অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁঠালৰো আছে ঔষধি গুণ :

সকলোৰে চিনাকি কঁঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক জ্যাক ফ্ৰুট(Jack fruit) নামে জনা যায়।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘হেটেৰোফাইলাছ’(Heterophyllus) আৰু ই মোৰাচি(Moraceae) গোত্ৰৰ (পৰিয়ালয়ৰ)।

কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰালা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যতে সৰ্বাধিক কঁঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ।

প্ৰতিঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঁঠালৰ গছ পোৱা যায়েই। সাধাৰণতে আমাৰ ইয়াত ব’হাগ মাহত কঁঠালৰ মুচি ওলায় আৰু জেঠ-আহাৰ মাহত পূৰঠ হৈ পকাৰ উপক্ৰম হয়।

এইবিধ ফল কুমলীয়া বা কেঁচা অৱস্থাতো তৰকাৰি কৰি খাব পাৰি আৰু পকা অৱস্থাত মলমলীয়া এক নিজস্ব গোন্ধেৰে ই মানুহক আকৰ্ষণ কৰে।

ই এনে এবিধ ফল, য’ত একত্ৰে দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্যপ্ৰাণ, খনিজ লৱণ, এন্টি-অক্সিডেন্ট(জাৰণ প্ৰতিৰোধী), আঁহ, নানা ধৰণৰ অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ তথা বিভিন্ন সূক্ষ্ম পোষক তত্ত্বসমূহ পোৱা যায়।

সেইবাবে এই কঁঠাল(Jack fruit)ক ইংৰাজীত ‘Jacl of all fruits’ বুলি কোৱা হয় আৰু ইয়াক একে আষাৰতে পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি।

কঁঠালৰ উপকাৰিতা তথা ঔষধি গুণসমূহ -

ৰোগ প্ৰতিৰোধী গুণ:

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এন্টি-অক্সিডেন্ট পোৱা যায়, যিয়ে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।

প্ৰ’টিনৰ ভঁৰাল -

কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঁঠালৰ গুটি খাবলৈ বৰ তৃপ্তিকৰ আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ।

শক্তিৰ ভঁৰাল -

কঁঠালত যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট আৰু কেল’ৰি থাকে। ই ফ্ৰুক্ট’জ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে।

কৰ্কট প্ৰতিৰোধী গুণ -

কঁঠালত এন্ট-অক্সিডেন্ট, ফাইটোনিউট্ৰিন্টছ(Phytonutrients) আৰু ফ্লেভ’নইড(Flavonoid) থাকে, যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক অণু ফ্ৰীৰেডিকেল(মুক্ত মূলক)বোৰ নিষ্ক্ৰিয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাঁওফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

হজম শক্তিৰ উন্নতি:

পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

থাইৰয়ডৰ সমস্যা দূৰ কৰে -

কঁঠালত যথেষ্ট পৰিমাণে কপাৰ থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰম’নৰ শোধণ আৰু সংশ্লেষণত সহায় কৰে।

দৃষ্টিশক্তিৰ উন্নয়ন:

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টিশক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে।

ৰক্তহীনতা(এনিমিয়া) প্ৰতিৰোধ কৰে -

কঁঠালত পৰ্যাপ্ত পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই, ভিটামিন-বি৬, নিয়াচিন, ফলেট, পেন্থ’থেনিক এচিড, কপাৰ(তাম), মেংগানিজ, মেগনেছিয়াম আছে। এইবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তহীনতা ৰোগ(Anemia) প্ৰতিৰোধ কৰে।

হাড় শক্তিশালীকৰণ:

পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

বাৰ্দ্ধক্যৰ গতি লেহেমীয়া কৰে:

কঁঠালত থকা এন্টি-অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ফ্ৰীৰেডিকেলছবোৰ ধ্বংস কৰি বাৰ্দ্ধক্যৰ গতি লেহেমীয়া কৰে।

সৌন্দৰ্য চৰ্চাত কঁঠালৰ গুটি -

কেইটামান কঁঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছু সময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি ‘পেষ্ট’ তৈয়াৰ কৰি মুখমণ্ডলত সানি কিছু সময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিটমানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি।

ছালৰ সৌন্দৰ্য:

পৰিমিত ৰূপত নিয়মিতভাৱে কঁঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে।

হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে:

কঁঠালত থকা ভিটামিন-বি৬(Vitamin-B6)-এ হৃৎপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

আলছাৰ প্ৰতিৰোধী -

কঁঠাল আলছাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলছাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

কঁঠালৰ এজমা ৰোগীৰ বাবেও উপকাৰী।

কীটনাশক আৰু কৃত্ৰিমতাৰপৰা মুক্ত এইহেন থলুৱা বতৰৰ ফল কঁঠালক বতৰত পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাত অৰিহণা যোগাব পাৰোঁ।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 7/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate