মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / চিৰতাৰ বিষয়ে লিখা হৈছে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিৰতাৰ বিষয়ে লিখা হৈছে

চিৰতাৰ বিষয়ে লিখা হৈছে

 

চিৰতা মূলৰুপত নেপাল, কাশ্মীৰ আৰু হিমালয়ত পোৱা যায় । ইয়াৰ ফুলবোৰ বাৰিষাকালত প্ৰস্ফুটিত হয় আৰু ফলবোৰ শীতকালত লাগে ।

চিৰতাৰ সোৱাদ সাধাৰণতে তিতা । চিৰতা এবিধ এণ্টিবায়টিক ঔষধি হয়, যি শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে । প্ৰতিদিনে ইয়াৰ সেৱনৰ ফলত বীজাণুসমূহ নষ্ট হয় আৰু ৰোগসমূহ দূৰ হয় ।

আয়ুৰ্ৱেদ অনুসৰি চিৰতাৰ প্ৰয়োগেৰে জ্বৰ,জ্বলা-পোৰা, কৃমি, ত্ৰিদোষ(কফ, বাত আৰু পিত্ত), অজীৰ্ণ, অম্লপিত্ত, কোষ্ঠকাঠিণ্য, অতিসাৰ, জণ্ডিছ, পিয়াহ, হৃদয়ৰ দূৰ্বলতা, ৰক্তপিত্ত, ৰক্তবিকাৰ, ছালৰ ৰোগ, মধুমেহ, গাঠিৰ বিষ তথা অন্যান্য ৰোগসমূহৰ পৰা হাত হাৰিব পাৰি ।

চিৰতাৰ কেইটামান প্ৰয়োগ -

(১) চিৰতা পানীত ঘহি চকুত লগালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় আৰু চকুৰ অনেক ৰোগত আৰাম পোৱা যায় ।

(২) জ্বৰ হলে এগিলাচ পানীত চিৰতাৰ চাৰি চামুচ চূৰ্ণ(মিহি গুড়ি) এৰাতি তিয়াই ৰাখক । পিছদিনা সেই পানীগিলাচ চাকি আধা আধাকৈ দিনে তিনি চাৰিবাৰলৈ খালে জ্বৰ নোহোৱা হয় ।

(৩) চিৰতাৰ তেলেৰে শৰীৰত মালিচ কৰিলে জ্বৰ, জণ্ডিছ আৰু শাৰীৰিক দূৰ্বলতা দূৰ হয় ।

(৪) চিৰতাৰ ৰস আৰু কমলাৰ ৰস একেলগে মিহলাই দিনে তিনিবাৰকৈ খালে মেলেৰিয়া ৰোগত আৰাম পোৱা যায় ।

(৫) শোৱাৰ সময়ত চিৰতাৰ পাতবোৰ পানীত তিয়াই ৰাখক আৰু ৰাতিপুৱা খালিপেটত সেই পানী সেৱন কৰক । ইয়াৰ ফলত তেজ পৰিষ্কাৰ হয় আৰু ছালৰ ৰোগসমূহ নাশ হয় ।

(৬) শিশুৰ পেটত কৃমি হোৱাৰ সমস্যা প্ৰায়েই থাকে । এইক্ষেত্ৰত চিৰতা, তুলসীৰ ৰস আৰু নিমৰ ছাল একেলগে পিহি পোৱা ডাঠ পানীয় নিম তেলৰ লগত মিহলাই খুৱালে পেটৰ কৃমিসমূহ নাশ হয় ।

চিৰতা যদিও আয়ুৰ্ৱেদিক ঔষধি হিচাপে প্ৰয়োগ কৰা হয়, ইয়াৰ অত্যাধিক প্ৰয়োগ শৰীৰৰ মাৰাত্মক হব পাৰে । সেয়ে এইবিধ বনৌষধি ব্যৱহাৰ কৰাৰ আগেয়ে কোনো দক্ষ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top