মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ক’লা ধানৰ ক’লা চাউলত আছে বহু ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লা ধানৰ ক’লা চাউলত আছে বহু ঔষধি গুণ

ক’লা ধানৰ ক’লা চাউলত আছে বহু ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

সম্প্ৰতি অসমত সঘনাই উচ্চাৰিত এবিধ ধান হৈছে ক’লা ধান। এই ধান প্ৰথমে ক’ত আৱিষ্কাৰ হ’ল, এই বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য নাই যদিও অতীত কালত চীন দেশত যে এই ধানৰ ব্যৱহাৰ আছিল, সেয়া সত্য।

কাৰণ বুৰঞ্জীমতে, চীন দেশৰ ৰজাই এই দুষ্প্ৰাপ্য ধানৰ চাউল ব্যৱহাৰ কৰিছিল। প্ৰচুৰ ঔষধি গুণেৰে পৰিপুষ্ট ধানবিধৰ খেতি জনসাধাৰণৰ বাবে নিষিদ্ধ আছিল সেই সময়ত, সেয়ে ইয়াৰ আন এটি নাম আছিল নিষিদ্ধ ধান(ফৰবিডেন ৰাইচ)।

১৯৯৫ চনৰপৰা আমেৰিকা যুক্তৰাজ্যত এই ধানৰ খেতি আৰম্ভ কৰা হয়। এই ধানৰ চাউলবিধ কালক্ৰমত প্ৰচুৰ ঔষধি গুণযুক্ত বুলি প্ৰমাণিত হয়। এই চাউলবিধ ক’লা হোৱাৰ কাৰণটো হ’ল ইয়াত থকা এবিধ বিশেষ পদাৰ্থ, যাক এন্থোচিয়ানিনছ বুলি জনা যায়।

কি আছে ক’লা ধানৰ চাউলত?

ক’লা ধানৰ চাউল নানা ঔষধি গুণেৰে পৰিপুষ্ট। সমগ্ৰ বিশ্বতে পুষ্টিগুণ আৰু উপকাৰিতাৰ বাবে এইবিধ চাউলৰ চাহিদা আৰু জনপ্ৰিয়তা অতি বেছি।

ইয়াত-

  • প্ৰ’টিন ১১.৪৪ শতাংশ,
  • কাৰ্বোহাইড্ৰেট ৮০ শতাংশ,
  • চৰ্বি ২.৮ শতাংশ,
  • আঁহজাতীয় পদাৰ্থ ১.৩ শতাংশ,
  • খনিজ লৱণ ১.২৭ শতাংশ আৰু
  • বহু পৰিমাণৰ কেল’ৰি আছে।

ই যে কেৱল কেল’ৰিয়ে যোগান ধৰে এনে নহয়, বৰঞ্চ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো বহু পৰিমাণে কাম কৰে।

ক’লা চাউলে মানৱ দেহৰ বিভিন্ন অংগৰ ৰোগ প্ৰতিৰোধ কৰাই নহয়, আৰোগ্যও কৰিব পাৰে। ক’লা চাউলত-

  • ১৮ বিধ এমাইনো এচিড,
  • ভিটামিন বি,
  • লো,
  • জিংক,
  • কপাৰ,
  • কেলছিয়াম আদি পোৱা যায়।

ইয়াত যথেষ্ট পৰিমাণে এন্থোচিয়ানিনছ নামৰ এবিধ পদাৰ্থ থাকে, যি এন্টিঅক্সিডেন্টৰ কাম কৰে। এন্থোচিয়ানিনছ নামৰ পদাৰ্থবিধৰ বাবে এই চাউলবিধ ক’লা হয় আৰু ৰান্ধিলে গাঢ় বেঙুনীয়া ৰঙলৈ পৰিৱৰ্তিত হয়।

ক’লা চাউলত থকা লৌহ কণিকাই লোহিত ৰক্তকণিকা বৃদ্ধি কৰি দেহৰ বাবে অক্সিজেন বৃদ্ধি কৰে। সেয়ে ই ৰক্তহীনতাত ভোগা ৰোগীৰ বাবেও অতি উত্তম খাদ্য।

ইয়াত থকা এন্টিঅক্সিডেন্টে আমৰ শৰীৰৰ ফ্ৰী ৰেডিকেলবোৰক বাধা দি হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ই আমাৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে প্ৰদাহো হ্ৰাস কৰিব পাৰে। ক’লা চাউলত দৰকাৰী এন্টিঅক্সিডেন্ট, ভিটামিন ই থাকে বাবে চকু, ছাল আৰু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে।

ইয়াত থকা ফাইটো নিউট্ৰিয়েনছবোৰে আমাৰ শৰীৰৰ টক্সিনবোৰ পৰিষ্কাৰ কৰি আমাক ৰোগৰপৰা ৰক্ষা কৰে।

ইয়াত প্ৰচুৰ পৰিমাণে আঁহজাতীয় পদাৰ্থ থকা বাবে সহজে হজম হয় আৰু কোষ্ঠকাঠিন্য ৰোধত সহায়ক হয়।

কেৱল ইয়ে নহয়, ক’লা চাউলে মধুমেহ ৰোগক বাধা দিয়াই নহয়, শকত হোৱাৰ প্ৰৱণতাৰপৰাও আমাক ৰক্ষা কৰিব পাৰে।

লেখক: প্ৰসাদ দাস(দৈনিক অসম)

স্বাস্থ্যকৰ মেথি -

মেথিগুটি সকলোৰে পৰিচিত এবিধ সহজলভ্য নিত্যব্যৱহাৰ্য মছলা। ‘পাঁচফোৰণ’ হিচাপে পৰিচিত চফ, জিৰা, জালুক, কালজিৰা সমন্বিতে পাঁচবিধ মছলাৰ অন্যতম এই মেথি দেখাত সৰু-সাধাৰণ যেন লাগিলেও, ঔষধি গুণত কিন্তু ই অনন্য, অসাধাৰণ।

প্ৰধানতঃ ই এবিধ মছলাজাতীয় কৃষিজাত উদ্ভিদ। ইয়াৰ গুটিবোৰ বৰ্গাকৃতিৰ আৰু কিছু তিতিকি স্বাদৰ।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে- Trigonella Foenum Graecum আৰু ই Fabaceae(Leguminosae) গোত্ৰৰ। ইংৰাজীত ইয়াক Fenugreek বোলা হয়।

মেথিৰ গুৰুত্বপূৰ্ণ ঔষধি গুণ হ’ল ই তেজৰ কলেষ্টেৰল, শৰ্কৰা, মূত্ৰ শৰ্কৰা(Urine Sugar) আদি নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু মধুমেহত ভোগা ৰোগীৰ বিশেষ উপকাৰ সাধন কৰিব পাৰে।

এয়া আজিৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত প্ৰমাণিত হোৱাই নহয়, অতীতৰ আয়ুৰ্বেদাচাৰ্যসকলেও জিয়াৰ এই বিশেষ ঔষধি গুণসমূহৰ কথা উল্লেখ কৰি গৈছে।

মধুমেহত ভোগা ৰোগীৰ বাবে মেথি জীৱনদায়িনী মহৌষধি স্বৰূপ। ইয়াক নিয়মিতভাৱে পৰিমিত ৰূপত সেৱন কৰিলে মাত্ৰ দহদিনমানৰ ভিতৰতেই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰিত হয় আৰু প্ৰস্ৰাৱতো শৰ্কৰাৰ মাত্ৰা লক্ষণীয়ভাৱে কমি যায় বুলি পুষ্টি বিজ্ঞানীসকলৰ পৰীক্ষাত প্ৰমাণিত হৈছে।

ইয়াৰ বাবে ১ গ্ৰামৰ পৰা তিনি গ্ৰাম পৰিমাণৰ মেথিগুটিৰ গুৰি পুৱা-গধূলি যথানিয়মে সেৱন কৰি থাকিব লাগে।

মেথিগুটিৰ পৰিমিত সেৱনৰদ্বাৰা অকল ৰক্ত শৰ্কৰা(Blood Sugar)ৰ মত্ৰা নিয়ন্ত্ৰিত হোৱাই নহয়, ইয়াৰ দ্বাৰা তেজৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইডছ আৰু লিপোপ্ৰোটিনৰ মাত্ৰাও নিয়ন্ত্ৰিত হয়, ফলত মধুমেহ আৰু হৃদৰোগ্ৰ সম্ভাৱনা নাইকিয়া হয়।

আধুনিক জীৱনশৈলীৰ অভিশাপ স্বৰূপ মধুমেহ আৰু কলেষ্টেৰ’ল- এই দুই প্ৰাণঘাতকৰ আঘাত প্ৰতিহত কৰি জীৱন সুস্থ-সুন্দৰ কৰি তোলাত ইয়াৰ অৱদান অনন্য।

মেথিৰ ঔষধি গুণ অপাৰ।

  • বহুমূত্ৰ,
  • হৃদৰোগৰ উপৰি গ্ৰহণী,
  • ৰক্তচাপ,
  • কোষ্ঠকাঠিন্য,
  • আঁঠুৰ বিষ,
  • গাঁঠিৰ বিষ,
  • আভোক-অৰুচিকে ধৰি পেটৰ বিভিন্ন বেমাৰ,
  • কাঁহ আদিত ই অত্যন্ত উপকাৰী।

আয়ুৰ্বেদ মতেও ই বায়ু-পিত্ত-কফ প্ৰশমক। প্ৰসূতি নাৰীৰ বাবেও ই অত্যন্ত উপকাৰী। প্ৰসূতি মাতৃৰ স্তন দুগ্ধ বৰ্দ্ধনতো ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

অংকুৰিত মেথিগুটিত উৎপন্ন হোৱা এক বিশেষ খাদ্যপ্ৰাণে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। সৰ্বোপৰি ই তেজৰপৰা দূষিত পদাৰ্থ আঁতৰ কৰি মানুহক স্বাস্থ্যোজ্জ্বল কৰি তোলে।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

3.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top