মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / খৰিচা বা বাঁহগাজৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খৰিচা বা বাঁহগাজৰ ঔষধি গুণ :

খৰিচা বা বাঁহগাজৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

১) বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।

২) ই আঁহযুক্ত আৰু কম চৰ্বিযুক্ত হয়।

৩) ই মানুহৰ কোষ্ঠকাঠিন্য দুৰ কৰিব পাৰে।

৪) বাঁহৰ গাজত যথেষ্ট ভিটামিন চেলুলজ আৰু এমিন’ এচিড পোৱা যায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়।

৫) বাঁহৰ গাজত ভিটামিন বি যথেষ্ট পৰিমাণে থাকে।

৬) ভিটামিন চি আৰু ই পোৱা যায়।

৭) ইয়াত লো, মেংগানিজ, দস্তা, পটাছিয়াম, ফছফৰাছ, ক্ৰমিয়াম, তাম আৰু কবাল্ট যথেষ্ট থাকে বুলি কোৱা হয়।

৮) ই মানুহৰ হজম শক্তি বঢ়ায়।

৯) উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

১০) কলেষ্ট’ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।

১১) বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।

বাঁহগাজ এটাৰ খাদ্যমৌল এনেধৰণৰ-

১) সজীৱ বাঁহগাজত প্ৰায়- ৮৮.৮ শতাংশ পানী

২) প্ৰ’টিন পোৱা যায় -০.৩ শতাংশ

৩) চৰ্বি পোৱা যায়-২.২ শতাংশ

৪) আঁহ পদাৰ্থ পোৱা যায়-৫.২ শতাংশ

৫) শ্বেতসাৰ পোৱা যায়- ৩.২ শতাংশ

৬) শৰ্কৰা জাতীয় মৌ-৮ গ্ৰাম

লেখক: ধনেশ্বৰ হুজুৰী (নন্দিনী )

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top