অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোমুত্ৰ আৰু ইয়াৰ ঔষধী গুনাগুণ :

 

ভাৰতবৰ্ষত পোহনীয়া সকলো পশুধনৰ ভিতৰত গৰুক যথেস্থ উচ্চ স্থানত ৰখা হৈছে যাক গোমাতা হিচাবে প্ৰাচীন কালৰে পৰা পুজা তথা মান্যতা প্ৰদান কৰা হৈছে । গৰুৰ গোবৰ বা মুত খিনি প্ৰাচীন কালৰে পৰা এতিয়ালৈকো ধৰ্মীয় কাম কাজত ব্যৱহৃত হোৱাৰ লগতে প্ৰতি গৃহস্থৰ ঘৰ চোতাল আদি শুচি কৰা কামত ব্যৱহাৰ কৰা হয় । জৈৱিক সাৰ হিচাবে কিমানখিনি উত্তম সকলোৱে জানোহক । মানুহৰ শৰীৰৰ বাবে গোবৰ আৰু মুত্ৰই কিদৰে উপকাৰ সাধন কৰিব পাৰে সেইতো অনেক লোকেই নাজানে যদিও পুজা বা ধৰ্মীয় কামত ভোগাদিত ব্যৱহৃত পঞ্চগব্য হিচাৱে খাওহক । আযুৰ্বেদত গোমুত্ৰ আৰু গোবৰক মানুহৰ দেহৰ বাবে এবিধ উৎকৃষ্ট ঔষধী বুলি বৰ্নিত আছে। গৌৰৱৰ বিষয় - আমাৰ ভাৰতৰ থলুৱা গৰুৰহে ওষধী গুণ বেচি ।  বৃটিচ সকলে অনভিজ্ঞতা বশতঃ তেওলোকৰ শাসনকালত ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰৰ ওপৰত প্ৰাধান্য নিদিয়াৰ ফলত ৫ হেজাৰৰো অধিক প্ৰাচীন আয়ুৰ্বেদৰ মুল্যৱান বিধান সমুহ লোপ পায় । তাৰ বিপৰীতে মাত্ৰ দুই আঢ়ৈ শ বছৰীয়া পুৰনী এলোপেথিক দৰৱৰ সহজলভ্যতাই আধুনিক সভ্য সমাজক ভাৰতীয় পৌৰানিক চিকিৎসা পদ্ধতিক পাহৰাবলৈ বাধ্য কৰাইছে । তাৰ প্ৰতিফল আজি প্ৰতিজন ভাৰতীয়ই ভুগিব ধৰিছো । গোমুত্ৰৰ বিষয়লৈ আহিলে দেখা যায় ইয়াৰ সেৱন বা বাহ্যিক প্ৰয়োগেৰে মানুহৰ দেহৰ নানা ৰোগৰ লগতে মাৰাত্মক কৰ্কট ৰোগ পৰ্যন্ত আৰোগ্য কৰাব পৰা গুণ আছে -যাৰ বিষয়ে অনেকে নাজানে। ( পলমকৈ হলেও গম পোৱাৰ পিচত বিদেশত ঔষধ প্ৰস্তুত কৰিব ধৰিছে । ভাৰততো আজিকালি চাবোন, ঔষধ আদি সহজলভ্য হৈছে )


কি আছে গোমুত্ৰত ?


পৃথিৱীত সকলো ঔষধৰ মুল উৎস হৈছে মাটি । মাটিৰ পৰাই উদ্ভিদ আৰু জীৱই সকলো ধৰনৰ পোষক দ্ৰব্য আহৰন কৰে আৰু তাৰ পৰাই ঔষধ সমুহ প্ৰস্তুত হয় । দেহক লগা সকলো সুক্ষ্ম পোষক দ্ৰব্য (Micro nutrient )মাটি বা প্ৰকৃতিতে আটাইতকৈ বেচি আছে আৰু তাৰ পিচতে আছে গোমুত্ৰ আৰু গোবৰত । লখ্ণৌৰ central drug research lnnstitute -ৰ পৰীক্ষামতে গোমুত্ৰ পাৰ্শক্ৰীয়া বিহীন । ইয়াত চালফাৰ ,কেলচিয়াম,আইৰন,মেঙ্গানিজ,কপাৰ,মেগনেচিয়াম, ,চিলিকন,ফচফৰাচ আদি ১৮বিধ পোষক দ্ৰব্য আছে -যিবোৰে আমাৰ নানা ৰোগ আৰোগ্য তথা ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।
এটা পৰীক্ষা আমিও কৰো আহক :-
ঘাত লগোৱা পনীয়া বেটাডিন ঔষধ এগিলাচ চফা পানীত ২চামুচ পেলাই দিয়ক ,লগতে কেইটামান চাউলো দিব । দেখিব পানী আৰু চাউল লেতেৰা ৰং ধৰিছে । এইবাৰ সেই পানীত ২চা: গোমুত্ৰ দিয়ক ,দেখিব পানী আৰু চাউল আগৰ নিচিনা হৈ গল।
কেনে গৰুৰ মুত্ৰ ঔষধৰ বাবে প্ৰযোজ্য :-অকল ভাৰতীয় থলুৱা গৰু আৰু গাভিনী নোহোৱা নিৰোগী মাইকী গৰু হব লাগিব । চেউৰী (কম বয়সৰ মাইকী গৰু) আৰু ক'লা গৰুৰ মুত্ৰ অতি উত্তম ।


কেইবিধমান ৰোগত গোমুত্ৰৰ ব্যৱহাৰ -


বাহ্যিক ব্যৱহাৰ :--

ক)খৰ ,খুজলী ,একজিমা , পুৰনি ঘা আদি ৰোগত গোমুত্ৰ +হালধি +নাৰ্জী-ফুল ৰ ৰস সমানে মিহলাই লগালে সোনকালে উপসম হয়।(গোমুত্ৰ চাবোন উপলব্ধ)।
খ) চকুত গোমুত্ৰ +পৰিস্কাৰ পানী মিহলাই ১টোপ কৈ দিলে দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ নানা ৰোগ প্ৰতিৰোধ কৰে ।
গ ) চুলিৰ যিকোনো সমস্যাত গোমুত্ৰত পানী মিহলাই সানি এঘন্টা পিচত ধুই দিব ।
ঘ) কান পকা, বিষ বা অন্নান্য সমস্যাত এটোপকৈ দিলে উপসম হয় ।
ঙ )মুখৰ ভিতৰত ঘা হলে গোমুত্ৰ মুখত কিছুসময় লৈ পেলাই দিব (দিনত দুবাৰ)
চ) ভৰিৰ গোৰোহা ফাটিলে গোমুত্ৰ লগালে ভাল হয় ।
খোৱা দৰৱ হিচাবে গোমুত্ৰ :-- কবলৈ গলে গোমুত্ৰ খোৱাৰ কথা ভাবিবই নোৱাৰি । অৱশ্যে আজিকালি বোটলত কিনিবলৈ পোৱা যায়( আয়ু: ফাৰ্মাচীত)
ৰোগ সহজতে আৰোগ্য হোৱাৰ কথা ভাবিলে ঘিণ লাগিলেও খাবলৈ অভ্যাস কৰিব লাগিব ।
খোৱাৰ পৰিমান :- আধা কাপ : খালি পেটত।
কি কি ৰোগত খাব ?
ক) বাত বিষ ,সন্ধিবাত, গাথিৰ বিষ ,উঠা বহাত কষ্ট কোমৰ বিষ বা অৰ্থোৰাইটিচ আদিৰ বাবে নিয়মিত গোমুত্ৰ খালে উপসম হয় । হাড়ত শুকাই যোৱা তৈল পদাৰ্থ Lubricent পৰিপুৰন কৰায়।
খ) পিত্ত দোষ , কৌষ্ঠকাঠিন্য ,যকৃতদোষ বা পিত্তজনিত পেটৰ নানা ৰোগত শিলিখা সহ খালে আৰোগ্য হয় ।
গ) টি বি ,কফ বা কফজনীত যিকোনো ৰোগত গোমুত্ৰ পান অতি উপকাৰী ।
ঘ) বাত , পিত্ত ,কফৰ সন্তুলন হয় আৰু বাত-পিত্ত-কফ জনীত ৫০ৰো অধিক ৰোগ প্ৰতিৰোধ হয়।
ঙ) মধুমেহ ৰোগীৰ বাবে উপকাৰী । (কঠিন মধুমেহ ৰোগীয়ে আয়ু: চিকিৎসকক জনাই খাব)
চ) কৰ্কট ৰোগত যথেস্থ্য উপকাৰী ( চিকিৎসকক পৰামৰ্শ মতেহে খাব পাৰিব )।

লেখক: যতীন দাস

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate