মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঘেঁহুবন বা Wheat grass :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘেঁহুবন বা Wheat grass :

ঘেঁহুবন বা Wheat grass ৰ বিষয়ে লিখা হৈছে ।

তেজ বা ৰক্তৰ বৰণ ৰঙা কিন্তু ঘেঁহু বনক Green blood বা হৰিৎ ৰক্ত বুলি কোৱা হয়৷ কাৰণ ঘেঁহুৰ সৰু সৰু সেউজীয়া কঠিয়াৰ মানব শৰীৰত শুদ্ধ ৰক্ত তৈয়াৰ কৰাৰ অদ্ভুত ক্ষমতা আছে৷

ইয়াক Green blood কোৱাৰ আন এটা কাৰণ হ'ল/ ৰাসায়নিক পৰ্য্যবেক্ষন কৰিলে ঘেঁহু বনৰ ৰস আৰু মানব শৰীৰৰ তেজৰ ph ফেক্টৰ ৭.৫/ যিটো কাৰণত এই ৰস সেবন কৰিলে তেজত ইয়াৰ অভিশোষণ তাৎক্ষণিক প্ৰক্ৰিয়াত হয়৷

ৰক্তাল্পতা আৰু জণ্ডিচ ৰোগীৰ বাবে ই প্ৰকৃতি প্ৰদত্ত এক অমৃত হৈ পৰে৷ ঘেঁহু বনৰ ৰস নিয়মীত সেবল আৰু নাড়ী শোধন প্ৰাণায়াম কৰিলে মানব শৰীৰৰসমস্ত নাড়ী শোধণ হৈ সমস্ত প্ৰকাৰৰ ৰক্তাল্পতা আৰু ৰক্ত বিকাৰৰ পৰা মুক্ত হয়l

ঘেঁহুবনৰ ৰসত পৰ্য্যাপ্ত ক্লৰফিল থাকে যি ৰক্ত গঠন সক্ৰিয়তাৰে কৰে৷ইয়াত ভিটামিন B/C আৰু E প্ৰচুৰ পৰিমানে থাকে৷ যদি আপুনি ভয়ঙ্কৰ ৰোগত ভুগীছে আৰু বিভিন্ন চিকিৎসা লৈ হতাশ হৈছে বা ঔষধ সেবন কৰি কৰি ভাগৰি পৰিছে ঘেঁহুবনৰ ৰস নিশ্চিত ভাবে পৰীক্ষা কৰক৷

*Wheat grass juice কেনচাৰ কিলাৰ/কেনচাৰ ৰোগীয়ে ইয়াক ইয়াক নিয়মীত খাব লাগে৷

*মধুমেহ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ৷

*ৰক্তাল্পতা শীঘ্ৰে নিৰাময় কৰে৷

*হৃদৰোগীৰ বাবে অমৃত৷

*গৰ্ভবতী মহিলাৰ বাবে জৰুৰী আহাৰ আৰু ঔষধ৷

*শৰীৰৰ টক্সিন বাহিৰ কৰে৷

*অবেচিটি বা মোটাহোৱা ৰোগ নিৰাময় কৰে৷

*প্ৰাণশক্তি সঞ্চাৰ ও বৃদ্ধি কৰে৷

ঘেঁহুবনৰ গুৰিৰ বগা অংশ কাটি পেলাই দি বনখিনি ধুই সেউজীয়া অংশৰ ৰস সেবন কৰিব৷ পূলি ৫/৬ ইঞ্চিতকৈ ডাঙৰ হব নালাগে৷

ধাৰাবাহিক যোগান আৰু সেবনৰ বাবে ১৫ টা টাব সংগ্ৰহ কৰি এদিন এদিনকৈ একোটা টাবত ৫০ গ্ৰামকৈ ঘেঁহু চটিয়াব৷ ১৫ নং টাবত বীজ দিয়াৰ দিনা ১ নং টাবৰ ঘেঁহুবনৰ ৰস খাব পৰা হব৷ ঘেঁহু গছবোৰ উভালি লৈ সেইদিনাই পুনৰ বীজ সিঁচিব৷ এই প্ৰক্ৰিয়াৰে ৰোগীয়ে ধাৰাবাহিক wheat grass juice পাই থাকিব৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top