পোৱা যায় । ইয়াত কেল’ৰি আৰু ভিটামিন ‘বি’ থাকে । চজিনাত থকা পুষ্টিকৰ হৈছে এনেধৰণৰ- প্ৰটিন-৬.৭ গ্ৰাম, চৰ্বি ১.৭ গ্ৰাম, কেলছিয়াম ৪৪০ মি:গ্ৰাম ।

চজিনা বা চজিনা ফুল বৰ উপকাৰী । ই ৰক্তহীনতা ৰোগ উপশম কৰে । চজিনাই বসন্ত ৰোগ নিৰাময় কৰিব পাৰে ।

অমিতাৰ  ফুলৰ খাৰ আঞ্জা :-

অমিতাৰ ফুলবোৰ ভালদৰে ভাজি লৈ তাত খাৰ দি কেঁচা জলকীয়া দি থপথপীয়াকৈ ৰান্ধি খাবলৈ বৰ সোৱাদ । ই ডায়বেটিছ ৰোগৰ মহৌষধ বুলি কোৱা হয় ।

মাটিমাহৰ খাৰ আঞ্জা :-

মাটিমাহৰ দালিত কলাখাৰ দি ৰন্ধা আঞ্জাখন বৰ জুতি লগা হয় । জনজাতি লোকসকলে মাটিমাহৰ দালিত কলাখাৰ দি খাই বৰ ভাল পায় । ই বৰ পুষ্টিকৰ , শক্তিবৰ্দ্ধক । মাটিমাহ খাৰ দি খালে পেটৰ বিভিন্ন ৰোগ নিৰাময় হয় । স্নায়ুবোৰ সবল হৈ উঠে । খোৱাৰ ৰুচি বঢ়ায় ।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- নন্দিনী

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top