অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘোঁৰা নিম :

ঘোঁৰা নিমৰ বিষয়ে লিখা হৈছে ।

 

ঘোঁৰা নিম এবিধ আমাৰ সকলোৰে পৰিচিত গছ। ইয়াৰ ইংৰাজী নাম পাৰ্ছিয়াক লিলেক। ইয়াৰ বাহিৰেও হোৱাইট চিডাৰ আৰু চাইনাবেৰী নামেৰেও ইয়াক জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম মেলিয়া আজেডেৰাক।

ঘোঁৰা নিম দহ-বাৰ মিটাৰ ওখ হয়। এই গছৰ বাকলি ডাঠ আৰু মাটিয়া বৰণৰ। ই চিৰসেউজীয়া গছ। পাতবোৰ ৩০ৰ পৰা ৬০ চেন্টিমিটাৰ দীঘল হয়। পাতৰ ৰং সেউজীয়া। মাৰ্চৰ পৰা আগষ্ট মাহৰ ভিতৰত থোপাকৈ অসংখ্য ফুল লাগে। ফুল তৰাকৃতিৰ। ফুল সুগন্ধি, সৰু, পাতল কজলা বগা বৰণৰ। ফল কেঁচা অৱস্থাত সেউজীয়া। পূৰঠ হ’লে হালধীয়া বৰণৰ হয়। ঘোঁৰা নিমৰো ঔষধি গুণ আছে। ইয়াৰ ফুল, বাকলি, ফল, পাত আদি মূৰৰ বিষ, শ্বাসৰোগ, ঘূৰণীয়া কৃমি আদি ৰোগত ব্যৱহাৰ হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top