অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাম-সেন্দুৰ

কাম-সেন্দুৰ

কাম-সেন্দুৰৰ ইংৰাজী নাম হ’ল অন্নাট’। ইয়াক একিঅ’টে নামেৰেও জনা যায়। কাম-সেন্দুৰৰ বৈজ্ঞানিক নাম হ’ল Bixa orellana। এই গছজোপা ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় অঞ্চলত সাধাৰণতে পোৱা যায়।

আমাজান নদীত অভিযান চলোৱা স্পেইনৰ ফ্ৰেন্সিছকো ডি অৰেলেনাৰ নামেৰে এই কাম-সেন্দুৰৰ নাম Bixa orellana L.  বুলি ৰখা হয়। কাম-সেন্দুৰ ব্ৰাজিলত প্ৰথম পোৱা গৈছিল বুলি জনা যায়। তাত এই গছজোপাক ইউ’কোম বুলি কোৱা হৈছিল। পশ্চিম ভাৰতীয় দ্বীপ আৰু দক্ষিণ আমেৰিকাৰ লোকসকলে এই গছৰ ফল আৰু গছ দুয়োবিধকে Achiote বা Bija বুলি কৈছিল। ষোড়শ শতিকাৰ মেস্কিকান মনোস্ক্ৰিপ্ট ছবি আকোঁতে কাম-সেন্দুৰৰ ব্যৱহাৰ কৰা হৈছিল।

ভাৰতত এই একি অ’টকে ‘সেন্দুৰ’ নামেৰে জনা যায়। ইয়াক বিবাহিতা মহিলাৰ বাবে ম্ংগলজনক হিচাপে মনা হয়। অসমীয়াত ইয়াক ‘কাম সেন্দুৰ’ নামেৰে জনা যায়। এই সেন্দুৰ কপালত বা শিৰত লগালে মহিলা এগৰাকী বিবাহিত বুলি জনা যায়। ফিলিপাইনছত ইয়াক ‘atsute’ নামেৰে জনা যায় আৰু ইয়াক পৰম্পৰাগতভাৱে খাদ্যত ৰ্ং দিবলৈ ব্যৱহাৰ কৰা হয়।

কাম-সেন্দুৰৰ ছেইবোৰত ৰঙা গুটি পোৱা যায়। ইয়াৰ ফলটো হৃদযন্ত্ৰৰ আকাৰৰ আৰু ডাঠ কাঁইটীয়া চুলিৰে আৱৰা থাকে। ফলটো পূৰঠ হ’লেই বাকলিটো ফাটি যায় আৰু তেতিয়া ভিতৰৰ ৰঙা গুটিবোৰ দেখা যায়।

কাম-সেন্দুৰ গুটি আৰু মজ্জা কৌটিকালৰ পৰাই বিভিন্ন কামত ব্যৱহাৰ হৈ আহিছে। ব্যৱসায়িক ভিত্তিত গুটি আৰু মজ্জাৰ পৰা ৰ্ং উলিওৱা হয়। কাম-সেন্দুৰৰ বিভিন্ন ব্যৱহাৰ তলত উল্লেখ কৰা হ’ল- ইয়াক স্ংৰক্ষণ কৰা মাংস, স্ম’কড্‌ মাছ, বিভিন্ন পানীয় আৰু পেকেট কৰি ৰখা খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াক মাখন, কৃত্ৰিম মাখন, চ্চিজ আদিত ৰ্ং দিবলৈ ব্যৱহাৰ কৰা হয়। এইবোৰ কাৰণতে কাম-সেন্দুৰক ‘দুখীয়াৰ কেশৰ’ বুলি জনা যায়। কাৰণ ইয়াক ব্যৱহাৰ কৰি কেশৰৰ নিচিনা হালধীয়া ৰ্ং আনিব পাৰি। যিহেতু কেশৰৰ দাম অত্যধিক আৰু সাধাৰণ মানুহৰ বাবে ইয়াৰ ব্যৱহাৰ সহজ নহয়, সেইবাবে খাদ্যবস্তুত ৰ্ং দিবলৈ কাম-সেন্দুৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধও বিভিন্ন দেশৰ খাদ্যত ব্যৱহাৰ কৰা হয়।

কম-সেন্দুৰ টক’ট্ৰিয়েনল এণ্টিঅক্সিডেণ্টৰ এটা মূল উৎস আৰু ইয়াৰ গঠন আৰু কাম ভিটামিন ‘ই’ৰ নিচিনা। এই গুণৰ বাবেই ইয়াক কেন্সাৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰাৰ বাবে গৱেষণা চলি আছে। অতীজৰে পৰা ইয়াৰ গুটি শুকুৱাই গুড়ি কৰি পানীত মিহলাই সূতা ৰ্ং কৰি কাপোৰ বোৱা হৈছিল। অসমৰ বিভিন্ন ঠাইত কাম-সেন্দুৰৰ গছ দেখা যায়। বৰ্তমান সময়ত প্ৰাকৃতিক ৰঙৰ চাহিদ যিহেতু বৃদ্ধি পাই আহিছে আৰু আমাৰ সমাজত প্ৰাকৃতিক বস্তুবোৰৰ ওপৰত প্ৰাধান্য দিবলৈ ধৰিছে, গতিকে কাম-সেন্দুৰ গছৰ স্ংৰক্ষণ কৰি ইয়াৰ ব্যৱহাৰ বহুলভাৱে কৰাৰ থল আছে।

ৰঞ্জিতা বেজবৰুৱা(শৰ্মা), প্ৰান্তিক।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate