মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / কছমেটিক ছাৰ্জাৰীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কছমেটিক ছাৰ্জাৰীঃ

এজন প্ৰতিশ্ৰুতিসম্পন্ন ন-লেখকৰ দ্বাৰা ৰচিত এটা গল্পৰ সংকলন পঢ়িছিলো আজি কিছুদিনৰ পূৰ্বতে। ইয়াৰে এটা হৃদয়স্পৰ্শী গল্পত তেওঁ এনেদৰে লিখিছিল- ‘দিপলিপ নহয়, কিন্তু ধুনীয়া। ধুনীয়াও সিমান নহয়। মৰম লগা। বৰ মৰম লগা। বহু ধুনীয়া মানুহলৈ মৰম নালাগে। গীতাঞ্জলিলৈ পাছে শ্ৰদ্ধা জাগে। ছোৱালী নহয়- মহিলা।...’ এনেকুৱা একোখন ধুনীয়া বা মৰম লগা মুখ যদিহে বাৰ্ধক্য বা অন্যান্য ৰোগৰ প্ৰভাৱত পৰি আপচু ৰূপ পৰিগ্ৰহণ কৰে তেনেহ’লে সেয়া জানো দুখৰ কথা নহয়।

কছমেটিক ছাৰ্জাৰী কি

 

এজন প্ৰতিশ্ৰুতিসম্পন্ন ন-লেখকৰ দ্বাৰা ৰচিত এটা গল্পৰ সংকলন পঢ়িছিলো আজি কিছুদিনৰ পূৰ্বতে। ইয়াৰে এটা হৃদয়স্পৰ্শী গল্পত তেওঁ এনেদৰে লিখিছিল- ‘দিপলিপ নহয়, কিন্তু ধুনীয়া। ধুনীয়াও সিমান নহয়। মৰম লগা। বৰ মৰম লগা। বহু ধুনীয়া মানুহলৈ মৰম নালাগে। গীতাঞ্জলিলৈ পাছে শ্ৰদ্ধা জাগে। ছোৱালী নহয়- মহিলা।...’ এনেকুৱা একোখন ধুনীয়া বা মৰম লগা মুখ যদিহে বাৰ্ধক্য বা অন্যান্য ৰোগৰ প্ৰভাৱত পৰি আপচু ৰূপ পৰিগ্ৰহণ কৰে তেনেহ’লে সেয়া জানো দুখৰ কথা নহয়।

শেহতীয়াভাৱে অৱশ্যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ সুবাদতে এনে দুখৰ কাৰণবোৰৰ অন্ত পৰিছে বুলিলে সত্যৰ অপলাপ কৰা নহয়। বৰ্তমান কছমেটিক ছাৰ্জাৰীৰ জৰিয়তে মানুহৰ শৰীৰৰ কদৰ্যতা দূৰ কৰিব পৰা গৈছে। উদাহৰণস্বৰূপে মুখমণ্ডলৰ কেন্দ্ৰবিন্দুত থকা নাকটোৰ কথাই কওঁ। বিভিন্ন মানুহৰ নাকৰ গঠনৰ ভিন্নতা আছে। কাৰোবাৰ নাক হয়তো চেপেটা, কাৰোবাৰ আকৌ দীঘল। কোনোবাৰ হয়তো সামান্য বেঁকা। জন্মসূত্ৰেই মানুহে নিজৰ নাকৰ গঠন লাভ কৰে। মুক্তিযোদ্ধাসকলে নাকত পোৱা আঘাতৰ হেতুকে নাকৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। ইয়াৰ বাদেও কেতবোৰ ৰোগৰ ফলত (কুষ্ঠৰোগ, ৰাইনোফাইমা, যৌন ৰোগ ছিফিলিছ আদি) নাকৰ গাঁথনিগত বিকৃতি দেখা দিব পাৰে। কছমেটিক ছাৰ্জাৰীৰ সহায়ত নাকৰ এই বিকৃতি স্বাভাৱিক কৰিব পৰা যায়। এই অস্ত্ৰোপচাৰৰ নাম হৈছে ৰাইনোপ্লাষ্টি।

ইয়াৰ উপৰি কাণৰ আকাৰৰ বিকৃতিও সৌন্দৰ্য হানিৰ কাৰক বা হেতু হ’ব পাৰে। কাৰোবাৰ কাণৰ আকৃতি হয়তো হাতীৰ লেখীয়া। অস্বাভাৱিকভাৱে ডাঙৰ। আঘাতৰ ফলতো কাণৰ গাঁথনিগত বিকৃতি দেখা দিয়ে। অটো প্লাষ্টি কৰি কাণৰ আকৃতি স্বাভাৱিক কৰিব পাৰে। গধুৰ ওজনৰ কাণফুলি পিন্ধা বাবে বহু সময়ত কাণৰ লতি ছিঙি যাব পাৰে। কছমেটিক ছাৰ্জাৰীৰ সহায়ত এনে ছিঙি যোৱা লতি যোৰ লগাই ল’ব লাগে। অন্যথা মুখখনৰ আকৃতি কুৎসিত হ’ব পাৰে।

বয়স বাঢ়ি যোৱাৰ লগে লগে বা বহুতৰে তুলনামূলকভাৱে কম বয়সতে চকুৰ পতাৰ তলত চৰ্বিস্তৰ জমা হৈ ফুলি যায় আৰু চকুৰ পৰা শিথিল হৈ ওলমি পৰে। ইয়াকে বেগী আই লিড বুলি আখ্যা দিয়া হয়। কিডনিৰ ৰোগৰ ফলত এই উপসৰ্গ দেখা দিব পাৰে। কছমেটিক ছাৰ্জনসকলে ব্লেফাৰোপ্লাষ্টি নামৰ অস্ত্ৰোপচাৰ কৰি এই উপসৰ্গ দূৰ কৰিব পাৰে।

বহুতো নাৰীৰ স্তনৰ আকাৰ তেনেই সৰু। ফলত হীনমন্যতাত ভুগিব পাৰে। স্তনৰ আকৃতি সৰু হোৱাৰ সৈতে দৈহিক স্বাস্থ্যৰ এক গভীৰ সম্পৰ্ক থাকিব পাৰে। কোনোবাগৰাকী গাভৰু হয়তো অত্যন্ত ৰূপহী, কিন্তু তেনেই নিশকতীয়া। এনে ক্ষেত্ৰত স্তনৰ আকৃতি সৰু হ’ব পাৰে। ইয়াৰ বাবে সঠিক ধৰণৰ খাদ্য তথা শৰীৰ চৰ্চাৰ প্ৰয়োজন। শৰীৰত অন্য কিবা ৰোগ আছে নে নাই সেইটো চাব লাগিব। এনিমিয়া, পেলুৰ আক্ৰমণ, বদহজম, লিভাৰৰ অসুখ আদি থাকিলে সেইবোৰৰ চিকিৎসাৰ দৰকাৰ। এনেবোৰ অসুস্থতা নাথাকিলে বহুক্ষেত্ৰত হৰম’ন চিকিৎসা কৰা হয়। এনে ক্ষেত্ৰত অভিজ্ঞ গাইন’কোলজিষ্টৰ পৰামৰ্শ ল’ব লাগে। এনে কৰা স্বত্বেও কোনো লাভ নহ’লে বা হৰম’ন চিকিৎসাৰ কোনো ভূমিকা নাথাকিলে ছাৰ্জনৰ ওচৰ চাপিবলগীয়া হ’ব পাৰে। তাহানিখন স্তনৰ নিম্নভাগত লিকুইড পেৰাফিন বেজী দিয়া হৈছিল। পিছে নানা ধৰণৰ সম্ভাৱ্য পাৰ্শ্ব প্ৰতিক্ৰিয়া থকা হেতুকে এই পদ্ধতিটো বৰ্তমান মুঠেই ব্যৱহাৰ কৰা নহয়। বৰ্তমান শৰীৰৰ অন্যান্য ঠাইৰ পৰা চৰ্বি আনি স্তনত সংস্থাপন কৰা হয়। স্তনত ছেলাইনযুক্ত চিলিকন বেগ সংস্থাপন কৰিও বক্ষ পীনোন্নত কৰা হয়। অৱশ্যে এটা কথা উনুকিয়াই থওঁ যে এনেদৰে বাহ্যিক ৰাসায়নিক দ্ৰব্য অনবৰতে স্তনৰ সংস্পৰ্শত থকাৰ ফলত নানা সমস্যাই দেখা দিব পাৰে। সেয়েহে এনে ক্ষেত্ৰত নিয়মীয়া চিকিৎসকৰ পৰামৰ্শৰ দৰকাৰ।

বয়সৰ লগে লগে স্তনৰ অন্যান্য সমস্যা দেখা দিব পাৰে। বয়সৰ লগে লগে স্তনৰ আকৃতিৰ পৰিৱৰ্তন ঘটি স্তনযুগল ওলমি পৰিব পাৰে। প্ৰথমৰে পৰাই উপযুক্ত ধৰণৰ বক্ষ বন্ধনী পৰিধান নকৰিলে এনেধৰণৰ সমস্যা দেখা দিব পাৰে। কেতিয়াবা স্তনৰ আকৃতি অস্বাভাৱিক ধৰণে ডাঙৰ হৈ যায়। এনে ক্ষেত্ৰত মোমাপ্লেষ্টি অপাৰেচন কৰি স্তনৰ আকৃতি ঠিক কৰা হয়।

মূৰৰ চুলি সৰা সমস্যাত বহুতো ব্যক্তিয়ে আক্ৰান্ত হয়। সৌন্দৰ্য হানিৰ ই এটা গুৰুত্বপূৰ্ণ কাৰক বুলি বিবেচিত হৈছে। প্ৰথমে দৰব খাই বা অন্য উপায়েৰে চুলি গজাবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা সুফল নাপালে হেয়াৰ ট্ৰেন্সপ্লেণ্টেচন কৰিব পাৰি। নামত ট্ৰেন্সপ্লেণ্টেচন হ’লেও ই কোনো ডাঙৰ অস্ত্ৰোপচাৰ নহয়। মূৰৰ ছালৰ যিখিনি অংশত কিছু চুলি আছে সেইখিনিত লোকেল এনাস্থেছিয়া প্ৰয়োগ কৰি অৱশ কৰা হয়। তাৰ পৰা সৰু সৰু চুলিযুক্ত গোলাকৃতি কৰি কাটি আনি চুলি নোহোৱা অংশত সংস্থাপন কৰা হয়। পাঞ্চ কী নামৰ এবিধ যন্ত্ৰৰ সহায়ত এইটো কৰা হয়। সেয়েহে ইয়াক ‘পাঞ্চ গ্ৰাফট’ পদ্ধতি বুলি জনা যায়। একেলগে অৱশ্যে বহু ঠাইত এই পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰে। সেয়েহে ৰোগীয়ে কেতিয়াও পূৰ্বৰ দৰে ঘন চুলি হ’ব বুলি আশা কৰিব নালাগে। এনে গ্ৰাফ্টিঙৰ সহায়ত টপামূৰীয়া ছালৰ খালী অংশ ভালেখিনি পূৰণ কৰা হয়। ইয়াতকৈ বেছি আশা কৰিলে নিৰাশ হ’ব লাগিব। পোৰা দাগ, ধৱল ৰোগ বা অন্যান্য কোনো কাৰণবশতঃ ছালত বগা দাগ পৰিলে কছমেটিক ছাৰ্জাৰী কৰিব পাৰি। অৱশ্যে সকলো ধৰণৰ ধৱল ৰোগতে এনে কৰিব নোৱাৰি। বহুদিন ধৰি যদিহে ছালৰ কোনোবা এটা-দুটা অংশতহে সৰু সৰু বগা দাগ থাকে আৰু এইবোৰৰ আকাৰৰ কোনো পৰিৱৰ্তন নহয় আৰু দৰব প্ৰয়োগ কৰাৰ পাছতো কোনো সুফল পোৱা নাযায়, তেনেহ’লে কছমেটিক ছাৰ্জাৰী প্ৰয়োগ কৰিব পাৰি। সাধাৰণতে এই অংশৰ বগা ছাল উঠাই দি তাত অন্য কোনো ঠাইৰ পৰা স্বাভাৱিক ৰঙৰ ছাল আনি গ্ৰাফ্টিং কৰা হয়। এনেদৰে স্বাভাৱিক ছালৰ টুকুৰাবোৰ পাছত ৰং বিস্তাৰ কৰি বগা অংশক স্বাভাৱিক ৰঙলৈ পৰিণত কৰে।

তিল আঁতৰাবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰিব পাৰি। সূক্ষ্ম ছাৰ্জাৰী কৰি তিল কাটি উলিয়াই ছাল জোৰা লগাব পাৰি। ইলেক্ট্ৰো ছাৰ্জাৰী, লেজাৰ ছাৰ্জাৰী আৰু ক্ৰায়ো ছাৰ্জাৰী প্ৰয়োগ কৰিও তিল গুচাব পাৰি।

কছমেটিক ছাৰ্জাৰী কিমানখিনি সফল হয় ?

কিছু গভীৰ চিন্তা কৰি ইয়াৰ উত্তৰ দিব লাগিব।

কছমেটিক ছাৰ্জাৰী কৰাৰ পূৰ্বে চিকিৎসক আৰু ৰোগীৰ মাজত মানসিক দূৰত্ব কমাব লাগিব। ৰোগী আৰু চিকিৎসকৰ মাজত সমস্যাটো সমাধানৰ বাবে থকা দৃষ্টিভংগীৰ ভিন্নতা থাকিলে বিষয়টো কঠিন হৈ পৰিব। কছমেটিক ছাৰ্জাৰী নিশ্চয়কৈ সফল হ’বই- পাছে ই কেতিয়াও প্ৰকৃতিৰ বিকল্প নহয়। কোনোবাই যদিহে ভাবে যে ডাৰ্মোব্লেচন কৰি মুখৰ ছাল শৈশৱৰ ছালৰ লেখীয়া হ’বলৈ- তেনেহ’লে তেওঁ হতাশ হ’ব লাগিব। অনুৰূপভাৱে কোনোবাই যদিহে হেয়াৰ ট্ৰেন্সপ্লেণ্টেচন কৰাৰ পাছত মূৰৰ চুলি শৈশৱকালৰ লেখীয়া হ’ব বুলি ভাবে তেনেহ’লে তেওঁ নিশ্চয়কৈ ভুল কৰা হ’ব। ৰোগীয়ে যদিহে গগনচুম্বী আকাংক্ষা কৰিবলৈ ধৰে তেনেহ’লে চিকিৎসা বিজ্ঞান অসহায় হৈ পৰিব। সেয়েহে প্ৰথমেই চিকিৎসকে ৰোগীক বিষয়টো সবিস্তাৰে ব্যাখ্যা কৰাটো যুগুত অন্যথা এক অবাঞ্ছনীয় ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। কছমেটিক ছাৰ্জাৰীয়ে নিঃসন্দেহে ৰোগীৰ দৈহিক সৌন্দৰ্য বৃদ্ধি কৰাত অৰিহণা যোগায়। পিছে সৌন্দৰ্যৰ সোণৰ হৰিণৰ পিছে পিছে দৌৰিবলে গ’লে হতাশ হোৱা স্বাভাৱিক।

স্বাভাৱিকতে মনত উদয় হোৱা প্ৰশ্ন এটা হৈছে মাথোঁ ৰূপচৰ্চাৰ বাবেই আমাৰ দৰে দুখীয়া দেশত ইমানগাল ধন ভাঙি এইবোৰ কৰা সমৰ্থনযোগ্য হয়নে ? ইয়াৰ উত্তৰৰ ভিন্নতা নিশ্চয়কৈ আছে। যদিহে কোনোবাই নিজৰ দেহৰ খুঁত মানি ল’ব পাৰে, তেনেহ’লে ক’বলগীয়া একো নাই। যৌৱনৰ স্বাভাৱিক নিয়ম মানি মানুহে নিজৰ বাহ্যিক ৰূপ সম্বন্ধে স্পৰ্শকাতৰ হোৱাটো স্বাভাৱিক। আমি সকলোৱেই অৱগত যে বাহিৰৰ ৰূপটো অৰ্থাৎ মাথোঁ শাৰীৰিক ৰূপেই যথাসৰ্বস্ব নহয়। মানসিক ৰূপ অৰ্থাৎ একোজন মানুহৰ গুণ বা ব্যক্তিত্বইহে সেই ৰূপত অন্য এক মাত্ৰা প্ৰদান কৰে। এই কথাষাৰ বোধগম্য হ’লে শাৰীৰিক খুঁতৰ মানসিক আঘাত দূৰীভূত হ’ব। এষাৰ ইংৰাজী আপ্তবাক্য প্ৰাসংগিকভাৱে মনলৈ আহিছে- Beautiful young people are accident of nature, but beautiful old people are works of art. পিছে সঁচা কথা ক’বলৈ গ’লে কিমানজনে এইষাৰ কথা হাড়ে-হিমজুৱে উপলব্ধি কৰিব পাৰে ? ব্যক্তিগতভাৱে চিকিৎসকৰ অভিজ্ঞতাৰ আধাৰত কওঁ যে এনে বহু ব্যক্তি মই দেখিছো যিসকলে নিজৰ দৈহিক খুঁত সম্বন্ধে অনবৰতে মানসিক যন্ত্ৰণাত ভাৰাক্ৰান্ত হৈ থাকে আৰু ফলত পঢ়া-শুনা, কেৰিয়াৰ আদিও নষ্ট হোৱাৰ উপক্ৰম হয়। আনকি বহুতে অহৰ্নিশে মানসিক উদ্বিগ্নতাত আক্ৰান্ত হৈ মানসিক ৰোগৰ ভুক্তভোগী হোৱাৰো শংকা আছে। অথবা এনেকুৱাও ঘটিছে যে কোনোবা নাৰীৰ হয়তো সামান্য এটা দৈহিক খুঁতৰ বাবেই গোটেই জীৱনেই অবিবাহিত হৈয়েই কটাবলগীয়া হৈছে। তদুপৰি কেতবোৰ ব্যক্তি হয়তো এনে একোটা বৃত্তিত জড়িত হৈ আছে। অভিনেতা, ৰিচেপশ্বনিষ্ট বা ছেলছ্ ৰিপ্ৰেজেণ্টেটিভ আদি যে দৈহিক খুঁতৰ হেতুকে নিজৰ পেচা বা বৃত্তিত ক্ষতিগ্ৰস্ত হোৱাৰ শংকা আছে। এনেবোৰ পৰিস্থিতিত কছমেটিক ছাৰ্জাৰীৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।

কছমেটিক ছাৰ্জাৰী কৰিব নে নকৰে এই কথাৰ সিদ্ধান্ত ল’ব লাগিব নিজে। চিকিৎসকে এইক্ষেত্ৰত নিজৰ জ্ঞানেৰে সঠিক পৰামৰ্শহে আগবঢ়াব। উল্লেখনীয় যে মানসিক ইচ্ছাৰ বিপক্ষে জোৰ কৰি চখ কৰি কছমেটিক কৰাৰ দৰকাৰ নাই। যিসকলে হয়তো নিজৰ টপামূৰৰ পৰাই হেজাৰ হেজাৰ টকা ঘটি আছে তেওঁলোকৰ পত্নীসকলে অগত্যা জোৰ কৰিলেও হেয়াৰ ট্ৰেন্সপ্লেণ্টেচন কৰাৰ দৰকাৰ নাই। টপা তালুখনৰ সৈতে এনে মানুহৰ ব্যক্তিত্ব, চেহেৰাৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। টপামূৰটো আচৰিতভাৱে তেওঁৰ ব্যক্তিত্বৰ এক অংশস্বৰূপ হৈ পৰিছে। পিছে যিসকল ব্যক্তিয়ে দূৰদৰ্শন বা চলচিত্ৰত অভিনয় কৰিবলৈ বদ্ধপৰিকৰ তেওঁলোকে নিজৰ টপা মূৰটোৰ বাবে চিন্তান্বিত নহ’বলৈ হেয়াৰ ট্ৰেন্সপ্লেণ্টেচনৰ বিষয়ে এবাৰ দকৈ ভাবি চাব পাৰে। নাইবা বিপৰীত এটা দিশেৰে কথাটো ভাবিব পাৰি। ইয়ুল ব্ৰাইনাৰে তেওঁৰ মূৰৰ চুলি খুৰাই কৃত্ৰিম ধৰণৰ টপা মূৰৰ সৃষ্টি কৰি স্বকীয় অভিনয় দক্ষতাৰ দিশত এক নতুন মাত্ৰা সংযোজন কৰিছে। বলিউডৰ সু-অভিনেতা ওম পুৰীয়ে দেখোন তেওঁৰ মুখৰ বসন্তৰ দাগ আঁতৰাবলৈ কছমেটিক ছাৰ্জাৰী কৰা নাই। গতিকে এইক্ষেত্ৰত (অৰ্থাৎ কছমেটিক ছাৰ্জাৰী কৰা-নকৰা কথাটো) মুখ্য ভূমিকা গ্ৰহণ কৰে ব্যক্তিজনৰ মানসিকতাইহে। এটা কথা মনত ৰাখিব লাগিব যে কছমেটিক ছাৰ্জাৰী হৈছে এটা ঐচ্ছিক চিকিৎসা- ইয়াত কোনো বাধ্যবাধকতা নাই।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.21428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top