অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধৰ বিষয়ে ইটো-সিটো :

‘কোনো ৰোগ চিনাক্তকৰণ, প্ৰতিৰোধ, প্ৰশমন বা নিৰাময়ৰ বাবে মানুহ বা অন্য প্ৰাণীৰ দেহত প্ৰয়োগ কৰা যিকোনো দ্ৰব্যকে ঔষধ বোলা হয়’। এয়া হ’ল ঔষধ বা ড্ৰাগৰ সংজ্ঞা।

ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন দ্ৰব্য তথা ৰসায়নক ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ খাতিৰতে সাধাৰণভাৱে ঔষধ বা ড্ৰাগ বোলা হয়।

সকলোৰে মনলৈ অহা এটা স্বাভাৱিক প্ৰশ্ন হ’ল- ঔষধবোৰে শৰীৰত কেনেদৰে ক্ৰিয়া কৰে তথা কেনেদৰে ৰোগ নিৰাময় কৰে?

আমি খোৱা খাদ্যৰ পৰা লাগতিয়াল উপাদানবোৰ শৰীৰে শুহি লয় আৰু অলাগতিয়াল অংশখিনি শৌচ, প্ৰস্ৰাৱ আৰু ঘামৰ ৰূপত শৰীৰে ত্যাগ কৰে।

ঔষধৰ ক্ষেত্ৰতো শৰীৰে অনুৰূপ ধৰণেই কাম কৰে। উদাহৰণস্বৰূপে, আমি এটা কেপছুল বা টেবলেট খোৱাৰ পিছত তাত থকা লাগতিয়াল উপাদানখিনি অন্ত্ৰত শোষিত হয়।

তাৰ পিছত সেই লাগতিয়াল উপাদানখিনি তেজৰ জৰিয়তে সমগ্ৰ শৰীৰত বিয়পি পৰে আৰু এনেদৰেই ঔষধখিনিয়ে শৰীৰত কাম কৰিবলৈ ধৰে।

এবিধ ঔষধেই শৰীৰত নানা ধৰণে ক্ৰিয়া কৰিব পাৰে। উদাহৰণস্বৰূপে, গেষ্ট্ৰিকৰ সমস্যা(Gastritis) উপশমৰ বাবে আমি যদি কোনো এবিধ ঔষধ সেৱন কৰোঁ, তেন্তে সেই ঔষধে কেতবোৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে গেষ্ট্ৰিক এচিডৰ উৎপাদন ৰোধ কৰাৰ লগতে একে প্ৰক্ৰিয়াৰেই-

  • মূৰৰ বিষ,
  • ওকালি,
  • পেটৰ অস্বস্তিবোধ আদি উপসৰ্গৰো উদ্ৰেক ঘটাব।

এইক্ষেত্ৰত ঔষধবিধৰ প্ৰথমবিধ ক্ৰিয়াক বাঞ্ছিত ক্ৰিয়া(desired effect) বোলা হয় আৰু দ্বিতীয় প্ৰকাৰৰ ক্ৰিয়াক পাৰ্শ্বক্ৰিয়া(side effect) বোলা হয়।

বিষ নিৰাময়কাৰী ঔষধ সেৱন কৰাৰ পিছত তন্দ্ৰাৰ ভাব অহাটো পাৰ্শ্বক্ৰিয়াৰ এটা উদাহৰণ।

কেইবাটাও পদ্ধতিৰে শৰীৰত ঔষধ প্ৰয়োগ কৰা হয়, সেয়া হ’ল- টপিকেল(topical)- অৰ্থাৎ ছালৰ মাজেৰে ঔষধ প্ৰয়োগ, অ’ৰেল(oral)-

অৰ্থাৎ মুখেৰে সেৱন কৰা ঔষধ, পেৰেন্টেৰেল(parenteral)- অৰ্থাৎ বেজী বা ইঞ্জেকচনৰ সহায়ত ঔষধ প্ৰয়োগ।

ৰোগৰ তাৎক্ষণিক প্ৰশমনৰ ক্ষেত্ৰত তৃতীয় পদ্ধতিটো অত্যন্ত উপকাৰী। সেয়েহে গুৰুতৰ অৱস্থাৰ ৰোগীক ইঞ্জেকচন দিয়া হয়।

ঔষধৰ উৎসবোৰ -

প্ৰাকৃতিক উৎস:

ঔষধ প্ৰস্তুতকৰণৰ বাবে উদ্ভিদৰপৰা আহৰণ কৰা উপাদানবোৰক ঔষধৰ প্ৰাকৃতিক উৎস বোলা হয়।

এনে কেতবোৰ ঔষধ হ’ল-

  • এট্ৰ’পাইন(Belladonna),
  • কুইনাইন(cinchona),
  • টেক্সল(Tanus brevifolia) আদি।

আংশিক সংশ্লেষিত উপাদান -

প্ৰাকৃতিকভাৱে উপলব্ধ যৌগৰ ৰাসায়নিক সংশোধন ঘটাই এই ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়। মৰফিন জাতীয় ঔষধ, ছেমি ছিন্থেটিক পেনিচিলিন আদি হ’ল এনে ধৰণৰ ঔষধৰ উদাহৰণ।

সংশ্লেষিত যৌগ:

কুৰি শতিকাত সংশ্লেষিত ঔষধৰ উদ্ভাৱন হয়।

এনে কেতবোৰ ঔষধ হ’ল-

  • এছপিৰিন(Aspirin),
  • পেৰাচিটামল(Paracetamol),
  • ইণ্ডোমিথাচিন(Indomethacin),
  • অ’মিপ্ৰাজল(Omeprazole),
  • ক্লোৰপ্ৰ’মাজিন(Chlorpromazine) আৰু অন্য কিছুমান শ্ৰেণীৰ ঔষধ।

সাধাৰণ উদ্ভিদজাত ঔষধতকৈ সংশ্লেষিত যৌগৰ ঔষধসমূহৰ কাৰ্যকাৰিতা যথেষ্ট বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক কালত এই ধৰণৰ ঔষধৰ বহুল ব্যৱহাৰ হ’বলৈ ধৰিছে।

জৈৱ-প্ৰযুক্তিৰে উৎপাদিত ঔষধ -

জীৱিত অণুজীৱ(Microorganisms)ৰ সহায়ত কোনো দ্ৰব্য উৎপাদন বা উৎপাদিত দ্ৰব্যৰ মান উন্নত কৰাৰ বাবে প্ৰয়োগ কৰা যিকোনো কৌশলকে জৈৱ-প্ৰযুক্তি বোলা হয়।

জৈৱ-প্ৰযুক্তিৰে উৎপাদিত কেইবিধমান ঔষধ হ’ল-

  • হিউমেন গ্ৰ’থ ফেক্টৰ(human growth factor),
  • বিটা-ইন্টাৰফেৰন(Beta-interferon),
  • ইন্টাৰলিউফিন-১(Interleufin-I),
  • হেপাটাইটিছ-বি ভেকচিন(Hepatitis-B Vaccine) আদি।

ভিন ভিন চিকিৎসা পদ্ধতি অনুসৰিও ঔষধক ভাগ কৰিব পৰা যায়। উদাহৰণস্বৰূপে,

  • এল’পেথিক,
  • হোমিঅ’পেথিক,
  • আয়ুৰ্বেদিক,
  • ইউনানু আদি চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰা ঔষধবোৰৰ কথা উল্লেখ কৰিব পাৰি।

সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে বনৌষধিৰো যথেষ্ট কাৰ্যকাৰিতা আছে।

  • বিভিন্ন অসুখ-বিসুখ,
  • কটা-ছিগা,
  • পোৰা আদিৰ প্ৰাথমিক চিকিৎসা বা সাময়িক উপশমৰ বাবে ঘৰুৱাভাৱে ব্যৱহাৰ কৰা কেতবোৰ সামগ্ৰীকো ঔষধ হিচাপে গণ্য কৰিব পৰা যায়।

অধিকাংশ এল’পেথিক ঔষধৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া আছে। সেয়েহে ঔষধ সেৱনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।

এটা ৰোগ নিৰাময়ৰ বাবে জধেমধে মাত্ৰাধিক ঔষধ সেৱন কৰাৰ ফলত শৰীৰত আন কোনো ৰোগৰ উৎপত্তি হ’ব পাৰে।

চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে ঔষধ কিনি আনি খোৱাটোও ভাল কথা নহয়।

আমাৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধ ব্যৱস্থাই শৰীৰত উদ্ভৱ হোৱা ৰোগ নিৰাময় কৰে। ঔষধে এইক্ষেত্ৰত সহায়কাৰীৰ ভূমিকা পালন কৰে।

মাত্ৰাধিক ঔষধ নিৰ্ভৰশীলতাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা দুৰ্গল হৈ পৰিব পাৰে আৰু তাৰ ফলত শৰীৰটো সহজে বিভিন্ন ৰোগত আক্ৰান্ত হ’ব।

সেয়েহে ঔষধ সেৱনৰ ক্ষেত্ৰত কিছু সাৱধানতা তথা সীমাবদ্ধতা ৰাখি শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ব্যৱস্থাক সবল-সক্ৰিয় হৈ থকাৰ সুযোগ দিব লাগে।

তদুপৰি ঘনাই তথা অধিক মাত্ৰাত ঔষধ খাবলগীয়া যাতে নহয়, তাৰ বাবে স্বাস্থ্য সচেতন জীৱন যাপন কৰি শৰীৰটোক ৰোগৰ আক্ৰমণৰ পৰা যিমান দূৰ সম্ভৱ বচাই ৰাখিব লাগে।

নিৰাময়তকৈ নিবাৰণেই শ্ৰেয়- এই আপ্তবাক্যষাৰ আমি সৰ্বদা মনত ৰখা উচিত।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate